ETV Bharat / international

পাক চৰকাৰৰ জিম্মাত ৭৮ বছৰৰ কাৰাদণ্ডত আছে হাফিজ চাইদ; ৰাষ্ট্ৰসংঘৰ তথ্য

author img

By PTI

Published : Jan 10, 2024, 10:35 AM IST

UN Report on Hafiz Saeed : ৰাষ্ট্ৰসংঘৰ ৱেবছাইটত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে পোষ্ট কৰা এক সংশোধিত তথ্যত নিষেধাজ্ঞা সমিতিয়ে কয় যে তেওঁ সাতটা সন্ত্ৰাসবাদী বিত্তীয় গোচৰত দোষী সাব্যস্ত হোৱাৰ ফলস্বৰূপে ২০২০ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তান চৰকাৰৰ জিম্মাত আছে ।

Hafiz Saeed in Pak govt
পাক চৰকাৰৰ জিম্মাত ৭৮ বছৰৰ কাৰাদণ্ডত আছে হাফিজ চাইদ

ইণ্টাৰনেচনেল ডেস্ক, ১০ জানুৱাৰী : মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড তথা লস্কৰ-ই-তৈবাৰ নেতা হাফিজ চাইদ পাকিস্তান চৰকাৰৰ জিম্মাত আছে । আন্তৰাষ্ট্ৰীয় ম'ষ্ট ৱাণ্টেডজন সন্ত্ৰাসবাদীৰ বিত্তীয় গোচৰত দোষী সাব্যস্ত হৈ ৭৮ বছৰৰ কাৰাদণ্ড ভোগ কৰি আছে । ৰাষ্ট্ৰসংঘৰ শেহতীয়া তথ্যত কোৱা হৈছে ।

উল্লেখ্য যে ৭৩ বছৰীয়া চাইদক ২০০৮ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আল-কায়দা নিষেধাজ্ঞা সমিতিয়ে বিশ্বজনীন সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল । ৰাষ্ট্ৰসংঘৰ ৱেবছাইটত এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে পোষ্ট কৰা এক সংশোধিত তথ্যত নিষেধাজ্ঞা সমিতিয়ে কয় যে তেওঁ সাতটা সন্ত্ৰাসবাদী বিত্তীয় গোচৰত দোষী সাব্যস্ত হোৱাৰ ফলস্বৰূপে ২০২০ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা পাকিস্তান চৰকাৰৰ জিম্মাত আছে ।

চাইদৰ ঠিকনাটো ২০০৮ চনৰ মে' মাহলৈকে হাউছ নং ১১৬ই, মহল্লা- জোহৰ, লাহোৰ, তহচিল- লাহোৰ চিটি, লাহোৰ জিলা, পাকিস্তান হিচাপে লিপিবদ্ধ কৰা হৈছে । উল্লেখ্য যে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ভাৰতে পাকিস্তানক 2008 চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড চাইদক প্ৰত্যৰ্পণ কৰিবলৈ কৈছিল । চাইদক ভাৰতীয় তদন্ত সংস্থাবোৰে কেইবাটাও সন্ত্ৰাসবাদী গোচৰত বিচাৰি আছে ।

আনহাতে, যোৱা মাহত নিৰাপত্তা পৰিষদ 1267 সমিতিয়ে ইয়াৰ আইএছআইএল (দাইশ) আৰু আল-কায়দা নিষেধাজ্ঞাৰ ওপৰত কিছুমান বিষয়ৰ বাবে কেইটামান সংশোধনী প্ৰণয়ন কৰিছিল । ইয়াৰ ভিতৰত আছে সম্পত্তি ফ্ৰীজ, ভ্ৰমণ নিষেধাজ্ঞা আৰু অস্ত্ৰ নিষেধাজ্ঞা সাপেক্ষে ব্যক্তি আৰু প্ৰতিষ্ঠানৰ তালিকা । যিসকলৰ তথ্য সংশোধন কৰা হৈছে চাইদ তেওঁলোকৰ ভিতৰত আছে । লগতে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আপডেট কৰা বিৱৰণ তাত উপলব্ধ কৰোৱা হৈছে ।

