ETV Bharat / international

অসামৰিক হত্যা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়; ইজৰাইল হামাছ যুদ্ধ সন্দৰ্ভত ভাৰত

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 12:05 PM IST

Ruchira Kamboj at UNGA : গাজাত ইজৰাইলে চলাই থকা অসামৰিক হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিছে ভাৰতে । লগতে কৈছে যে ইয়াৰ ফলত অৱৰোধ কৰা অঞ্চলত মানৱীয় সংকটৰ পৰিণতি হৈছে । ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদক সম্বোধন কৰি ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে লগতে কয় যে দুয়োপক্ষৰ মাজত প্ৰত্যক্ষ আৰু অৰ্থপূৰ্ণ আলোচনাৰ জৰিয়তে লাভ কৰা দ্বি-ৰাষ্ট্ৰীয় সমাধান হৈছে শান্তিৰ একমাত্ৰ উপায় ।

ইজৰাইল হামাছ যুদ্ধ সন্দৰ্ভত ভাৰত
ইজৰাইল হামাছ যুদ্ধ সন্দৰ্ভত ভাৰত

ইণ্টাৰনেশ্যনেল ডেস্ক, ১০ জানুৱাৰী : ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধত অসামৰিক লোকৰ প্ৰাণ হেৰুওৱাক তীব্ৰ গৰিহণা দি কয় যে এই উদ্বেগজনক মানৱীয় সংকট 'স্পষ্টভাৱে গ্ৰহণযোগ্য নহয়' ।

"ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘৰ্ষৰ ফলত বৃহৎ পৰিমাণে অসামৰিক লোকে প্ৰাণ হেৰুৱাইছে, বিশেষকৈ মহিলা আৰু শিশুসকলে । ইয়াৰ ফলত এক উদ্বেগজনক মানৱীয় সংকটৰ সৃষ্টি হৈছে । এইটো স্পষ্টভাৱে গ্ৰহণযোগ্য নহয় আৰু আমি অসামৰিক লোকৰ মৃত্যুক তীব্ৰ গৰিহণা দিছোঁ । একে সময়তে, আমি অৱগত যে ইয়াৰ তাৎক্ষণিক কাৰণটো আছিল ৭ অক্টোবৰত ইজৰাইলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ । এই কাৰ্যকো আমি দ্ব্যর্থহীনভাৱে গৰিহণা দিছোঁ । সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ এক শূন্য সহনশীল দৃষ্টিভংগী আছে ।" কম্বোজে কয় ।

মঙলবাৰে পশ্চিম এছিয়াৰ বৰ্তমানৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ (ইউএনজিএ) এখন বৈঠকত ভাষণ দি কম্বোজে অঞ্চলটোত চলি থকা পৰিস্থিতি স্বাভাৱিক কৰা আৰু গাজাত মানৱীয় সাহায্য আগবঢ়োৱাৰ বাবে ভাৰতৰ নিৰন্তৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে ।

"ভাৰতৰ নেতৃত্বই ইজৰাইল আৰু পেলেষ্টাইনকে ধৰি অঞ্চলটোৰ নেতাসকলৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে । আমি ২০২৩ চনৰ নৱেম্বৰত জি-২০, ব্ৰিকছ আৰু গ্লোবেল ছাউথ সন্মিলনৰ দৰে বহুপাক্ষিক মঞ্চতো আমাৰ মতামত ব্যক্ত কৰিছোঁ আৰু আমি এই বিষয়ত আমাৰ দীৰ্ঘদিনীয়া আৰু মুখ্য স্থিতি পুনৰাবৃত্তি কৰিছোঁ । আমি ক্ষতিগ্ৰস্ত জনসাধাৰণৰ বাবে মানৱীয় সাহায্য অব্যাহত ৰখাৰ বাবেও আহ্বান জনাইছোঁ । এই ক্ষেত্ৰত আমি আশাকৰোঁ যে নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ ২৭২০-এ মানৱীয় সহায় বৃদ্ধিত সহায় কৰিব ।" ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ স্থায়ী দূতগৰাকীয়ে উল্লেখ কৰে ।

