ETV Bharat / international

5 প্ৰাৱল্যৰ ভূইকঁপে জোকাৰিলে তিব্বতক

author img

By ANI

Published : Nov 28, 2023, 8:20 AM IST

Earthquake of magnitude 5.0 strikes Tibet's Xizang
তিব্বত ভূইকঁপ

মঙলবাৰৰ পুৱা 3.45 বজাত তিব্বতত ভূইকঁপ ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য 5.0 ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 28 নৱেম্বৰ: ভূইকঁপে জোকাৰিলে চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ স্বায়ত্তশাসিত অঞ্চল তিব্বতক ৷ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি মঙলবাৰৰ পুৱাই দেশখনত ভূইকঁপৰ কম্পন অনুভূত হয় ৷ স্বায়ত্তশাসিত অঞ্চল তিব্বতৰ জিজাঙত মঙলবাৰৰ পুৱা অনুূভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য 5.0 ৷

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞানৰ তথ্য অনুসৰি মঙলবাৰৰ পুৱা 3.45 বজাত 140 কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্পটো ।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই মঙলবাৰে X যোগে এটা পোষ্ট দি কয় যে, "ভূমিকম্পৰ প্ৰাৱল্যৰ মাত্ৰা: 5.0, 28-11-2023 তাৰিখে সংঘটিত, ভাৰতীয় সময় মতে 03:45:44 9(IST), লেট: 28.57 আৰু দূৰত্ব: 87.80, গভীৰতা: 140 কিলোমিটাৰ, স্থান: জিজাং । "

পুৱাই সংঘটিত হোৱা 5.0 প্ৰাৱল্যৰ ভূমিকম্পটোৰ ফলত এতিয়ালৈকে কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 10 ছেপ্টেম্বৰত তিব্বতৰ জিজাঙত 4.0 প্ৰাৱল্যৰ ভূমিকম্পৰ কম্পন অনুভূত হৈছিল । 05:40:55 বজাত সংঘটিত হৈছিল উক্ত ভূমিকম্পটো আৰু গভীৰতা 10 কিলোমিটাৰ বুলি তথ্যত প্ৰকাশ পাইছিল ।

আগষ্ট মাহত তিব্বতৰ জিজাং অঞ্চলত 4.2 প্ৰাৱল্যৰ আন এক ভূমিকম্পৰ কম্পন হৈছিল ৷ ভাৰতীয় সময় অনুসৰি 00:16:41 বজাত আৰু 10 কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূমিকম্পটো । X যোগে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান চমুকৈ NCS যে কম্পন সন্দৰ্ভত কয়, " ভূমিকম্পৰ মাত্ৰা: 4.2, 23-08-2023 তাৰিখে সংঘটিত, ভাৰতীয় সময় মতে কম্পন 00:16:41 আইএছটি, লেট: 31.16 আৰু দীঘল: 95.32, গভীৰতা: 10 কিলোমিটাৰ, স্থান: জিজাং ।"

লগতে পঢ়ক: Earthquake in Nepal: নেপালত ভূমিকম্পৰ ফলত বৰ্তমানলৈ 140 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.