এই সংশোধনীসমূহৰ অধীনত নিষেধাজ্ঞা সমিতিয়ে লগতে লস্কৰ-ই-তৈবাৰ প্ৰতিষ্ঠাপক সদস্য আৰু চাইদৰ উপ-সদস্য হাফিজ আব্দুল ছালাম ভুট্টাভিৰ মৃত্যু নিশ্চিত কৰিছে । ২০০৮ চনৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে লস্কৰ-ই-তৈবা আক্ৰমণকাৰীক প্ৰশিক্ষণ দিয়া আৰু কমেও দুবাৰ সংগঠনটোৰ মুৰব্বী হিচাপে কাম কৰা ইউএনএছচিৰ ঘোষিত সন্ত্ৰাসবাদী ভুট্টাভিৰ যোৱা বছৰ মে' মাহত পাকিস্তানৰ পঞ্জাৱৰ কাৰাগাৰত সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানৰ বাবে কাৰাদণ্ড ভোগ কৰি থকা অৱস্থাত মৃত্যু হয় ।

নিষেধাজ্ঞা সমিতিয়ে লগতে উল্লেখ কৰে যে তেহৰিক-ই তালিবান পাকিস্তানৰ (টিটিপি) কমাণ্ডাৰ মৌলানা ফজলুল্লাহক ১৩ জুন, ২০১৮ তাৰিখে মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছিল । ২০১৩ চনৰ নৱেম্বৰলৈকে টিটিপিৰ কমাণ্ডাৰ হৈ থকা ফজলুল্লাহে ২০০৭ চনৰ পৰা ২০০৯ চনলৈ পাকিস্তানৰ উত্তৰ-পশ্চিম উপত্যকা স্বাতত স্থানীয় টিটিপিৰ নেতৃত্ব দিছিল ।

পাকিস্তানী নাগৰিক নুৰ ৱালি মেহচুদ টিটিপিৰ প্ৰাক্তন নেতা মৌলানা ফজলুল্লাহৰ মৃত্যুৰ পিচত তেহৰিক-ই-তালিবান পাকিস্তানৰ নেতা হয় । মেহচুদৰ ওপৰত এই সংশোধিত তথ্য প্ৰকাশ কৰা হৈছে । তেওঁৰ ঠিকনা ২০২২ চনৰ ২৬ নৱেম্বৰলৈকে আফগানিস্তানৰ পাকটিকা প্ৰদেশ হিচাপে দেখুওৱা হৈছে ।

সংশোধিত আন এক তথ্য অনুসৰি, পাকিস্তানত মুখ্য কাৰ্যালয় থকা আল ৰছিদ ট্ৰাষ্ট বৰ্তমান নিষ্ক্ৰিয় হৈ আছে । আল ৰছিদ ট্ৰাষ্ট জৈশ-ই-মহম্মদৰ সৈতে জড়িত আছিল ৷ লগতে আল-কায়দা আৰু তালিবানৰ বিত্তীয় যোগানতো জড়িত আছিল । অক্টোবৰ, 2008 লৈকে এই প্ৰতিষ্ঠানটো 'পাকিস্তানৰ উলেমাৰ সহায়ক সংস্থা' হিচাপেও দেখা গৈছিল । সংশোধিত তথ্যত কোৱা হৈছে যে ২০২৩ চনৰ নৱেম্বৰ মাহলৈকে আল-ৰছিদ ট্ৰাষ্টৰ নামত কোনো কাৰ্যকলাপৰ কোনো ইংগিত প্ৰকাশ পোৱা নাই ।

উল্লেখ্য যে সদস্য ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংগঠনৰ দ্বাৰা প্ৰদান কৰা প্ৰাসংগিক তথ্যৰ ওপৰত ভিত্তি কৰি আইএছআইএল (দাইশ) আৰু আল-কায়দা নিষেধাজ্ঞা তালিকা নিয়মীয়াকৈ উন্নীত কৰা হয় ।

লগতে পঢ়ক : মালদ্বীপ পৰ্যটনত মোদী ধুমুহা; ক্ষতি মেৰামতিৰ উদ্যোগ পৰ্যটন বিভাগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.