ETV Bharat / sitara

হেপী বাৰ্থডে ইৰফান : পিতৃ-মাতৃক প্ৰযুক্তিগতভাৱে দুৰ্বল আখ্যা পুত্ৰ বাবিলৰ

author img

By

Published : Jan 7, 2021, 2:54 PM IST

পিতৃ-মাতৃক প্ৰযুক্তিগত দিশত দুৰ্বল আখ্যা প্ৰয়াত অভিনেতা ইৰফান খানৰ পুত্ৰ বাবিল খানৰ ৷ বৃহস্পতিবাৰে প্ৰয়াত অভিনেতা ইৰফান খানৰ 54 সংখ্যক জন্মদিন উপলক্ষে এক ভিডিঅ’ শ্বেয়াৰ কৰে বাবিলে ৷

happy birthday irrfan
হেপী বাৰ্থডে ইৰফান

চিটাৰা ডেস্ক,7 জানুৱাৰী : প্ৰয়াত অভিনেতা ইৰফান খানৰ 54 সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে বৃহস্পতিবাৰে পুত্ৰ বাবিল খানে চ’ছিয়েল মিডিয়াযোগে এক ভিডিঅ’ শ্বেয়াৰ কৰে ৷ ভিডিঅ’টিত ইৰফান খানক ভিডিঅ’ কলৰ সৈতে সংগ্ৰাম কৰা পৰিলক্ষিত হৈছে ৷ বাবিলে এই দৃশ্যক তেওঁৰ পিতৃ-মাতৃক প্ৰযুক্তিগত দিশত দুৰ্বল আখ্যা দিয়ে ৷

বাবিলে শ্বেয়াৰ কৰা ভিডিঅ’টিত দেখুওৱা অনুসৰি, ইৰফান, তেওঁৰ পত্নী সুতাপা আৰু সৰু পুত্ৰ আয়ানে বাবিলক ভিডিঅ’ কল কৰিবলৈ চেষ্টা কৰি আছে ৷ তেওঁলোক যেন এই ভিডিঅ’ কল বিষয়টোৰ পৰা অজ্ঞাত ৷ ভিডিঅ’ কলৰ সংযোগ বিচ্ছিন্ন হোৱাৰ পাচতো ইৰফান-সুতাপাই বাবিলক মাতি থকা কাৰ্যত হাঁহিছে আয়ানে ৷

ভিডিঅ’টিত ইৰফানে "Babil... we miss him (Babil)," বুলি উল্লেখ কৰে ৷ বাবিলে তেওঁৰ পিতৃৰ জন্মবাৰ্ষিকীত এক আৱেগিক কেপশ্যন লিখি কয় যে, পিতৃৰ জন্মদিন উদযাপনৰ দৰে তেওঁ আন একো ইমান আনন্দেৰে উদযাপন কৰা নাছিল ৷

মৃত্যুৰ পাচত পিতৃ ইৰফানৰ এইটো প্ৰথম জন্মদিন হোৱা হেতুকে তেওঁ পিতৃৰ জন্মদিনটো পাহৰিব নোৱাৰিলে ৷ বাবিলৰ পিতৃ-মাতৃ প্ৰযুক্তিগত দিশত ইমানেই দুৰ্বল যে বাবিলক মনত পেলোৱা বুলি কোৱা কথাযাৰো সম্পূৰ্ণ কৰিব নোৱাৰিলে ৷ ইৰফানৰ জন্মদিনত এইদৰে তেওঁক সুঁৱৰিছে পুত্ৰ বাবিলে ৷

লগতে পঢ়ক : 'বিগ বি'ৰ লাডাখ ভ্ৰমণক লৈ উদ্বিগ্ন অনুৰাগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.