ETV Bharat / international

নিৰ্বিচাৰ বোমা বিস্ফোৰণৰ বাবে আন্তৰ্জাতিক সমৰ্থন হেৰুৱাইছে ইজৰাইলে; বাইডেন

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 10:39 AM IST

Biden on Israel bombing in Gaza
নিৰ্বিচাৰ বোমা বিস্ফোৰণৰ বাবে আন্তৰ্জাতিক সমৰ্থন হেৰুৱাইছে ইজৰাইলে; বাইডেন

আমেৰিকাই ইজৰাইলৰ নিৰ্বিচাৰ বোমা বিস্ফোৰণ আৰু হামাছৰ বিৰুদ্ধে যুদ্ধৰ ভৱিষ্যতক লৈ প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে তীব্ৰ মতবিৰোধ প্ৰদৰ্শন কৰিছে । ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুক কৈছে যে তেল আভিভে আন্তৰ্জাতিক সমৰ্থন হেৰুৱাইছে আৰু নেতান্যাহুৱে তেওঁৰ চৰকাৰ সলনি কৰা উচিত ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ ডিচেম্বৰ : মঙলবাৰে ইজৰাইল আৰু আমেৰিকাৰ মাজত হামাছৰ বিৰুদ্ধে যুদ্ধৰ আচৰণ আৰু ভৱিষ্যতক লৈ ৰাজহুৱাকৈ তীব্ৰ মতবিৰোধ দেখা গৈছে । ইয়াৰ দ্বাৰা এই কথা প্ৰকট হৈ পৰিছে যে বিশ্বজুৰি যুদ্ধবিৰতিৰ আহ্বানৰ বাবে দুয়োটা মিত্ৰশক্তি ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ পৰিছে । ইজৰাইলী বাহিনীয়ে সমগ্ৰ গাজাত আক্ৰমণ চলাই পেলেষ্টাইনীসকলৰ গৃহ চূৰ্ণ-বিচূৰ্ণ কৰাৰ সময়তে এই বিবাদৰ উদ্ভৱ হয় ।

ৰাষ্ট্ৰপতি জো বাইডেনে কয় যে তেওঁ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক কৈছে যে ইজৰাইলে চলাই থকা নিৰ্বিচাৰ বোমা বিস্ফোৰণৰ বাবে আন্তৰ্জাতিক সমৰ্থন হেৰুৱাইছে । লগতে নেতান্যাহুৱে কঠোৰ সোঁপন্থী দলৰ আধিপত্য থকা তেওঁৰ চৰকাৰ সলনি কৰিব লাগে ।

বাইডেনৰ এই মন্তব্য চলিত সপ্তাহত হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই নেতান্যাহুৰ সৈতে যুদ্ধৰ সময়সূচী আৰু হামাছ পৰাজিত হ'লে কি হ'ব সেই বিষয়ত আলোচনা কৰিবলৈ ইজৰাইললৈ যোৱাৰ সময়তে আহিছে । আনহাতে, প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে অহা সপ্তাহত ইজৰাইল ভ্ৰমণ কৰিব । পেন্টাগনে কৈছে যে ইজৰাইলৰ প্ৰতি আমেৰিকাৰ সমৰ্থন প্ৰদৰ্শনৰ নিৰ্দিষ্ট লক্ষ্য আছে । কিন্তু লগতে গাজাত অধিক অসামৰিক লোকৰ হতাহত হোৱাটো পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা আছে আৰু এইটো এৰাই চলিবলৈ ইজৰাইলক হেঁচা দিয়াও আন এটা উদ্দেশ্য ।

উল্লেখ্য যে দক্ষিণ ইজৰাইলত হামাছৰ ৭ অক্টোবৰৰ আক্ৰমণৰ ফলত সংঘটিত যুদ্ধই ইতিমধ্যে দৰিদ্ৰ উপকূলীয় অঞ্চলটোক মৃত্যু উপত্যকাত পৰিণত কৰিছে আৰু ধ্বংসস্তূপত পৰিণত হৈছে । উত্তৰ গাজাৰ বেছিভাগ অংশয়েই ধ্বংস হৈছে । ১৮,০০০ তকৈও অধিক পেলেষ্টাইনী নিহত হৈছে আৰু ২.৩ নিযুত জনসংখ্যাৰ ৮০% তকৈও অধিক লোক গৃহচ্যুত হৈছে । ইফালে মাহটোৰ আৰম্ভণিতে দক্ষিণ গাজাত আক্ৰমণ আৰম্ভ কৰাৰ পিছৰে পৰা আমেৰিকাই ইজৰাইলক অসামৰিক লোকৰ হতাহত হ্ৰাস কৰিবলৈ আহ্বান জনাইছে । তাৰ বিপৰীতে কিন্তু হতাহতৰ সংখ্যা নিতৌ বাঢ়ি গৈ আছে ।

ইজৰাইলে অঞ্চলটোত কৰা অৱৰোধ আৰু তীব্ৰ বিমান আক্ৰমণ আৰু যুদ্ধৰ মাজতে গাজাৰ বৃহৎ অংশত স্বাস্থ্য সেৱা ব্যৱস্থা আৰু মানৱীয় সাহায্য অভিযান ধ্বংস হৈ পৰিছে । আনহাতে, সহায়কৰ্মীসকলে অনাহাৰ আৰু তম্বুৰ তলত আশ্ৰয় শিবিৰত অগণন লোক থকাৰ ফলত তেওঁলোকৰ মাজত ৰোগ বিয়পাৰ বিষয়েও সতৰ্ক কৰি দিছে ।

গাজা চহৰ আৰু ইয়াৰ চাৰিওফালৰ উত্তৰৰ বেছিভাগ অংশ ইতিমধ্যে দুমাহৰো অধিক সময়ৰ বোমাবর্ষণৰ ফলত ব্যাপক ধ্বংসৰ সন্মুখীন হৈছে । ধ্বংসস্তূপৰ মাজত ইজৰাইলী স্থলসেনাই এতিয়াও পেলেষ্টাইনী যুঁজাৰুসকলৰ সৈতে তীব্ৰ যুদ্ধত অৱতীৰ্ণ হৈ আছে । গাজা চহৰৰ জাইতুন আৰু শিজায়া চুবুৰীয়া অঞ্চলৰ লগতে জাবালিয়াত মঙলবাৰে ভয়ংকৰ সংঘৰ্ষ সংঘটিত হোৱা বুলিও আৱাসীসকলে জনাইছে ।

লগতে পঢ়ক :গাজাত মানৱীয় যুদ্ধবিৰতিৰ সমৰ্থনত ইউএনজিএৰ খচৰা প্ৰস্তাৱত ভাৰতৰ লগতে 153 খন ৰাষ্ট্ৰৰ ভোটদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.