ETV Bharat / sitara

Allu Arjun latest news: সঞ্জয় লীলা ভাঞ্চালীৰ অফিচলৈ কিয় গৈছিল আল্লু অৰ্জুন ?

author img

By

Published : Mar 15, 2022, 3:55 PM IST

দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন বৰ্তমান মুম্বাইত আছে (Allu Arjun latest news) ৷ সোমবাৰে আল্লু অৰ্জনক দেখা পোৱা গ’ল বলীউডৰ বিখ্যাত চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ কাৰ্যালয়ত ৷

Allu Arjun latest news
সঞ্জয় লীলা ভাঞ্চালীৰ অফিচলৈ কিয় গৈছিল আল্লু অৰ্জুন?

চিটাৰা ডেস্ক, 15 মাৰ্চ : শেহতীয়া মুক্তি প্ৰাপ্ত পুষ্পা- দ্য ৰাইজ শীৰ্ষক ছবিখনৰ অপাৰ সফলতা বাৰুকৈয়ে উপভোগ কৰিছে তেলেগু অভিনেতা আল্লু অৰ্জুনে ৷ বৰ্তমানে মুম্বাইত আছে অভিনেতাজন ৷

সোমবাৰে বলীউডৰ চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ কাৰ্যালয়ত গৈ ভাঞ্চালীক লগ কৰিলে আল্লু অৰ্জুনে (Allu Arjun latest news) ৷ বিখ্যাত চিত্ৰ নিৰ্মাতা আৰু অভিনেতাৰ এই আলোচনাক লৈ এতিয়া সাংঘাতিক চৰ্চা চলিছে বলীউডত (Allu Arjun Sanjay Leela Bhansali meet) ৷ সঞ্জয় লীলা ভাঞ্চালীৰ কাৰ্যালয়লৈ যোৱা আল্লু অৰ্জুনৰ ফটো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷

দক্ষিণৰ তাৰকা আল্লু অৰ্জুনৰ অনুৰাগীৰ সংখ্যা কেৱল দক্ষিণতে সীমাৱদ্ধ নহয় ৷ সমগ্ৰ বিশ্বব্যাপী আছে তেওঁৰ জনপ্ৰিয়তা ৷ সঞ্জয় লীলা ভাঞ্চালীয়ে যদি নিজৰ ছবিত অভিনেতাজনক অভিনয়ৰ সুযোগ প্ৰদান কৰে তেন্তে ই অভিনেতাজনৰ বাবে বলীউডত নিজকে প্ৰতিষ্ঠা কৰাত বৰ বিশেষ অসুবিধা ন’হব, যিহেতু তেওঁৰ অনুৰাগীৰ সংখ্যা বলীউডতো কম নহয় ৷

পিছে এই সম্পৰ্কত আনুষ্ঠানিক ঘোষণা এতিয়াও বাকী আছে ৷ পুষ্পা-দ্য ৰাইজৰ ঢৌ মাৰ নৌযাওঁতেই নিৰ্মাতাই আৰম্ভ কৰিছে ছবিখনৰ দ্বিতীয় খণ্ডৰ শ্বুটিঙৰ কাম ৷ তাকে লৈ ব্যস্ত হৈ পৰিছে অভিনেতা আল্লু অৰ্জুন (Allu Arjun in Pushpa 2) ৷

লগতে পঢ়ক: Alia Bhatt role in Brahmastra : ব্ৰহ্মাস্ত্ৰ সম্পৰ্কত কি ক’লে অভিনেত্ৰী আলিয়াই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.