ETV Bharat / bharat

বিশ্বৰ দীঘলীয়া ৰাষ্ট্ৰীয় ঘাইপথ সুৰংগটো মুকলিৰ দিশে ভাৰত

author img

By

Published : Sep 26, 2020, 5:02 AM IST

Updated : Oct 3, 2020, 9:37 AM IST

বিশ্বৰ আটাইতকৈ দীঘল সুৰংগ-অটল টানেল মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মানালীৰ পৰা লেহ সংযোগী এইটো সুৰংগ সাগৰপৃষ্ঠৰ পৰা 3,000 মিটাৰ উচ্চতাত নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰ দুৰত্ব হৈছে 10,000 ফুটৰো অধিক ৷ প্ৰায় 3200 কোটিৰ খৰচেৰে সম্পূৰ্ণ কৰি তোলা সুৰংগটো আজি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে ৷

বিশ্বৰ দীঘলীয়া সুৰংগটো মুকলিৰ দিশে ভাৰত
বিশ্বৰ দীঘলীয়া সুৰংগটো মুকলিৰ দিশে ভাৰত

নিউজ ডেস্ক, 3 অক্টোবৰ : দহ বছৰীয়া দীৰ্ঘ সময়ৰ কঠোৰ পৰিশ্ৰমৰ অন্তত দেশৰ আভিযান্ত্ৰিকীৰ অতুলনীয় উদাহৰণ দাঙি ধৰা ৰোহটাং অটল সুৰংগটো মুকলিৰ দিশে আগবাঢ়িছে ৷ বিশ্বৰ ভিতৰতে আটাইতকৈ দীঘল সুৰংগটো আজি মুকলি কৰা হ'ব ৷ 160 বছৰীয়া এটা সপোনে সাকাৰ ৰূপ লোৱাৰ লগতে মানালীৰ পৰা লেহ সংযোগী সুৰংগটো মুকলি হ'লেই লাডাখৰ সৈতে যোগাযোগ ব্যৱস্থা অধিক উন্নত হৈ পৰিব ৷

লগতে পঢ়ক : একেসময়তে দুটাকৈ শক্তিক প্ৰতিহত কৰিবলৈ সাজু ভাৰতীয় বায়ুসেনা

প্ৰায় 10 বছৰৰ নিৰ্মাণকাৰ্যৰ অন্তত অটল টানেলৰ নিৰ্মাণ সম্পূৰ্ণ হয় ৷ প্ৰথমে ইয়াক 6 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰি তোলাৰ লক্ষ্য লোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত ব্যয়বহুল প্ৰকল্পটোৰ বাবে 4 বছৰ আৰু অধিক সময় প্ৰদান কৰা হয় ৷ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জননেতা অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাংকণ কৰা এইটো সুৰংগ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব ৷ বিগত বৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অটল বিহাৰী বাজপেয়ীৰ 95 সংখ্যক জন্মজয়ন্তীত এইটো সুৰংগৰ নামাংকণ অটল বিহাৰী বাজপেয়ীৰ নামত কৰিছিল ৷ হিমাচল প্ৰদেশৰ ৰোহটাং স্থিত এইটো সুৰংগক তেতিয়াৰে পৰাই অটল টানেল হিচাপে জনাজাত হৈ পৰে ৷

এইটো প্ৰকল্পৰ সম্পূৰ্ণ সজ্জা প্ৰস্তুত কৰিছিল অষ্ট্ৰেলিয়াৰ Snowy Mountain Engineering Company নামৰ প্ৰতিষ্ঠানটোৱে ৷ 1860 চনত Moravian Missionএ ৰোহটাংত এইটো সুৰংগ স্থাপন কৰাৰ বিষয়ে উত্থাপন কৰিছিল ৷ এইটো হৈছে বিশ্বৰ আটাইতকৈ দীঘলীয়া সুৰংগ যি 10,000 ফুটৰো অধিক দীঘল আৰু ইয়াক সাগৰপৃষ্ঠৰ পৰা 3,000 মিটাৰ উচ্চতাত প্ৰায় 32,00 কোটি টকা খৰচেৰে নিৰ্মাণ কৰা হৈছে ৷

