ETV Bharat / sitara

Best actor in oscar 2022: অস্কাৰ 2022 ত মুখ্য চৰিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা উইল স্মিথলৈ

author img

By

Published : Mar 28, 2022, 6:01 PM IST

দেওবাৰে অনুষ্ঠিত ৯৪ তম একাডেমী এৱাৰ্ড্ছত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান আঁজুৰিলে হলীউড অভিনেতা উইল স্মিথে ৷ 'কিং ৰিচাৰ্ড' চলচ্চিত্ৰখনৰ বাবে তেওঁ 'এক্টৰ ইন এ লীড ৰোল' সন্মান লাভ কৰে ।

Best actor in oscar 2022
শ্ৰেষ্ঠ অভিনেতাৰ বঁটা উইল স্মিথলৈ

চিটাৰা ডেস্ক, 28 মাৰ্চ: হলীউড তাৰকা উইল স্মিথলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান ৷ লছ্ এঞ্জেলছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত ৯৪ তম অস্কাৰ বঁটা বিতৰণী অনুষ্ঠানত 'কিং ৰিচাৰ্ড' চলচ্চিত্ৰখনৰ বাবে 'এক্টৰ ইন এ লীড ৰোল' সন্মান লাভ কৰি আৱেগিক হৈ পৰে উইল স্মিথ । ৰেনাল্ডো মাৰ্কাছ গ্ৰীণে পৰিচালিত কৰা কিং ৰিচাৰ্ড ছবিখন এখন জীৱনীমূলক ছবি ৷ প্ৰখ্যাত টেনিছ খেলুৱৈ ভেনাস আৰু চেৰেনা উইলিয়ামছৰ পিতৃ তথা প্ৰশিক্ষক ৰিচাৰ্ড উইলিয়ামছৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনত অউঞ্জনু এলিছ (Aunjanue Ellis), ছানিয়া চিডনী (Saniyya Sidney), ডেমি চিংগলটন (Demi Singleton), টনি গোল্ডউইন(Tony Goldwyn) আৰু জন বাৰ্ণথালেও (Jon Bernthal) অভিনয় কৰিছে ৷

শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন শাখাত উইল স্মিথৰ সৈতে আছিল অভিনেতা জেভিয়েৰ বাৰ্ডেম (Javier Bardem) 'বিয়িং দ্য ৰিকাৰ্ডোছ', বেনেডিক্ট কাম্বাৰবাৰ্চ (Benedict Cumberbatch) 'দ্য পাৱাৰ অফ দ্য ডগ', এণ্ড্ৰিউ গাৰফিল্ড (Andrew Garfield) 'টিক, টিক... বুম!' আৰু ডেনজেল ৱাশ্বিংটন (Denzel Washington) 'দ্য ট্ৰেজেডী অফ মেকবেথ'।

শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি আৱেগিক হৈ পৰে উইল স্মিথ ৷ পত্নী জাডা পিঙ্কেট স্মিথক চুমা এটা দি চকুলো টুকি মঞ্চলৈ উঠি যায় অভিনেতাজন ৷ তাৰ পিছত এক আৱেগপূৰ্ণ ভাষণ প্ৰদান কৰে তেওঁ ৷ সম্পূৰ্ণ উইলিয়ামছ্ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰি স্মিথে এই চৰিত্ৰ ৰূপায়ন কৰিবলৈ পাই নিজকে ধন্য মানে ৷

লগতে পঢ়ক: RRR চাই থাকোতেই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.