ETV Bharat / sitara

Alia Bhatt role in Brahmastra : ব্ৰহ্মাস্ত্ৰ সম্পৰ্কত কি ক’লে অভিনেত্ৰী আলিয়াই ?

author img

By

Published : Mar 15, 2022, 1:50 PM IST

আলিয়া ভাটৰ আজি 29 বছৰীয়া জন্মদিন ৷ প্ৰেমিক ৰণবীৰ কাপুৰৰ সৈতে প্ৰথমবাৰৰ বাবে অনুৰাগীয়ে আলিয়াক দেখা পাব ৰূপালী পৰ্দাত ৷ আয়ান মুখাৰ্জীৰ ছবি ব্ৰহ্মাস্ত্ৰত অভিনয় কৰিছে প্ৰেমিক যুগলে ৷ জন্মদিনৰ এই বিশেষ দিনটোতে আলিয়াই অনুৰাগীৰ আগত প্ৰকাশ কৰিলে ব্ৰহ্মাস্ত্ৰত অভিনয় কৰা চৰিত্ৰটোৰ বিষয়ে (Alia Bhatt role in Brahmastra) ৷

Brahmastra
আলিয়াই নিজৰ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিলে ব্ৰহ্মাস্ত্ৰত তেওঁৰ চৰিত্ৰটোৰ বিষয়ে

চিটাৰা ডেস্ক, 15 মাৰ্চ : বলীউডৰ মোহময়ী অভিনেত্ৰী আলিয়া ভাটৰ আজি 29 বছৰীয়া জন্মদিন ৷ নিজৰ অভিনয়ৰ যাদুৰে চলচ্চিত্ৰপ্ৰেমী দৰ্শকৰ হৃদয়ত ইতিমধ্যেই এখন সুকীয়া আসন দখল কৰি লৈছে আলিয়াই ৷

প্ৰেমিক ৰণবীৰ কাপুৰৰে সৈতে বিভিন্ন বাতৰিৰে আলিয়া প্ৰায়ে সংবাদ মাধ্যমৰ চৰ্চাত থাকে ৷ বলীউডৰ এই জনপ্ৰিয় যুঁটি ৰণবীৰ-আলিয়াৰ বিয়াখনক লৈ বলীউডতো এতিয়া চলিছে আলোচনা ৷ দুয়োগৰাকী তাৰকাৰ অনুৰাগীসকলেও অধীৰ অপেক্ষাৰে ৰৈ আছে বিয়াখনলৈ ৷

দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা এই যুঁটিৰ প্ৰথমখন ছবিয়ে অতি শীঘ্ৰেই কৰিব মুক্তি লাভ (Ranbir Alia first movie together) ৷ দুয়োৰে অন স্ক্ৰীন কেমেষ্ট্ৰী উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে দৰ্শক (Ranbir Alia movie together) ৷ ৰণবীৰ-আলিয়া অভিনীত ছবি ব্ৰহ্মাস্ত্ৰৰ নিৰ্দেশনা আয়ান মুখাৰ্জীৰ ৷

আজি জন্মদিন বিশেষ হিচাপে আলিয়াই নিজৰ অনুৰাগীৰ আগত শ্বেয়াৰ কৰিলে ব্ৰহ্মাস্ত্ৰত অভিনয় কৰা চৰিত্ৰটোৰ বিষয়ে (Alia Bhatt character name in brahmastra) ৷

ইন্ষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ পোষ্ট কৰি ব্ৰহ্মাস্ত্ৰত ৰূপায়ন কৰা ঈশা চৰিত্ৰটোৰ সৈতে পৰিচয় কৰালে অনুৰাগীক ৷ ভিডিঅ’টোৰ জৰিয়তে নিজকে জন্মদিনৰ শুভেচ্ছা জনোৱাৰ পিছতে ছবিখনৰ নিৰ্দেশক আয়ান মুখাৰ্জীক ধন্যবাদ জনালে আলিয়াই ৷ ব্ৰহ্মাস্ত্ৰ ছবিখনৰ প্ৰথম খণ্ডই চলিত বৰ্ষৰ 9 ছেপ্তেম্বৰত মুক্তি লাভ কৰিব ৷ ইয়াৰ দ্বিতীয় আৰু তৃতীয় খণ্ড ক্ৰমে 2024 আৰু 2026 ত মুক্তি লাভ কৰাৰ কথা ৷

লগতে পঢ়ক: শ্বামিতা-ৰাকেশে ব্ৰেকআপৰ উৰাবাতৰিত লগালে তলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.