ETV Bharat / international

গাজাত মানৱীয় যুদ্ধবিৰতিৰ সমৰ্থনত ইউএনজিএৰ খচৰা প্ৰস্তাৱত ভাৰতৰ লগতে 153 খন ৰাষ্ট্ৰৰ ভোটদান

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 8:10 AM IST

ceasefire in Gaza
গাজাত মানৱীয় যুদ্ধবিৰতিৰ দাবীত 153 খন ৰাষ্ট্ৰৰ ভোটদান

গাজাত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে তাৎক্ষণিকভাৱে মানৱীয় যুদ্ধবিৰতিৰ দাবীত ‘অসামৰিক লোকৰ সুৰক্ষা আৰু আইনী আৰু মানৱীয় বাধ্যবাধকতা ৰক্ষা কৰাৰ’ প্ৰস্তাৱ গ্ৰহণ কৰিছে । ভাৰতকে ধৰি 153 খন ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে 10 খন দেশে বিপক্ষে ভোটদান কৰিছে ৷ 23 খন দেশে ভোটদান কৰাৰ পৰা বিৰত থাকে । ইজৰাইলক সমালোচনাক পাকিস্তানৰ স্থায়ী প্ৰতিনিধি মুনীৰ আক্ৰমৰ ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 13 ডিচেম্বৰ: যুদ্ধ বিধস্ত গাজাত তাৎক্ষণিকভাৱে মানৱীয় যুদ্ধবিৰতিৰ দাবীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে প্ৰস্তাৱ গ্ৰহণ কৰে । ভাৰতে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে, লগতে 153 খন দেশেয়েও এই প্ৰস্তাৱৰ সপক্ষে ভোট দিয়ে । এই প্ৰস্তাৱটোৰ জৰিয়তে পণবন্দীসকলক মুকলি কৰি দিয়া, মানৱীয় সুবিধা নিশ্চিত কৰা, আন্তঃৰাষ্ট্ৰীয় আইন মানি চলাৰ আহ্বান জনোৱা হৈছে । ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কাম্বোজে মানৱীয় সংকট আৰু শান্তিপূৰ্ণ দুখন ৰাষ্ট্ৰৰ সমাধানৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে ।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গাজাত তাৎক্ষণিক মানৱীয় যুদ্ধবিৰতিৰ দাবীত ‘অসামৰিক লোকৰ সুৰক্ষা আৰু আইনী আৰু মানৱীয় বাধ্যবাধকতা ৰক্ষা কৰাৰ’ প্ৰস্তাৱ গ্ৰহণ কৰিছে । মঙলবাৰে (স্থানীয় সময় অনুসৰি) মধ্যপ্ৰাচ্য সন্দৰ্ভত ইউএনজিএৰ জৰুৰীকালীন অধিৱেশনত ভাৰতে যুদ্ধবিৰতি প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে ।

ভাৰতকে ধৰি 153 খন ৰাষ্ট্ৰই এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰাৰ বিপৰীতে আমেৰিকা, ইজৰাইল আৰু অষ্ট্ৰিয়াকে ধৰি 10 খন দেশে বিপক্ষে ভোটদান কৰাৰ লগতে আৰ্জেণ্টিনা, ইউক্ৰেইন আৰু জাৰ্মানীকে ধৰি 23 খন দেশে ভোটদানৰ পৰা বিৰত থাকে । ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কাম্বোজে কয় যে ইজৰাইলত যোৱা 7 অক্টোবৰত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল । ইয়াৰ ফলত বৃহৎ মানৱীয় সংকটে দেখা দিয়াৰ লগতে বৃহৎ পৰিসৰৰ মানুহে প্ৰাণ হেৰুৱাইছে ।

কাম্বোজে কয় যে বৰ্তমান সময়ত অঞ্চলটোৱে সন্মুখীন হোৱা একাধিক প্ৰত্যাহ্বানসমূহৰ সমাধানৰ ক্ষেত্ৰত এক উমৈহতীয়া ভিত্তি বিচাৰি উলিওৱাৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ঐক্যক ভাৰতে আদৰণি জনাইছে । ইফালে, ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বত প্ৰস্তাৱৰ খচৰা সংশোধনী গৃহীত নহ’ল । 84 খন ৰাষ্ট্ৰই এই সংশোধনীৰ সপক্ষে ভোটদান কৰে; 62 খন ৰাষ্ট্ৰই বিৰুদ্ধে ভোটদান কৰাৰ বিপৰীতে 25 খন ৰাষ্ট্ৰই ভোটদানৰ পৰা বিৰত থাকে ।