10,000 ফুটৰো অধিক দীঘল অটল টানেলে মানালী আৰু লেহৰ মাজৰ দুৰত্ব 46 কিলোমিটাৰ কমাই আনিব ৷ বিশ্বৰ ভিতৰতে এইটো ৰাষ্ট্ৰীয় ঘাইপথত থকা আটাইতকৈ দীঘল সুৰংগ আৰু ইয়াক প্ৰতি 60 মিটাৰৰ দুৰত্বত চিচিটিভি কেমেৰাৰে সংযুক্ত কৰি তোলা হৈছে ৷ কেৱল এয়াই নহয়, সুৰংগটোৰ প্ৰতি 500 মিটাৰ দুৰত্বত জৰুৰীকালীন প্ৰস্থানৰ ব্যৱস্থাও ৰখা হৈছে ৷ এইটো সুৰংগৰ বাবে মানালীৰ পৰা লেহলৈ ভ্ৰমণ দুৰত্ব 4 ঘন্টালৈ হ্ৰাস পাব ৷ 10.5 মিটাৰ ব্যাসাৰ্ধৰ সুৰংগটোৰ দুয়োটা পৃষ্ঠতে 1 মিটাৰৰ সুৰক্ষা বাধাৰে ঢাকি দিয়া হৈছে ৷ ইয়াৰ উপৰিও যিকোনো ধৰণৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ ভিতৰত অগ্নিনিৰ্বাপনৰো ব্যৱস্থা কৰা হৈছে ৷ ইয়াৰ নিৰ্মাণত নিৰ্মাণকাৰীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল ৷ ৰোহটাং ফালে উত্তৰ সীমান্তত ইয়াৰ নিৰ্মাণ কাৰ্য বছৰৰ মাত্ৰ 5 মাহতহে সম্ভৱ আছিল ৷ অটল টানেলৰ সম্পূৰ্ণ প্ৰকল্পটোৰ বাবে 2010 চনত 17,00 কোটি ধাৰ্য্য কৰা হৈছিল আৰু 2020ৰ ছেপ্টেম্বৰলৈ ইয়াৰ নিৰ্মাণ ব্যয় 32,00 কোটিলৈ বৃদ্ধি হয় ৷

লগতে পঢ়ক : আজিৰে পৰা পশ্চিম উপকূলত ভাৰত-জাপানৰ মাজত আৰম্ভ JIMEX 20

প্ৰথম অৱস্থাত পণ্ডিত জৱাহৰলাল নেহৰুৰ কাৰ্যকালত ৰোহটাং পাছত এক ৰোপ ৱে' নিৰ্মাণৰ বাবে প্ৰস্তাৱ দিয়া হৈছিল ৷ পৰৱৰ্তী সময়ত ইন্দিৰা গান্ধীৰ কাৰ্যকালত ৰোপ ৱে'ৰ বিপৰীতে মানালীৰ পৰা লেহলৈ বুলি ৰোহটাং পাছত এক সুৰংগ নিৰ্মাণৰ প্ৰকল্পৰ প্ৰস্তাৱ দিয়া হয় যদিও প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত ইয়াৰ নিৰ্মাণত সন্মতি দিয়া হয় ৷

প্ৰায় 9.02 কিলোমিটাৰ দীঘল সুৰংগটো পূৰ্বৱৰ্তী পীৰ পাঞ্জাল পৰ্বত-শৃংখলাৰ ওপৰৰ লেহ-মানালী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ৷ 10.5 মিটাৰ ব্যাসাৰ্ধৰ সুৰংগটো 5.52 মিটাৰ ওখ আৰু ইয়াৰ ভিতৰেদি 80 কিলোমিটাৰ প্ৰতি ঘন্টাত গাড়ী চলাই যাব পাৰিব ৷ মানালীৰ পৰা লাহুৱাল আৰু ছিপ্তী ভেলীলৈ এইটো সুৰংগই সংযোগ স্থাপন কৰিব ৷ ইয়ে মানালী-ৰোহটাং পাছ-ছাৰছু-লেহ ৰাষ্ট্ৰীয় ঘাইপথৰ 46 কিলোমিটাৰ দুৰত্ব কমাই অনাৰ লগতে ভ্ৰমণ দুৰত্ব 4-5 ঘন্টালৈ কমাই আনিব ৷ একেসময়তে লাহুৱালৰ পৰা ছিপ্তী ভেলীলৈ পূৰ্বতে লগা 5 ঘন্টাৰ যাত্ৰা এইটো সুৰংগই মাত্ৰ 10 মিনিটলৈ কমাই আনিব ৷ সুৰংগটোৰ উল্লেখনীয় দিশটো হৈছে বহিঃজগতৰ পৰা ছমাহে সংযোগ বিচ্ছিন্ন হৈ থকা লাহুৱাল আৰু ছিপ্তী ভেলীৰ লোকসকলে এতিয়াৰ পৰা আৰু এই সমস্যাৰ সন্মুখীন হ'ব নালাগে ৷

ইয়াৰ উপৰিও ভাৰতীয় সৈন্যবাহিনীৰ বাবেও এইটো সুৰংগ অতিকে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ৷ সামৰিকভাৱে গুৰুত্বপূৰ্ণ লাডাখ অঞ্চললৈ সৈন্যবাহিনীৰ গতিবিধি নিয়ন্ত্ৰণ কৰাত এইটো সুৰংগই অধিক শৃংখলতাৰে কাম কৰিব ৷ ঘোৰাৰ খুৰাকৃতিৰ এইটো সুৰংগই ভাৰতৰ আভিযান্ত্ৰিকী ইতিহাসৰ বহুকেইটা অভিলেখ স্থাপন কৰাৰ লগতে বহুকেইটা অভিলেখ ভংগ কৰিবলৈ সক্ষম হৈছে ৷ একক সুৰংগটোৰ ভিতৰত দুটা লেন থাকিব আৰু ইয়াৰ নিৰ্মাণত বহুকেইটা দিশ প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল ৷

লগতে পঢ়ক : প্ৰতিৰক্ষা উদ্যোগ খণ্ডৰ বাবে ভাৰত-ইজৰাইলৰ মাজত স্থাপন সহকাৰী কৰ্মগোট

Last Updated : Oct 3, 2020, 9:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.