ETV Bharat / international

Emergency extended in Myanmar: ম্যানমাৰত জৰুৰীকালিন অৱস্থাৰ ম্যাদ 6মাহলৈ বৃদ্ধি; ঠায়ে ঠায়ে সামৰিক আইন জাৰি

author img

By

Published : Feb 3, 2023, 4:57 PM IST

ম্যানমাৰত 2 ফেব্ৰুৱাৰীৰ পৰা আগন্তুক 6 মাহলৈ পুনৰ বৃদ্ধি কৰা হ’ল জৰুৰীকালীন অৱস্থাৰ ম্যাদ(Emergency extended in Myanmar) ৷ আনহাতে দেশখনৰ কেইবাটাও অঞ্চলত জাৰি কৰা হয় সামৰিক আইন ৷ 1 ফেব্ৰুৱাৰীত ম্যানমাৰৰ সামৰিক বাহিনী আৰু পিপলছ ডিফেন্স ফৰ্চৰ মাজত সংঘটিত হৈছিল তীব্ৰ সংঘাত ৷

Emergency extended in Myanmar
ম্যানমাৰত জৰুৰীকালীন অৱস্থাৰ ম্যাদ 6মাহলৈ বৃদ্ধি

নিউজ ডেস্ক, 3 ফেব্ৰুৱাৰী: ম্যানমাৰত পুনৰ বৃদ্ধি কৰা হ’ল জৰুৰীকালিন অৱস্থাৰ ম্যাদ(Emergency imposed in Myanmar) ৷ 2 ফেব্ৰুৱাৰীৰ পৰা আগন্তুক 6মাহলৈ বৃদ্ধি কৰা হৈছে এই ম্যাদ ৷ এই জৰুৰীকালিন অৱস্থাৰ ম্যাদ বৃদ্ধি কৰাৰ এদিনৰ পিচতে অৰ্থাৎ শুকুৰবাৰৰ পৰা সামৰিক বাহিনীৰ দ্বাৰা পৰিচালিত দেশখনৰ কেইবাটাও অঞ্চল সামৰি পুনৰ ঘোষণা কৰা হয় বিশেষ সামৰিক আইন ৷ ম্যানমাৰৰ স্থানীয় সংবাদমাধ্যত প্ৰকাশ পোৱা তথ্য অনুসৰি দেশখনৰ 37খন চহৰ আৰু 14খন প্ৰদেশত জাৰি কৰা হৈছে সামৰিক আইন(Martial law in Myanmar) ৷

উল্লেখ্য যে,বিগত বিধানসভা নিৰ্বাচনত বক্ৰপথ গ্ৰহণ কৰা, ক’ভিড বিধি উলংঘা কৰা, অবৈধভাৱে ৱাকিটকি ক্ৰয় কৰা আদিকে ধৰি কেইবাটাও গোচৰত 33 বছৰৰ বাবে কাৰাবন্দী কৰি ৰখা হৈছে ম্যানমাৰৰ নেত্ৰী আং ছান ছ্যু কীক(aung san suu kyi) ৷ আং ছান ছ্যু কীক কাৰাবন্দী কৰাৰ পিচতেই দেশখনৰ শাসনভাৰ যায় ম্যানমাৰৰ সামৰিক জুণ্টাৰ হাতলৈ(Myanmar Military government ) ৷

Emergency extended in Myanmar
ম্যানমাৰৰ সামৰিক বাহিনীৰ নেতা মিন আং হ্লাইং

অৰ্থাৎ 2021 চনৰ পৰাই ম্যানমাৰ আছে সামৰিক বাহিনীৰ শাসনত ৷ যাক কেন্দ্ৰ কৰি সামৰিক বাহিনীৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে ম্যানমাৰৰ একাংশ লোকে ৷ দেশখনৰ বিভিন্ন স্থানত বৰ্তমানেও সংঘটিত হৈ আছে হিংসাত্মক ঘটনা ৷ ম্যানমাৰৰ এই পৰিস্থিতিক গৃহযুদ্ধ আখ্যা ৰাষ্ট্ৰসংঘৰ ৷

ম্যানমনাৰৰ চাগাইং অঞ্চল আৰু শ্বিন প্ৰদেশত বিগত 1 ফেব্ৰুৱাৰী তাৰিখে ম্যানমাৰৰ বিদ্ৰোহী সংগঠন পিপলছ জিফেন্স ফৰ্চৰ(Peoples defense force) গেৰিলা বাহিনীৰ সৈতে ম্যানমাৰৰ সামৰিক বাহিনীৰ তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় ৷ কিন্তু তেওঁলোকক কঠোৰ হাতেৰে দমন কৰে ম্যানমাৰৰ সেনাই ৷ উল্লেখ্য যে, ভাৰত-ম্যানমাৰ সীমান্তত অৱস্থান গ্ৰহণ কৰি গেৰিলা যুদ্ধৰ অনুশীলন অব্যাহত ৰাখিছে ম্যানমাৰৰ পিপলছ জিফেন্স ফৰ্চে ৷

স্মৰ্তব্য যে, ইয়াৰ পূৰ্বে 2021 চনৰ আৰম্ভণিতে দেশখনৰ আটাইতকৈ ডাঙৰ চহৰ য়াংগনত জাৰি কৰা হৈছিল সামৰিক আইন ৷ চহৰখনত ব্যাপক হাৰত বৃদ্ধি পোৱা প্ৰতিবাদ আৰু হিংসাত্মক ঘটনাৰ পিচতেই জাৰি কৰিছিল সামৰিক আইন ৷ মন কৰিবলগীয়া যে, ম্যানমাৰৰ শাসনভাৰ সামৰিক জুণ্টাৰ হাতলৈ যোৱাৰে পৰা 2,948গৰাকী সাধাৰণ লোকৰ মৃত্যু হৈছে(People died in Myanmar during Military rule) ৷

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পুনৰ সামৰিক আইন ঘোষণা কৰা সন্দৰ্ভত এক বিবৃতিযোগে কোৱা হয় যে, নিৰাপত্তা আৰু আইনৰ শাসন কাৰ্যকৰীভাৱে সম্পাদন কৰিবলৈ সামৰিক আইন ঘোষণা কৰাটো প্ৰয়োজনীয় । উল্লেখ্য যে, এই সামৰিক আইনে আন সকলো আইন কৰ্তন কৰে ৷ প্ৰশাসনিক, ন্যায়িক আৰু আইন প্ৰৱৰ্তনকাৰ্যকে ধৰি এক নিৰ্দিষ্ট এলেকাৰ ওপৰত সামৰিক বাহিনীক সকলো কৰ্তৃত্ব প্ৰদান কৰে । কিন্তু ম্যানমাৰৰ সামৰিক বাহিনীৰ এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞসকলে ৷

দেশখনক স্থিৰ অৱস্থালৈ ঘূৰাই অনাৰ অজুহাতত জাৰি কৰা এই আইনে মানুহৰ হত্যা আৰু অত্যাচাৰ বৃদ্ধি কৰিব বুলি আশংকা প্ৰকাশ কৰিছে বহু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞই ৷ সম্প্ৰতি ম্যানমাৰৰ সামৰিক বাহিনীৰ নেতা মিন আং হ্লাইঙৰ(Min Aung Hlaing) হাতত আছে দেশ শাসনৰ সমগ্ৰ ক্ষমতা ৷

লগতে পঢ়ক: Explosion in Peshawar Mosque : পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণত নিহত ২৫

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.