ETV Bharat / sitara

ড্ৰাগছ গোচৰ : NCB কাৰ্যালয়ত উপস্থিত দীপিকা পাডুকন

author img

By

Published : Sep 26, 2020, 12:06 PM IST

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে ড্ৰাগছৰ দিশ পোহৰলৈ অহাৰ পাচত বহু নামী-দামী তাৰকাৰ নাম সাঙুৰ খাই পৰিছে ৷ বৰ্তমান এই গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ নাম ৷

ড্ৰাগছ গোচৰ
NCB কাৰ্যালয়ত উপস্থিত দীপিকা পাডুকন

ছিটাৰা ডেস্ক, 26 ছেপ্তেম্বৰ : সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে ড্ৰাগছৰ দিশ পোহৰলৈ অহাৰ পাচত বহু নামী-দামী তাৰকাৰ নাম সাঙুৰ খাই পৰিছে ৷ বৰ্তমান এই গোচৰৰ সৈতে সাঙুৰ খাই পৰিছে বলীউদৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ নাম ৷ সেই সূত্ৰে NCB ৰ জেৰাৰ সন্মুখীন হ'বৰ বাবে দীপিকা শনিবাৰে উপস্থিত হৈছে নাৰ্কোটিকছ কন্ট্ৰল ব্যুৰোৰ (NCB) কাৰ্যালয়ত ৷

NCB কাৰ্যালয়ত উপস্থিত দীপিকা পাডুকন

গোৱাত থকা দীপিকাই স্বামী তথা অভিনেতা ৰণবীৰ সিঙৰ সৈতে আহি মুম্বাইত উপস্থিত হয় ৷ NCB ৰ মতে, ড্ৰাগছ গোচৰৰ তদন্তৰ জেৰাৰ বাবে 26 ছেপ্তেম্বৰৰ দিনটো ধাৰ্য কৰিছিল দীপিকাই ৷ আজিৰ দিনটোতে দীপিকাৰ উপৰি অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু ছাৰা আলি খানৰ মন্তব্যও ৰেকৰ্ড কৰিব NCB য়ে ৷ NCB কাৰ্যালয়ৰ বাহিৰত মুম্বাই আৰক্ষী বিভাগে অধিক জোৱান মোতায়েন কৰিছে ৷

উল্লেখ্য যে, বুধবাৰে NCB য়ে দিপীকা পাডুকন, ছাৰা আলি খান, শ্ৰদ্ধা কাপুৰ, ৰাকুলপ্ৰীত সিং, ছিমন খামবাট্টা আৰু মেনেজাৰ শ্ৰুতি মোডীক জাননী জাৰি কৰা হৈছিল ৷

লগতে পঢ়ক : বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.