ETV Bharat / sports

ICC world cup 2023: ভাৰতৰ হাতত 4 উইকেটত পৰাস্ত কিৱি বাহিনী; পইন্ট তালিকাৰ শীৰ্ষত ৰোহিত বাহিনী

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 3:23 PM IST

Updated : Oct 22, 2023, 10:36 PM IST

ICC world cup 2023
ধৰমশালাত ভাৰত-নিজীলেণ্ডৰ যুঁজ

ধৰমশালাত নিউজীলেণ্ডক 4 উইকেটত পৰাস্ত কৰে টীম ইণ্ডিয়াই ৷ নিজৰ মূল একাদশত দুটা পৰিৱৰ্তন ঘটাই খেলপথাৰত নামিছিল ভাৰত ৷

স্পৰ্টছ ডেস্ক, 22 অক্টোবৰ : ধৰমশালাৰ এইচ পি চি এ ষ্টেডিয়ামত দেওবাৰে ভাৰতে নিউজীলেণ্ডক 4 উইকেটত পৰাস্ত কৰে ৷ 274 ৰাণৰ লক্ষ্য আগত লৈ ভাৰতে 48 অভাৰত 6 উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ৷ মহম্মদ শ্বামিক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা ৷

নিজৰ ইনিংছ আৰম্ভ কৰি ভাৰতে অধিনায়ক ৰোহিত শৰ্মা আৰু শুভমন গিলে স্বভাৱ সুলভ বেটিঙেৰে দলক এক শক্তিশালী আৰম্ভণি দিয়ে ৷ ব্যক্তিগত 46 ৰাণত ৰোহিত শৰ্মা আৰু 26 ৰাণত শুভমন গিল পেভিলিয়নমুখী হোৱাৰ পাছত তাৰকা খেলুৱৈ বিৰাট কোহলীয়ে দলক লক্ষ্যত উপনীত কৰাৰ দায়িত্ব কান্ধ পাতি লয় ৷ মাত্ৰ 5 ৰাণৰ বাবে শতক বঞ্চিত কোহলীয়ে 104 টা বলত 95 ৰাণ সংগ্ৰহ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে শ্ৰেয়াছ আয়াৰে 29 টা বলত 33 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে কে.এল.ৰাহুলে 35 টা বলত 27 ৰাণ সংগ্ৰহ কৰে ৷ ৰবীন্দ্ৰ জাডেজাই 44 টা বলত 39 ৰাণ কৰি অপৰাজিত হৈ থাকে ৷ আজিৰ খেলত দললৈ প্ৰত্যাৱৰ্তন ঘটা সূৰ্যকুমাৰ যাদৱ 2 ৰাণ সংগ্ৰহ কৰি ৰাণ আউটৰ চিকাৰ হয় ৷

নিউজীলেণ্ডৰ হৈ ল’কী ফাৰ্গুছনে সাৰ্বাধিক 2টা উইকেট দখল কৰাৰ বিপৰীতে ট্ৰেন্ট ব’ল্ট, মিটছেল চেন্টনাৰ আৰু মেট হেনৰীয়ে এটাকৈ উইকেট দখল কৰে ৷

ফাষ্ট বলাৰৰ বাবে ধৰমশালা খেলপথাৰখন সহায়ক বুলি বিবেচিত হোৱাৰ লগতে সন্ধিয়া নিয়ৰ পৰাৰ কথা মনত ৰাখি ভাৰতীয় অধিনায়ক ৰোহিত শর্মাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় ৷ প্ৰথমে বেটিঙৰ আমন্ত্ৰণ লাভ কৰা কিৱি বাহিনীয়ে নিৰ্ধাৰিত 50 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ডাৰেল মিটছেলৰ শতকৰে 273 ৰাণ সংগ্ৰহ কৰে ৷ প্ৰথম অৱস্থাত নিয়ন্ত্ৰিত বলিঙৰ সহায়ত কিৱি বাহিনীক ভাৰতীয় বলাৰে বিপাঙত পেলাইছিল যদিও 2 টা উইকেটৰ পতনৰ পাছত ডাৰেল মিটছেল আৰু ৰাছিন ৰবীন্দ্ৰই দলক এক শক্তিশালী স্থিতিত উপনীত কৰায় ৷ ডাৰেল মিটছেলে 127 টা বলত 130 ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলি মহম্মদ শ্বামিৰ বলত নিজৰ উইকেট বিসৰ্জন দিয়ে ৷ ৰাছিন ৰবীন্দ্ৰই 87 টা বলত 75 ৰাণ সংগ্ৰহ কৰি শ্বামিৰ বলতে পেভিলিয়নমুখী হয় ৷

