ETV Bharat / entertainment

Superstar Krishna passes away: অভিনেতা মহেশ বাবুৰ পিতৃ চুপাৰষ্টাৰ কৃষ্ণৰ মৃত্যু

author img

By

Published : Nov 15, 2022, 10:01 AM IST

দাক্ষিণাত্যৰ ছবিজগতৰ সৰ্বাধিক জনপ্ৰিয় অভিনেতা মহেশ বাবুৰ পিতৃ চুপাৰষ্টাৰ কৃষ্ণই মঙলবাৰে পুৱা হায়দৰাবাদত শেষ নিশ্বাস ত্যাগ কৰে ৷ বিগত কিছুদিন ধৰি শাৰিৰীক অসুস্থতাৰ সৈতে যুঁজি আছিল তেওঁ । সোমবাৰে পুৱা মহেশ বাবুৰ পত্নী নম্ৰতাই কৃষ্ণক হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ পাছত গাচিবৌলীৰ কন্টিনেণ্টেল হাস্পতালত ভৰ্তি কৰাইছিল ৷
Superstar Krishna
অভিনেতা মহেশ বাবুৰ পিতৃ তথা টলীউডৰ চুপাৰষ্টাৰ কৃষ্ণ

চিটাৰা ডেস্ক, 15 নৱেম্বৰ : মঙলবাৰে পুৱা দাক্ষিণাত্যৰ ছবিজগতৰ সৰ্বাধিক জনপ্ৰিয় অভিনেতা মহেশ বাবুৰ পিতৃ তথা টলীউডৰ চুপাৰষ্টাৰ কৃষ্ণই 79 বছৰ বয়সত হায়দৰাবাদত শেষ নিশ্বাস ত্যাগ কৰে ৷ সোমবাৰে হৃদৰোগত আক্ৰান্ত হোৱাৰ পাছত মহেশ বাবুৰ পত্নী নম্ৰতাই কৃষ্ণক গাচিবৌলীৰ কন্টিনেণ্টেল হাস্পতালত ভৰ্তি কৰোৱাৰ এদিনৰ পিছতে অভিনেতাজনৰ পৰলোক প্ৰাপ্তি ঘটে । কৃষ্ণৰ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে তেলুগু চলচ্চিত্ৰ উদ্যোগ ৷ পৰিয়ালৰ লগতে অনুৰাগীসকল শোকত মৰ্মাহত হৈ পৰিছে ।

Superstar Krishna
অভিনেতা মহেশ বাবুৰ পিতৃ তথা টলীউডৰ চুপাৰষ্টাৰ কৃষ্ণ

কৃষ্ণৰ চলচ্চিত্ৰ জীৱন চাৰি দশকৰো অধিক সময় ধৰি চলিছিল, য'ত তেওঁ 340 খনতকৈও অধিক ছবিত অভিনয় কৰিছিল । ‘গুধাচাৰী 116’ৰ দৰে ছবিত অভিনয় কৰি তেওঁ অন্ধ্ৰৰ জেমছ বণ্ড নামেৰে পৰিচিত হৈ পৰিছিল । কৃষ্ণক তেওঁৰ ঘৰুৱা বেনাৰত চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে পৰীক্ষা চলাই থকা বাবে 'সাহসী আৰু ডেশ্বিং হিৰো' হিচাপে জনা গৈছিল ।

Superstar Krishna
দুই চুপাৰষ্টাৰ পিতা-পুত্ৰ

কৃষ্ণই পদ্মালয় ষ্টুডিঅ’ আৰম্ভ কৰি জিতেন্দ্ৰৰ হিম্মতৱালাৰ দৰে বহু ব্লকবাষ্টাৰ ছবি নিৰ্মাণ কৰিছিল । তেওঁ তেলুগু উদ্যোগত প্ৰথম জেমছ বণ্ড চলচ্চিত্ৰ, প্ৰথম কাউবয় চলচ্চিত্ৰ, প্ৰথম সম্পূৰ্ণ পৰিসৰ আৰু প্ৰথম 70 মি:মি: চলচ্চিত্ৰ নিৰ্মাণৰ বাবে প্ৰসিদ্ধ আছিল । তেওঁ 16 খনতকৈয়ো অধিক চলচ্চিত্ৰ পৰিচালনা কৰিছিল ৷ কৃষ্ণই 1964 চনত তেওঁৰ প্ৰথম ছবি 'থেন মনছুলু'ৰ দ্বাৰা কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তেওঁৰ অন্তিম খন ছবি আছিল 2016 চনত নিৰ্মিত 'শ্ৰী শ্ৰী'।

Superstar Krishna
অভিনেতা মহেশ বাবুৰ পিতৃ তথা টলীউডৰ চুপাৰষ্টাৰ কৃষ্ণ

প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ সৈতে থকা ঘনিষ্ঠতাৰ বাবেই চুপাৰষ্টাৰ কৃষ্ণই কংগ্ৰেছত যোগদান কৰি 1989 চনত এলুৰু লোকসভা সমষ্টিৰ পৰা হাতৰ চিহ্নত জয়ী হৈছিল । 1991 চনৰ নিৰ্বাচনত এলুৰ আসন হেৰুওৱাৰ পাছত আৰু ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডৰ পাছত তেওঁ লাহে লাহে প্ৰত্যক্ষ ৰাজনীতিৰ পৰা আঁতৰি আহিছিল ।

Superstar Krishna
অভিনেতা মহেশ বাবুৰ পিতৃ তথা টলীউডৰ চুপাৰষ্টাৰ কৃষ্ণ

1942 চনৰ 31 মে’ত অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলাৰ বুৰিপালেম গাঁৱত জন্মগ্ৰহণ কৰা অভিনেতা কৃষ্ণৰ শৈশৱৰ পৰাই ছবিৰ প্ৰতি আকৰ্ষণ আছিল । তেওঁৰ মূল নাম ঘট্টমনেনী শিৱ ৰামকৃষ্ণ মূৰ্তি । অন্ধ্ৰপ্ৰদেশৰ এলুৰ চহৰত স্নাতক ডিগ্ৰী লাভ কৰা কৃষ্ণই টলীউডৰ প্ৰবীণ প্ৰয়াত অভিনেতা অকিনেনী নাগেশ্বৰ ৰাও (এএনআৰ)ক সম্বৰ্ধনা অনুষ্ঠানত দেখাৰ পিছত চলচ্চিত্ৰ জগতত প্ৰৱেশৰ বাবে অনুপ্ৰাণিত হৈছিল ।

চুপাৰষ্টাৰ কৃষ্ণই ইন্দিৰাক বিয়া কৰাইছিল আৰু অভিনেতা মহেশ বাবুকে ধৰি পাঁচোটি সন্তানৰে সৈতে তেওঁলোকৰ পৰিয়াল আছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.