ETV Bharat / international

Earthquake in Nepal: নেপালত ভূমিকম্পৰ ফলত বৰ্তমানলৈ 140 জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 7:41 AM IST

Updated : Nov 4, 2023, 1:09 PM IST

nepal-earthquake-updates-rescue-effort
নেপালত ভূমিকম্প

নেপালত ভূমিকম্পৰ তীব্ৰ জোকাৰণি ৷ বৰ্তমানলৈ 140 জনৰ মৃত্যু ৷ ধ্বংসাৱশেষৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ আশংকা ৷ দিল্লী, বিহাৰতো অনুভূত হয় কম্পন ৷ আহত হৈছে 140 জনৰো অধিক ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 4 নৱেম্বৰ: শুকুৰবাৰে নিশা এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায় নেপাল ৷ এই ভূমিকম্পৰ ফলত বৰ্তমানলৈ প্ৰায় 140 জন লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছে । আনহাতে আহতৰ সংখ্যা 140 বুলি নেপাল প্ৰশাসনে জনায় ।

দুৰ্যোগ প্ৰশমন বিভাগে পূৰ্ণগতিত সাহায্য আৰু উদ্ধাৰ অভিযান চলাইছে । এই দুৰ্যোগক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী পুস্প কমল দহলে । দিল্লী, উত্তৰ প্ৰদেশতো অনুভূত হৈছে ভূমিকম্পৰ কম্পন ৷

শুকুৰবাৰৰ গভীৰ নিশা চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অহা ভূঁইকপটোৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত আছিল 6.4 । বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, পুৱা 5 বজালৈকে (স্থানীয় সময় অনুসৰি) দেশখনত 36 জন লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছিল ৷ জাজাৰকোটৰ ডি এছ পি সন্তোষ ৰোক্কাই জনোৱা মতে, ভূমিকম্পত অঞ্চলটোত 34 জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত হৈছে । উল্লেখ কৰা প্ৰয়োজন যে, নেপালৰ পশ্চিম অংশত অৱস্থিত জাজাৰকোট আৰু ৰুকুম হৈছে ভূমিকম্পৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চল । মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও চৰকাৰী সূত্ৰত উল্লেখ । আৰক্ষী বিষয়াসকলে জনোৱা মতে, ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য বৰ্তমানেও উপলব্ধ হোৱা নাই ।

চুবুৰীয়া ৰাষ্ট্ৰখনত হোৱা ভূমিকম্পৰ কম্পন ৰাজধানী দিল্লীৰ সমীপৰ নয়ডাটো অনুভূত হয় । আনকি বিহাৰতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয় বুলি জানিব পৰা গৈছে । ভূমিকম্পৰ তীব্ৰ কম্পনৰ ফলত বিহাৰৰ ৰাজধানী পাটনাত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হয় স্থানীয় লোক । ৰাজধানী অথবা সমীপৱৰ্তী এলেকাত ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: Earthquake in Nepal and Delhi: কঁপি উঠিল নেপাল-দিল্লী, 6 জনৰ মৃত্যু

Last Updated :Nov 4, 2023, 1:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.