তদুপৰি গাজা সংকটৰ খচৰা প্ৰস্তাৱৰ অষ্ট্ৰিয়াৰ নেতৃত্বত সংশোধন ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত গৃহীত হ’ব নোৱাৰিলে । 89 খন ৰাষ্ট্ৰই এই সংশোধনীৰ সপক্ষে ভোটদান কৰিছে, 61 খনে সংশোধনীৰ বিৰোধিতা কৰিছে আৰু 20 খন দেশে ভোটদানৰ পৰা বিৰত আছে ।

ইজৰাইলৰ স্থায়ী প্ৰতিনিধি গিলাড এৰডানে এই সন্দৰ্ভত কয়, "ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে নিজকে “আন এটা ভণ্ডামিপূৰ্ণ প্ৰস্তাৱত ভোট দিবলৈ ওলাইছে ।"

তেওঁ কয়, "এই প্ৰস্তাৱে কেৱল মানৱতাৰ বিৰুদ্ধে হামাছে কৰা কাৰ্যক নিন্দা কৰাত ব্যৰ্থ হোৱাই নহয়, ইয়াত হামাছৰ কথা একেবাৰেই উল্লেখ কৰা হোৱা নাই । ইয়াৰ ফলত অঞ্চলটোৰ মৃত্যু আৰু ধ্বংসলীলা দীঘলীয়া হ'ব, যুদ্ধবিৰতিৰ অৰ্থ ঠিক সেইটোৱেই ।"

এৰডানে কয় যে হামাছৰ একমাত্ৰ উদ্দেশ্য ইজৰাইলক ধ্বংস কৰা আৰু ইজৰাইলৰ অস্তিত্ব নোহোৱালৈকে গোটটোৱে বাৰে বাৰে নিজৰ অত্যাচাৰ পুনৰাবৃত্তি কৰাৰ কথা ঘোষণা কৰিছে । তেওঁ হামাছক জবাবদিহি কৰাৰ প্ৰয়োজনীয়তাৰ আহ্বান জনাই লগতে কয় যে যুদ্ধবিৰতিৰ অৰ্থ মাত্ৰ এটা কথা যিটো হ’ল “হামাছৰ অস্তিত্ব”।

ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি মুনীৰ আক্ৰমে কয় , "এয়া পেলেষ্টাইনৰ জনসাধাৰণৰ বিৰুদ্ধে যুদ্ধ । ইজৰাইলৰ লক্ষ্য হৈছে কেৱল এটা জনগোষ্ঠীকে নহয়, পেলেষ্টাইনৰ সমগ্ৰ ধাৰণাটোৱে মচি পেলোৱা । ইতিহাসৰ পৃষ্ঠাত পোৱা ঔপনিৱেশিক শাসন ব্যৱস্থাই চলোৱা বৰ্ণবাদী হত্যাৰ এয়া এক সদৃশ দৃশ্য ।"

ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধই তৃতীয় মাহত ভৰি দিয়াৰ সময়তে এই ভোটদান কৰা হৈছে ৷ গাজাৰ মানৱীয় পৰিস্থিতি সন্দৰ্ভত চিকিৎসা আৰু সাহায্যকাৰী সংস্থাসমূহে উদ্বেগ প্ৰকাশ কৰিছে । ইফালে ইজৰাইলে কয় যে হামাছক ধ্বংস নকৰালৈকে সামৰিক অভিযান তেওঁলোকে বন্ধ নকৰে ।

লগতে পঢ়ক: লেবানন আক্ৰমণত ইজৰাইলে বগা ফছফৰাছ ব্যৱহাৰ কৰা বুলি প্ৰকাশ পোৱা বাতৰিক লৈ আমেৰিকা ‘চিন্তিত’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.