"ভাৰতে এতিয়ালৈকে ৭০ টন মানৱীয় সাহায্য আগবঢ়াইছে । ইয়াৰ ভিতৰত আছে দুটা পৰ্যায়ত পেলেষ্টাইনৰ লোকসকলৰ বাবে ১৬.৫ টন ঔষধ আৰু চিকিৎসা সামগ্ৰী । আমি 5 নিযুত আমেৰিকান ডলাৰো প্ৰদান কৰিছোঁ । ইয়াৰ ভিতৰত আছে 2023 চনৰ ডিচেম্বৰৰ শেষত আমি নিকট প্ৰাচ্যৰ পেলেষ্টাইন শৰণাৰ্থীসকলৰ বাবে ৰাষ্ট্ৰসংঘৰ সাহায্য আৰু কৰ্ম সংস্থাক প্ৰদান কৰা 2.5 নিযুত আমেৰিকান ডলাৰ । এই সাহায্য পেলেষ্টাইনী শৰণাৰ্থীসকলক প্ৰদান কৰা শিক্ষা, স্বাস্থ্য সেৱা, সাহায্য আৰু সামাজিক সেৱাকে ধৰি সংস্থাটোৰ মূল কাৰ্যসূচী আৰু সেৱাসমূহত ব্যৱহাৰ হ'ব ।" কম্বোজে লগতে কয় ।

আনহাতে, ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধিগৰাকীয়ে দ্বি-ৰাষ্ট্ৰীয় সমাধানৰ কথাও দোহাৰে আৰু কয় যে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানেই আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ ।

তেওঁ কয় যে এই সংঘৰ্ষৰ আৰম্ভণিৰে পৰা ভাৰতে যি বাৰ্তা প্ৰদান কৰিছে সেয়া অতি স্পষ্ট আৰু সুস্থিৰ । "সংঘাত বৃদ্ধি প্ৰতিহত কৰা, মানৱীয় সাহায্য ৰক্ষা কৰা আৰু শান্তি আৰু স্থিৰতা আগতীয়াকৈ পুনৰুদ্ধাৰৰ দিশত কাম কৰাটো গুৰুত্বপূৰ্ণ । আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধান হৈছে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ ।" কম্বোজে লগতে কয় ।

"ইজৰাইল-পেলেষ্টাইন সমস্যাৰ ন্যায়সঙ্গত, শান্তিপূৰ্ণ আৰু স্থায়ী সমাধান লাভ কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিছোঁ । আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে চূড়ান্ত স্থিতিৰ বিষয়ত দুয়োপক্ষৰ মাজত প্ৰত্যক্ষ আৰু অৰ্থপূৰ্ণ আলোচনাৰ জৰিয়তে লাভ কৰা কেৱল দুই ৰাষ্ট্ৰৰ সমাধানেই এক স্থায়ী শান্তি প্ৰদান কৰিব, যিটো ইজৰাইল আৰু পেলেষ্টাইনৰ লোকসকলে বিচাৰে আৰু তেওঁলোকৰ প্ৰাপ্য । ইয়াৰ বাবে আমি পক্ষবোৰক হিংসা হ্ৰাস কৰিবলৈ, এৰাই চলিবলৈ আৰু প্ৰত্যক্ষ শান্তি আলোচনা আগতীয়াকৈ পুনৰ আৰম্ভ কৰাৰ বাবে পৰিস্থিতি সৃষ্টি কৰাৰ দিশত কাম কৰিবলৈ আহ্বান জনাইছোঁ ।" তেওঁ কয় ।

লগতে পঢ়ক :পাক চৰকাৰৰ জিম্মাত ৭৮ বছৰৰ কাৰাদণ্ডত আছে হাফিজ চাইদ; ৰাষ্ট্ৰসংঘৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.