ETV Bharat / international

মালদ্বীপ পৰ্যটনত মোদী ধুমুহা; ক্ষতি মেৰামতিৰ উদ্যোগ পৰ্যটন বিভাগৰ

author img

By PTI

Published : Jan 9, 2024, 4:28 PM IST

MATI Reacts on Modi Row : মালদ্বীপ এছোচিয়েচন অব টুৰিজম ইণ্ডাষ্ট্ৰীয়ে (MATI) ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ভাৰতৰ জনসাধাৰণক উদ্দেশ্য কৰি কেইগৰাকীমান উপ-মন্ত্ৰীয়ে কৰা অপমানজনক মন্তব্যক তীব্ৰ গৰিহণা দিছে ।

মালদ্বীপ পৰ্যটনত মোদী ধুমুহা
মালদ্বীপ পৰ্যটনত মোদী ধুমুহা

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ জানুৱাৰী : ভাৰত আৰু মালদ্বীপৰ মাজত কূটনৈতিক বিবাদৰ পিছত তীব্ৰ ক্ষতিৰ সন্মুখীন হৈছে ৰাষ্ট্ৰখনৰ পৰ্যটন উদ্যোগ । ফলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দ্বীপৰাষ্ট্ৰখনৰ শীৰ্ষ পৰ্যটন সংস্থাটোৱে । আনহাতে, লাক্ষাদ্বীপ ভ্ৰমণৰ পিছত ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে দেশখনৰ কেইগৰাকীমান উপ-মন্ত্ৰীয়ে কৰা অপমানজনক মন্তব্যৰো তীব্ৰ গৰিহণা দিছে ।

মালদ্বীপ এছোচিয়েচন অব টুৰিজম ইণ্ডাষ্ট্ৰীয়ে (MATI) ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ভাৰতৰ জনসাধাৰণক উদ্দেশ্য কৰি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত কেইগৰাকীমান উপ-মন্ত্ৰীয়ে কৰা অপমানজনক মন্তব্যক তীব্ৰ গৰিহণা দিয়ে । এমএটিআয়ে সোমবাৰে এক বিবৃতিত কয় ।

উল্লেখ্য যে শনিবাৰে ভাৰতৰ পশ্চিম উপকূলৰ প্ৰাচীন লাক্ষাদ্বীপ দ্বীপপুঞ্জ পৰিদৰ্শন কৰাৰ পিছত মালদ্বীপ যুৱ মন্ত্ৰালয়ৰ তিনিগৰাকী উপ-মন্ত্ৰীয়ে ছ'চিয়েল মিডিয়াত ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা অপমানজনক মন্তব্যৰ পিছত মালদ্বীপক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশৰ দুদিন পিছত সংস্থাটোৱে এই গৰিহণা দিছে ।

মালদ্বীপৰ পৰ্যটন উদ্যোগত ভাৰতে এক সুসংগঠিত আৰু গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে । এক অৱদানকাৰী হিচাপে কোভিড-19-ৰ সময়ত আমাৰ পুনৰুদ্ধাৰ প্ৰচেষ্টাত ভাৰতে যথেষ্ট সহায় কৰিছে । আমি আমাৰ সীমান্ত পুনৰ মুকলি কৰাৰ ঠিক পিছৰে পৰা ভাৰত মালদ্বীপৰ বাবে শীৰ্ষ বজাৰ হিচাপে পৰিগণিত হৈ আছে । বিবৃতিটোত কোৱা হৈছে ।

আনহাতে, ভাৰতক নিকটতম চুবুৰীয়া আৰু মিত্ৰদেশ হিচাপে অভিহিত কৰি এমএটিআইৰ বিবৃতিত কোৱা হৈছে, ভাৰতে আমাৰ ইতিহাসত বিভিন্ন সংকটৰ প্ৰতি সদায় প্ৰথম সঁহাৰি দি আহিছে আৰু চৰকাৰৰ লগতে ভাৰতৰ জনসাধাৰণে আমাৰ সৈতে বজাই ৰখা ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতি আমি অত্যন্ত কৃতজ্ঞ ।

মালদ্বীপ পৰ্যটন মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি, 2023 চনত 17 লাখতকৈও অধিক পৰ্যটকে দ্বীপৰাষ্ট্ৰখন ভ্ৰমণ কৰে । ইয়াৰে ভিতৰত 2,09,198 জনতকৈও অধিক দৰ্শনাৰ্থী ভাৰতীয় আছিল । তাৰ পিছতে আছিল ৰাছিয়ান (2,09,146) আৰু চীন (1,87,118) ।

২০২২ চনত ভাৰতীয় দৰ্শনাৰ্থীৰ সংখ্যা ২.৪ লাখতকৈও অধিক আছিল । আনহাতে, ২০২১ চনত ২.১১ লাখতকৈও অধিক ভাৰতীয় মালদ্বীপ ভ্ৰমণলৈ গৈছিল । ইফালে মহামাৰীৰ সময়ত আন্তৰ্জাতিক পৰ্যটকৰ বাবে মুকলি কৰা কেইখনমান দেশৰ ভিতৰত মালদ্বীপো অন্যতম আছিল । সেই সময়ছোৱাত প্ৰায় ৬৩,০০০ ভাৰতীয়ই দেশখন ভ্ৰমণ কৰে ।

লগতে পঢ়ক :হেৰুওৱা বিশ্বাস উদ্ধাৰৰ প্ৰচেষ্টা; মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.