ETV Bharat / international

US shot down UFO: আমেৰিকাৰ আকাশমাৰ্গত অজ্ঞাত উৰণীয়া বস্তু ধ্বংস

author img

By

Published : Feb 11, 2023, 9:28 AM IST

US shot down UFO
আমেৰিকাৰ আকাশমাৰ্গত অজ্ঞাত উৰণীয়া বস্তু ধ্বংস

আমেৰিকাৰ আকাশমাৰ্গত অজ্ঞাত উৰণীয়া বস্তু ধ্বংস (UFO over US sky) ৷ শুকুৰবাৰে আমেৰিকাৰ যুঁজাৰো বিমানে ধ্বংস কৰে বস্তুবিধ ৷ 4 ফেব্ৰুৱাৰীত আমেৰিকাই আকাশত ধ্বংস কৰিছিল আন এটা চীনা নিৰীক্ষণ বেলুন (Chines spy balloon down) ৷

নিউজ ডেস্ক, 11 ফেব্ৰুৱাৰী: আমেৰিকাৰ আকাশত অজ্ঞাত উৰণীয়া বস্তু (Unknown Flying Object) ধ্বংস ৷ শুকুৰবাৰে আমেৰিকাৰ আকাশত দৃশ্যমান হোৱা এবিধ অজ্ঞাত উৰণীয়া বস্তুক আমেৰিকা এফ-22 যুঁজাৰু বিমানে গুলীবৰ্ষণ কৰি ধ্বংস কৰে ৷ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ নিৰ্দেশ অনুসৰি অজ্ঞাত উৰণীয়া বস্তুবিধ ধ্বংস কৰা বুলি সদৰী কৰিছে আমেৰিকাৰ সামৰিক বাহিনীয়ে ৷

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আলাস্কা উপসাগৰীয় অঞ্চলৰ 1300 মিটাৰ উচ্চতাত শুকুৰবাৰে উৰি থকা প্ৰত্যক্ষ কৰা হৈছিল বস্তুবিধ ৷ এক বিবৃতিযোগে জ’ বাইডেনে কয় যে, জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কোনো স্পষ্ট তথ্য লাভ নকৰাকৈ সামগ্ৰীবিধ ধ্বংস কৰা হয় ৷ এইবিধ উৰণীয়া বস্তুৱে আমেৰিকাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা আছিল বুলিও সদৰী কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে (US shot down UFO) ৷

উল্লেখ্য যে, বিগত 4 ফেব্ৰুৱাৰীত আমেৰিকাই ধ্বংস কৰিছিল আকাশত দৃশ্যমান হোৱা এটা চীনা নিৰীক্ষণ বেলুন (Chines spy balloon down) ৷ শুকুৰবাৰে আমেৰিকাই ধ্বংস কৰা অজ্ঞাত উৰণীয়া বস্তুবিধ এখন সৰু বাহনৰ সমপৰ্যায়ৰ আছিল বুলি সদৰী কৰিছে সামৰিক বাহিনীয়ে(US National Security Council) ৷ লগতে 4 ফেব্ৰুৱাৰীত ধ্বংস কৰা চীনা বেলুনতকৈ ইয়াৰ আকৃতি সৰু বুলি উল্লেখ কৰিছে যদিও এই সন্দৰ্ভত বিশেষ তথ্য প্ৰকাশ কৰা নাই ৷

আমেৰিকাৰ আকাশত দৃশ্যমান হোৱা চীনা বেলুন আৰু শুকুৰবাৰে অজ্ঞাত উৰণীয়া বস্তুবিধ ধ্বংস কৰাৰ পাচতেই আমেৰিকাই আকাশমাৰ্গত বৃদ্ধি কৰিছে নিজৰ নিৰাপত্তা ৷ সমান্তৰালভাৱে আলাস্কাৰ আকাশ মাৰ্গত সম্প্ৰতি বন্ধ কৰা হৈছে আকাশী যানৰ চলাচল ৷ কোনো শত্ৰু ৰাষ্ট্ৰই আমেৰিকাৰ গতিবিধিত নজৰ ৰাখিবলৈ উৰণীয়া বস্তুবিধ প্ৰেৰণ কৰা বুলি সন্দেহ কৰা হৈছে (UFO over Alaska Sky) ৷

লগতে, 4 ফেব্ৰুৱাৰীত ধ্বংস কৰা চীনা নিৰীক্ষণ বেলুনৰ তথ্য আৰু ধ্বংসাৱশেষ আহৰণৰ বাবে চীনে পুনৰ এইবিধ সামগ্ৰী প্ৰেৰণ কৰা বুলিও আশংকা কৰা হৈছে (unidentified object flying above Alaska) ৷ আনহাতে বিশ্বৰ 40খন দেশৰ ওপৰত এই চীনে বেলুনেৰে নিৰীক্ষণ কৰিছিল বুলিও প্ৰকাশ কৰিছে আমেৰিকাই ৷ আমেৰিকাৰ নিউক্লিয়াৰ শক্তি কেন্দ্ৰৰ ওপৰত নজৰ ৰখাৰ বাবেই চীনে বেলুনটো প্ৰেৰণ কৰাৰ কথাও প্ৰকাশ কৰা হৈছে ৷ এই সন্দৰ্ভত অধিক তথ্য আহৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথাও সদৰী কৰিছে ৰাষ্ট্ৰপতি জ’ বাইডেনে ৷

লগতে পঢ়ক: Emergency extended in Myanmar: ম্যানমাৰত জৰুৰীকালিন অৱস্থাৰ ম্যাদ 6মাহলৈ বৃদ্ধি; ঠায়ে ঠায়ে সামৰিক আইন জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.