ETV Bharat / sports

Dharamshala Cricket Stadium : বিশ্বৰ ভিতৰতে কিয় ব্যতিক্ৰম ধৰ্মশালা ষ্টেডিয়াম ?

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 10:15 AM IST

আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ধৰ্মশালাত অনুষ্ঠিত হ'ব বিশ্বকাপৰ গুৰুত্বপূৰ্ণ খেলখন । তাৰ পূৰ্বে যথেষ্ট চৰ্চা লাভ কৰিছে ধৰ্মশালা ষ্টেডিয়ামে । পৃথিৱীৰ সৰ্বোচ্চ ষ্টেডিয়ামখনৰ কি কি বিশেষত্ব আছে ।

Dharamshala Cricket Stadium
বিশ্বৰ ভিতৰতে কিয় ব্যতিক্ৰম ধৰ্মশালা ষ্টেডিয়াম

স্পৰ্টছ ডেস্ক,২২ অক্টোবৰ : বিশ্বকাপ ক্ৰিকেট চলি আছে । বিশ্বকাপৰ বাবে ভাৰতৰ প্ৰতিখন ক্ৰিকেট ষ্টেডিয়ামে নতুন ৰূপত সজাই তোলা হৈছে । কিন্তু সকলো ষ্টেডিয়ামৰ তুলনাত হিমাচল প্ৰদেশৰ ধৰ্মশালা ক্ৰিকেট ষ্টেডিয়াম এইবাৰ আটাইতকৈ বেছি চৰ্চিত হৈছে । খেলপথাৰখনৰ আউটফিল্ডক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া হৈছে যদিও যি স্থানত এই খেলপথাৰখন আছে সেয়া সকলোৰে বাবে আশ্চৰ্যকৰ । মনোৰম প্ৰাকৃতিক পৰিৱেশে এই ষ্টেডিয়ামৰ প্ৰতিগৰাকী দৰ্শক আৰু খেলুৱৈক আকৰ্ষণ কৰি আহিছে । ইয়াৰ পৰা কেৱল খেলে নহয় হিমালয়ৰ মনোৰম দৃশ্যও উপভোগ কৰিব পাৰে দৰ্শকসকলে ।

ধৰ্মশালা হৈছে পৃথিৱীৰ সৰ্বোচ্চ ক্ৰিকেট ষ্টেডিয়াম । সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৪৫৭ মিটাৰ উচ্চতাত আছে এই ষ্টেডিয়ামখন । যাৰ বাবে এই ষ্টেডিয়ামখন নিৰ্মাণক কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে । পাহাৰৰ ওপৰেৰে এক অদ্ভুত ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰাটো ইমান সহজ কাম নহয় । প্ৰথমে পাহাৰৰ ঢাল এটা বৃত্তাকাৰ মালভূমিৰ আকৃতিত কাটি পেলোৱা হয় । ২১,৮০০ খন আসনৰ ক্ষমতাৰ খেলপথাৰখন এই ছিজনত বিশ্বকাপক সন্মান জনোৱাৰ বাবে আইচিচিয়ে ৰঙীন কৰি তুলিছে । ষ্টেডিয়ামখনৰ পৰা এটা ফালে চালে আপুনি গভীৰ উপত্যকা দেখিব আৰু আনফালে পৰ্বতৰ উচ্চ শৃংগবোৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

পৃথিৱীত এনে বহু ষ্টেডিয়াম আছে যিবোৰ পাহাৰৰ মাজত আছে কিন্তু ধৰ্মশালা একমাত্ৰ যি হিমালয়ৰ কাষত নিৰ্মাণ কৰা হৈছে । ই পৃথিৱীৰ একমাত্ৰ ক্ৰিকেট ষ্টেডিয়াম য'ত ধৰ্মগুৰু দালাই লামাই বহি এখন খেল সম্পূৰ্ণকৈ চাইছিল ।

হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েশ্যনৰ কাৰ্যবাহী সদস্য মোহিত সুদে কোৱা মতে ষ্টেডিয়ামখনৰ অৱস্থান সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ দৃষ্টি আছিল । পাহাৰৰ এঢলীয়া ঠাইখিনিত এখন ষ্টেডিয়ামৰ কল্পনা কৰা হৈছিল । অৱশেষত কল্পনাৰ অন্তত এখন ষ্টেডিয়াম নিৰ্মাণ হ'ল । হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েশ্যনৰ কাৰ্যবাহী সদস্য মোহিত সুদৰ মতে ষ্টেডিয়ামখন আৱৰি আছে বহু হিমাচলী মন্দিৰ স্থাপত্যই । বিশ্বৰ অন্যতম আকৰ্ষণীয় ষ্টেডিয়াম দক্ষিণ আফ্ৰিকাৰ কেপ টাউনৰ নিউলেণ্ডছ ক্ৰিকেট গ্ৰাউণ্ডক এই ধৰ্মশালা ষ্টেডিয়ামৰ সৈতেও তুলনা কৰিছে হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েশ্যনে ।

