ETV Bharat / international

হেৰুওৱা বিশ্বাস উদ্ধাৰৰ প্ৰচেষ্টা; মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ লক্ষ্য

author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 2:30 PM IST

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ লক্ষ্য
মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ লক্ষ্য

Muizzu to India visit : অৱনমিত সম্পৰ্ক শুধৰোৱাৰ লক্ষ্যৰে মালদ্বীপৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ তৰফৰ পৰা ৰাষ্ট্ৰপতি মুইজজুৰ ভাৰত ভ্ৰমণৰ প্ৰস্তাৱ ৷ ইফালে ৰাষ্ট্ৰপতিগৰাকীৰ চীন ভ্ৰমণ ভাৰতৰ সৈতে দ্বীপৰাষ্ট্ৰখনৰ তিক্ত সম্পৰ্কৰ মাজতে আহিছে ।

ইণ্টাৰনেচনেল ডেস্ক, ৯ জানুৱাৰী : ভাৰত আৰু মালদ্বীপৰ মাজত কূটনৈতিক বিৰোধৰ মাজতে মালদ্বীপৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ে ৰাষ্ট্ৰপতি মুইজজুৰ ভাৰত ভ্ৰমণৰ প্ৰস্তাৱ আগবঢ়াইছে । চীন ভ্ৰমণ সমাপ্ত হোৱাৰ পিছত এই মাহৰ শেষৰ ফালে মুইজজুৰ ভাৰত ভ্ৰমণৰ প্ৰস্তাৱ আগবঢ়াইছে ।

অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এতিয়াও এই বিষয়ৰ অগ্ৰগতি সন্দৰ্ভত কোনো মন্তব্য দিয়া নাই । উল্লেখ্য যে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ আমন্ত্ৰণক্ৰমে মুইজজু বৰ্তমান চীন ভ্ৰমণত আছে । আনহাতে, তেওঁৰ চীন ভ্ৰমণ এনে এক সময়ত আহিছে, যিটো সময়ত দ্বীপৰাষ্ট্ৰখন ভাৰতৰ সৈতে এক কূটনৈতিক বিবাদত জড়িত হৈ পৰিছে, যি হৈছে এক নিকটতম পৰম্পৰাগত মিত্ৰশক্তি ।

মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজজুৱে ২০২৩ চনৰ নৱেম্বৰত ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল । ইফালে নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁ কৈছিল যে দ্বীপৰাষ্ট্ৰখনত থকা প্ৰায় ৭৫ জন ভাৰতীয় সামৰিক বাহিনীৰ এটা সৰু দল তেওঁ আঁতৰাই দিব আৰু মালদ্বীপৰ 'ভাৰত প্ৰথম' নীতি সলনি কৰিব ।

শেহতীয়াকৈ লাক্ষাদ্বীপ ভ্ৰমণৰ পিছত কেইগৰাকীমান মালদ্বীপৰ ৰাজনীতিবিদে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পিছত দুয়োখন দেশৰ মাজত কূটনৈতিক বিবাদে এক এক নতুন মাত্ৰা লৈছে । প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণক মালদ্বীপৰ মূল্যৰ বিনিময়ত দ্বীপপুঞ্জটোত পৰ্যটন বৃদ্ধিৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে ।

মন কৰিবলগীয়া যে দ্বিপাক্ষিক সম্পৰ্ক সম্প্ৰসাৰণ আৰু ভাৰতৰ সৈতে মালদ্বীপৰ ঘনিষ্ঠতাৰ কথা বিবেচনা কৰি শেহতীয়াভাৱে মুইজজুৰ পূৰ্বসূৰীসকলে প্ৰথমে ভাৰত ভ্ৰমণ কৰিছিল । তাৰ পিছত চীনে দেশখনত মুখ্য আন্তঃগাঁথনি প্ৰকল্পত বিনিয়োগ কৰি দ্বীপৰাষ্ট্ৰখনত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিছে ।

লগতে পঢ়ক :আমাৰ বাবে ভাৰত এক বিশ্বাসী বন্ধু : মালদ্বীপৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.