ডাৰেল মিটছেল আৰু ৰাছিন ৰবীন্দ্ৰৰ উইকেটৰ পতনৰ পাছত দলৰ বাকী বেটছমেনকেইজন ৰাণ সংগ্ৰহত ব্যৰ্থ হয় ৷ দললৈ প্ৰত্যাৱৰ্তন ঘটা মহম্মদ শ্বামিয়ে কিৱি দলৰ 5 টা উইকেট দখল কৰি ত্ৰাসৰ সৃষ্টি কৰে ৷ কুলদীপ যাদৱে দখল কৰে 2 টা উইকেট ৷ যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজে এটাকৈ উইকেট দখল কৰে ৷ উল্লেখ্য যে, আজিৰ মেচখনত ভাৰতীয় স্পীনাৰ চূড়ান্তভাৱে ব্যৰ্থ হোৱা পৰিলক্ষিত হয় ৷ ছেমি ফাইনেলত প্ৰৱেশৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই মেচখনত টিম ইণ্ডিয়াই নিজৰ প্লেয়িং-11ৰ ক্ষেত্ৰত দুটা পৰিৱৰ্তন আনে ৷

শ্বামি-সূৰ্যকুমাৰৰ প্ৰত্যাৱৰ্তন-

নিউজীলেণ্ডৰ বিৰুদ্ধে মেচখনৰ বাবে টিম ইণ্ডিয়াই মূল একাদশত দুটা পৰিৱৰ্তন আনে ৷ বাংলাদেশৰ বিৰুদ্ধে খেলখনত আঘাতপ্ৰাপ্ত অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ ঠাইত সোঁহাতৰ বেটছমেন সূৰ্যকুমাৰ যাদৱক মূল একাদশত অন্তৰ্ভুক্ত কৰা হয় ৷ আনহাতে পৰিৱৰ্তনৰ ৰূপত ভাৰতে বলিং অলৰাউণ্ডাৰ শ্বাৰ্দুল ঠাকুৰৰ ঠাইত বেগী বলাৰ মহম্মদ শ্বামিক মূল একাদশত অন্তৰ্ভুক্ত কৰে ৷

ভাৰতৰ মূল একাদশ-

ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাডেজা, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ শ্বামি, মহম্মদ চিৰাজ ৷

নিউজীলেণ্ডৰ মূল একাদশত কোনো পৰিৱৰ্তন নাই-

ভাৰতৰ বিৰুদ্ধে এইখন খেলৰ বাবে মূল একাদশত কোনো পৰিৱৰ্তন কৰা নাই কিৱি বাহিনীয়ে ৷ আফগানিস্তানৰ বিৰুদ্ধে অন্তিমখন খেলৰ পৰা বিজয়ী কম্বিনেচনেৰে ভাৰতৰ বিৰুদ্ধে খেলপথাৰত নামিছে নিউজীলেণ্ডে ৷ নিয়মীয়া অধিনায়ক কেন উইলিয়ামছন আঘাতপ্ৰাপ্ত, তেওঁৰ ঠাইত উইকেটকীপাৰ বেটছমেন টম লাথামে দলটোৰ কমাণ্ড কৰিছে ৷

লগতে পঢ়ক : Dharamshala Cricket Stadium : বিশ্বৰ ভিতৰতে কিয় ব্যতিক্ৰম ধৰ্মশালা ষ্টেডিয়াম ?

Last Updated :Oct 22, 2023, 10:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.