উল্লেখ্য যে ধৰ্মশালা ষ্টেডিয়ামে এইবাৰ প্ৰথমবাৰৰ বাবে ৫ খন বিশ্বকাপ মেচ আয়োজন কৰিবলৈ সুযোগ পাইছে । অৱশ্যে মোহিত সুদে জনোৱা মতে ইয়াৰ পূৰ্বে ধৰ্মশালাত টি-২০ বিশ্বকাপৰ খেল আয়োজন কৰা হৈছিল । কিন্তু আউটফিল্ড যথেষ্ট ওখ চাপৰ আছিল আৰু খেলুৱৈসকল সমস্যাৰ সন্মুখীন হৈছিল । সুদে জনোৱা মতে তাত প্ৰথমে বাৰ্মুডা ঘাঁহ আছিল আৰু শেহতীয়াকৈ তাত ৰাই ঘাঁহ ৰোপন কৰা হৈছে ।

আকৰ্ষণীয় ষ্টেডিয়ামখনত আন্তৰ্জাতিক খেল আৰম্ভ হোৱাৰ পাছৰে পৰা ষ্টেডিয়ামৰ আধুনিকীকৰণত অধিক গুৰুত্ব আৰোপ কৰা হৈছে । লেজাৰ-সহায়ক পাইপ স্থাপন কৰা হৈছে যিবোৰ সোনকালে পানী নিষ্কাষণ কৰিব পাৰে । ধৰ্মশালা দেশৰ দ্বিতীয় আটাইতকৈ আৰ্দ্ৰ চহৰ হোৱা স্বত্বেও ১০ মিনিটৰ ভিতৰতে ষ্টেডিয়ামৰ পানী শুকাই দিব পৰা ব্যৱস্থা আছে ।

ষ্টেডিয়ামখনৰ পিটছখনে চিমাৰ আৰু স্পিনাৰসকলক যথেষ্ট সহায় কৰে । ইয়াৰ উইকেট পৰম্পৰাগতভাৱে কঠিন আৰু কেতিয়াবা কিছু ঘাঁহ থাকে । ইয়াত শীতকাল দীঘলীয়া হোৱাৰ লগতে ধাৰাসাৰ বৰষুণ আৰু অত্যাধিক আৰ্দ্ৰতা হোৱা স্বত্বেও আউটফিল্ডৰ ঘাঁহবোৰ শক্তিশালী আৰু সেউজীয়া হৈ থাকে ।

হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েশ্যনৰ কাৰ্যবাহী সদস্য মোহিত সুদে উল্লেখ কৰা মতে ইয়াৰ আউটফিল্ড স্ক্ৰেচ্চি যদিও ই ফিল্ডাৰসকলৰ বাবে বিপদজনক নহয় । ষ্টেডিয়ামখন ২০০৫ চনত মুকলি হৈছিল যদিও তাৰ ৮ বছৰ পাছতহে প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল । ইফালে ষ্টেডিয়ামৰ এল.ই.ডি. লাইটবোৰো নিয়মীয়া লাইটবোৰতকৈ তিনিগুণ অধিক শক্তিশালী । যাৰ বাবে ষ্টেডিয়ামখন আলোকিত হৈ থাকে । ২৬ টা আধুনিক শৌচালয় আৰু এটা প্ৰেছ বাকচ আছে ।

অৱশ্যে আন ডাঙৰ চহৰৰ ষ্টেডিয়ামৰ তুলনাত ইয়াত আন্তঃগাঁথনি পৰ্যাপ্ত নহয় । চহৰখন সৰু, হোটেল সীমিত আৰু শীতৰ নিশা কুঁৱলিৰ বাবে কিছু সমস্যা হয় । নিশা পতংগৰ জাকবোৰেও সমস্যাৰ সৃষ্টি কৰে । যাৰ ফলত মাজভাগত খেলখন আমনিদায়ক হয় । সুদে আশ্বাস দিছে যে এই সমস্যা সমাধানৰ বাবে বিশেষ ফগিং কৰা হৈছে । ইয়াত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত সৰ্বাধিক ৩৬৪/৯ স্ক'ৰ হৈছে । আনহাতে ভাৰত আৰু শ্ৰীলংকাৰ মাজত সৰ্বনিম্ন স্ক'ৰ হৈছে ১১২/১০ (৩৮.২ অভাৰ) ।

লগতে পঢ়ক :Cricket World Cup 2023 : ভাৰত বনাম নিউজীলেণ্ড; ধৰমশালা পিটছ পেচাৰৰ বাবে স্বৰ্গত পৰিণত হোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.