ETV Bharat / sports

Cricket World Cup 2023 : ভাৰত বনাম নিউজীলেণ্ড; ধৰমশালা পিটছ পেচাৰৰ বাবে স্বৰ্গত পৰিণত হোৱাৰ সম্ভাৱনা

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 10:39 PM IST

দেওবাৰে ধৰমশালাত ভাৰতৰ মুখামুখি হ’ব নিউজীলেণ্ড ৷ পেচ বলাৰসকলৰ বাবে পিটচখন সহায়ক বুলি গণ্য কৰা হয় আৰু অনুৰাগীৰ মাজত উৎসাহ ইমানেই বেছি যে প্ৰতিযোগিতাখনৰ সকলো টিকট বিক্ৰী হৈ গৈছে ৷

Cricket World Cup 2023
ভাৰত বনাম নিউজীলেণ্ড

স্পৰ্টছ ডেস্ক, 21 অক্টোবৰ : 22 অক্টোবৰত হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত ভাৰত আৰু নিউজীলেণ্ডৰ মাজত আই চি চি বিশ্বকাপ 2023ৰ এক ৰোমাঞ্চকৰ মেচ অনুষ্ঠিত হ’ব ৷ খেলৰ পূৰ্বে পিটচৰ প্ৰকৃতি জনাটো আৱশ্যকীয় আৰু আকৰ্ষণীয় ৷ ফাষ্ট বলাৰসকলক আগবঢ়োৱা সহায়ৰ বাবে এই খেলপথাৰখন পৰিচিত আৰু দুয়োটা দলে নিজৰ শ্ৰেষ্ঠ খেলুৱৈক মূল একাদশত অন্তৰ্ভূক্ত কৰি খেলপথাৰত নমাৰ সম্ভাৱনা আছে ৷

দেওবাৰে অনুষ্ঠিত হ’বলগীয়া এই গুৰুত্বপূৰ্ণ মেচখনৰ বাবে ভাৰত আৰু নিউজীলেণ্ড দুয়োটা দল ধৰমশালাত উপস্থিত হৈছে ৷ মূল খেলখনৰ পূৰ্বে নিউজীলেণ্ডে প্ৰশিক্ষণ ড্ৰিল আৰু অনুশীলন কৰে ৷ কিৱি দলৰ সমান্তৰালভাৱে ভাৰতীয় দলটোৱেও অনুশীলন কৰে খেলপথাৰত ৷

পিটচৰ কিউৰেটৰ সুনীল চৌহানে কয় যে বিদেশী বেটছমেন আৰু বলাৰসকলে এই পিটচৰ পৰা এতিয়ালৈকে প্ৰায়ে সহায় লাভ কৰিছে ৷ কাৰণ এই পিটচৰ প্ৰকৃতি বিদেশৰ পিটচৰ দৰেই ফাষ্ট বলাৰৰ বাবেও বন্ধুত্বপূৰ্ণ ৷ বিদেশী বেটছমেনসকলে দ্ৰুত পিটছত বেটিং কৰিবলৈ ভাল পায়, আনহাতে পেচাৰসকলে এই পিটচত ছুইং আৰু কিছুমান স্কিড পায় ৷

শেহতীয়াকৈ এই ষ্টেডিয়ামত ইংলেণ্ড আৰু বাংলাদেশৰ মাজত এখন মেচ অনুষ্ঠিত হৈছিল, য’ত ইংলেণ্ড দলে প্ৰথমে বেটিং কৰি বৃহৎ স্ক’ৰ সংগ্ৰহ কৰিছিল ৷ ইংৰাজ দলৰ পেচাৰসকলে এই খেলপথাৰৰ পৰা সহায় লাভ কৰিছিল আৰু তেওঁলোকে দ্ৰুত সময়ত বিপক্ষক মোহাৰি পেলাইছিল ৷

ভাৰতীয় বেটছমেনৰ বাবে সাধাৰণতে এই পিটচত খোজ দিয়াটো কঠিন হৈ পৰে ৷ ইয়াৰ পূৰ্বে ভাৰতে 2015 চনৰ 2 অক্টোবৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ খেলিছিল 7 উইকেটত জয়লাভ কৰিছিল ৷ ভাৰতীয় বেটিং ইউনিটে অসুবিধাৰ সন্মুখীন হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলে সহজে খেলিছিল ৷ এতিয়া দেওবাৰে ভাৰত আৰু নিউজীলেণ্ড এই পিটচত মুখামুখি হ’ব আৰু নিউজীলেণ্ডৰ পেচাৰৰ বিৰুদ্ধে ভাৰতীয় বেটিং ইউনিটৰ কৌশল চাবলৈ আকৰ্ষণীয় হ’ব ৷

অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতি ৰোহিত শৰ্মা নেতৃত্বাধীন দলটোৰ বাবে ডাঙৰ আঘাত হ’ব কাৰণ তেওঁ পিটচৰ পৰা কিছু ছিম মুভমেণ্ট উলিয়াব পাৰিলেহেঁতেন ৷ অৱশ্যে আঘাতৰ বাবে তেওঁ খেলখনত অংশগ্ৰহণ কৰিব নোৱাৰিব ৷

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বৰষুণে খেলখনত বাধা দিয়াৰ সম্ভাৱনা অতি কম ৷ বৰষুণে খেলত কোনো বাধা নিদিয়ে আৰু বতৰৰ যিকোনো ধৰণৰ বাধা-বিঘিনি চম্ভালিবলৈ গ্ৰাউণ্ড ষ্টাফ সাজু ৷

আনহাতে বৰষুণে যাতে মেচখনত বাধাৰ সৃষ্টি নকৰে তাৰ বাবে অনুৰাগীয়ে প্ৰাৰ্থনা কৰিছে ৷ উল্লেখযোগ্য যে হিমাচল প্ৰদেশ ক্ৰিকেট সন্থাই পানী নিষ্কাশন ব্যৱস্থাৰ উন্নীত কৰিছে ৷ গতিকে টোপাল টোপাল হ’লেও কৰ্মচাৰীয়ে 20 মিনিটত মাটি শুকুৱাব পাৰে ৷ আশা কৰা হৈছে যে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে ব্যক্তিগতভাৱে খেলখন চাব জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Cricket World Cup 2023 : বিশ্বকাপত ভাৰত-নিউজীলেণ্ড; কি কয় ঐতিহাসিক তথ্যই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.