ETV Bharat / sports

IND vs NZ 2023 : নিউজীলেণ্ডৰ বিৰুদ্ধে ছামীৰ ৫ টা উইকেট দখল, ৰোহিত শৰ্মাৰ প্ৰশংসা

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 8:12 AM IST

Updated : Oct 23, 2023, 12:05 PM IST

চলিত বিশ্বকাপ ক্ৰিকেটত অপৰাজেয় ভাৰত । দেওবাৰে ৪ উইকেটত নিউজীলেণ্ডক পৰাস্ত ৰোহিত বাহিনীৰ । ছামীৰ সৰ্বাধিক ৫ টা উইকেট আৰু বিৰাট কোহলীৰ ৯৫ ৰাণৰ বিজয়ী ইনিংছ । ছামী আৰু বিৰাট কোহলীক প্ৰশংসা ৰোহিত শৰ্মাৰ ।

IND vs NZ 2023
নিউজীলেণ্ডৰ বিৰুদ্ধে ছামীৰ ৫ টা উইকেট দখল, ৰোহিত শৰ্মাৰ প্ৰশংসা

স্পৰ্টছ ডেস্ক,২৩ অক্টোবৰ : চলিত এদিনীয়া বিশ্বকাপত ভাৰতৰ দপদপনি অব্যাহত আছে । ভাৰতে এতিয়ালৈ ৫ খন মেচ খেলিছে আৰু কোনো এটা প্ৰতিদ্বন্দী দলে পৰাস্ত কৰিব পৰা নাই ভাৰতক । দেওবাৰে ধৰ্মশালাত নিউজীলেণ্ডৰ বিৰুদ্ধেও ভাৰতে ৪ উইকেটত বিজয় সাব্যস্ত কৰে ।

চলিত বিশ্বকাপৰ পূৰ্বৰ ৪ খন খেলত জয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষত আছিল নিউজীলেণ্ড আৰু শক্তিশালী দলটোক ভাৰতে পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষৰ স্থান দখল কৰে । অৱশ্যে দেওবাৰৰ খেলখনত পেচাৰ মহম্মদ ছামী আৰু ৰাণ মেচিন বিৰাট কোহলীৰ উৎকৃষ্ট প্ৰদৰ্শনে দলটোক যথেষ্ট পৰিমাণে সহায় কৰিছে ।

খেলখনত মহম্মদ ছামীয়ে ৫৪ ৰাণ দি ৫ টা উইকেট দখল কৰে । ডেৰিল মিচেলৰ ১৩০ ৰাণৰ দায়িত্বশীল ইনিংছৰ স্বত্বেও ছামীৰ উন্নত প্ৰদৰ্শনৰ বাবে নিউজীলেণ্ডক ২৭৩ ৰাণতে বান্ধি ৰাখিলে ভাৰতে । চেজ মাষ্টাৰ বিৰাট কোহলীয়েও ৰাণৰ টাৰ্গেট অনুসৰণ কৰি ৯৫ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে তেওঁৰ শতকলৈ সকলোৱে অপেক্ষা কৰি আছিল ।

দলটোৰ প্ৰদৰ্শনত আনন্দিত অধিনায়ক ৰোহিত শৰ্মা । ছামীক তেওঁৰ অবিশ্বাস্য প্ৰদৰ্শনৰ বাবে ৰোহিত শৰ্মাই প্ৰশংসা কৰে । ৰোহিত শৰ্মাই খেলৰ অন্তত কয় যে প্ৰতিযোগিতাখনত ভাৰতে এক সুন্দৰ আৰম্ভণি পাইছে । কিন্তু কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই । একে ধাৰা অব্যাহত ৰখাটো বেছি গুৰুত্বপূৰ্ণ । আগলৈ কি হ'ব চিন্তা কৰি লাভ নাই । বৰ্তমান কি হৈ আছে সেয়াহে গুৰুত্বপূৰ্ণ । ৰোহিত শৰ্মাৰ মতে মহম্মদ ছামীয়ে সুন্দৰ সুযোগ লাভ কৰিছে । এনে পৰিস্থিতিত ছামী অভিজ্ঞ আৰু উন্নত শ্ৰেণীৰ খেলুৱৈ বুলিও ৰোহিতে প্ৰশংসা কৰে ।

ৰোহিত শৰ্মাৰ মতে খেলখনৰ এটা পৰ্যায়ত নিউজীলেণ্ডে ভাৰতৰ সন্মুখত ৩০০ৰো অধিক লক্ষ্য ৰাখিব বুলি ভাবিছিল । কিন্তু ইয়াৰ বাবে ভাৰতীয় বলাৰসকলক তেওঁ কৃতিত্ব প্ৰদান কৰে । অপেনিং বেটিং সন্দৰ্ভত ৰোহিতে কয় যে তেওঁ আৰু শুভমন গিলৰ ব্যক্তিত্ব বেলেগ বেলেগ হ'লেও তেওঁলোক ইজনে সিজনৰ পৰিপূৰক । খেলখনত জয়ী হোৱা বাবে তেওঁ যথেষ্ট সুখী বুলিও উল্লেখ কৰে । ইফালে আন মেচ বিজয়ী ইনিংছৰ বাবে ৰোহিত শৰ্মাই বিৰাট কোহলীক প্ৰশংসা কৰে । ৰোহিত শৰ্মাৰ মতে বহু বছৰ ধৰি ভাৰতীয় দলৰ বাবে বিৰাটে এই কাম কৰি আহিছে । এই কামৰ বাবে তেওঁ নিজকে যোগ্য কৰি তুলিছে বুলিও ৰোহিতে কোহলীক প্ৰশংসা কৰে । মাজতে ভাৰতে কেইটামান উইকেট হেৰুওৱাৰ পাছত বিৰাট আৰু জাদেজাই পুনৰ খেলখন ভাৰতৰ হাতলৈ আনিছিল বুলিও কয় ৰোহিতে ।

প্লেয়াৰ অফ দ্য মেচৰ সন্মান লাভ কৰা ছামীয়েও নিজৰ প্ৰদৰ্শনক লৈ সন্তুষ্ট হৈছে । ছামীৰ মতে প্ৰথম বলটোতে উইকেট লোৱাৰ পাছত তেওঁ যথেষ্ট আত্মবিশ্বাসী হৈছিল । ছামীৰ মতে যদি সতীৰ্থসকলে ভাল প্ৰদৰ্শন কৰি আছে, আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত ।

লগতে পঢ়ক :ICC world cup 2023: ভাৰতৰ হাতত 4 উইকেটত পৰাস্ত কিৱি বাহিনী; পইন্ট তালিকাৰ শীৰ্ষত ৰোহিত বাহিনী

Last Updated : Oct 23, 2023, 12:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.