ETV Bharat / entertainment

Salman Khan: 6 বছৰ পূৰ্বে দিছিল এখন ব্লকবাষ্টাৰ ছবি, তাৰ পিচৰে হিটৰ বাবে হাহাকাৰ কৰিছে ভাইজানে

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 3:32 PM IST

Salman Khan Box Office Record, After Tiger zinda hai Tiger 3 Expected to hit Box office
ছলমান খানৰ বক্স অফিচ ৰেকৰ্ড

মুক্তিৰ বাবে সাজু ছলমান খানৰ ‘টাইগাৰ 3’ । যোৱা ৬ বছৰত ছলমানৰ এখনো ছবি বক্স অফিচত হিট হোৱা নাই । এতিয়া প্ৰশ্ন হয় এই ছবিখনে বক্স অফিচত দেখুৱাব পাৰিব নে যাদু ?

চিটাৰা ডেস্ক, 10 নৱেম্বৰ: ছুপাৰষ্টাৰ ছলমান খান এইকেইদিন তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘টাইগাৰ 3’ৰ বাবে বাতৰি শিৰোনাম দখল কৰিছে । ছবিখন মুক্তিৰ মাজত মাত্ৰ এটা দিন বাকী আছে ৷ এই ছবিখনৰ বাবে ছলমানৰ অনুৰাগীয়ে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ ইফালে 5 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে এডভান্স টিকট বুকিং প্ৰক্ৰিয়া আৰু ব্যাপকভাৱে বিক্ৰী হৈছে টিকট ৷ মুক্তিৰ পূৰ্বেও ‘টাইগাৰ 3’ য়ে এডভান্স টিকট বুকিঙৰ পৰা 10 কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে । এই ছবিখনৰ পৰা ছলমান খানৰ যথেষ্ট আশা জড়িত হৈ আছে, কাৰণ তেওঁ যোৱা 6 বছৰ ধৰি দেখা নাই হিট ছবিৰ মুখ ।

‘কিছি কা ভাই কিছি কি জান’ ছবিখনে দৰ্শকক ছবিগৃহত আকৰ্ষিত কৰাত ব্যৰ্থ হৈছিল

চলিত বৰ্ষৰ এপ্ৰিল মাহত মুক্তি লাভ কৰিছিল ছলমান খানৰ ‘কিছি কা ভাই কিচি কি জান’ ছবিখন । এই ছবিখনত বহু অভিনেতা-অভিনেত্ৰীক একেলগে দেখা গৈছিল । ই আছিল সম্পূৰ্ণ ফেমিলি-ড্ৰামা ছবি, কিন্তু ইয়াৰ কাহিনী দৰ্শকে ভাল নাপালে । বাতৰি অনুসৰি 'কিছি কা ভাই কিছি কি জান' ছবিখনে ভাৰতত 110 কোটি টকাৰ ব্যৱসায় কৰিছিল । একে সময়তে ‘কিছি কা ভাই কিচি কি জান’য়ে বিশ্বজুৰি 182 কোটি টকা সংগ্ৰহ কৰিছিল ।

6 বছৰত এখনো ছবি বক্স অফিচত হিট হোৱা নাই ভাইজানৰ

ইয়াৰ পূৰ্বে ছলমান খানৰ বহু ছবি মুক্তি পাইছিল যদিও বক্স অফিচত উপাৰ্জনৰ ক্ষেত্ৰত বিশেষ একো ফলাফল দেখুৱাব নোৱাৰিলে । এই তালিকাত আছে ‘অন্তিম: দ্য ফাইনেল ট্ৰুথ’, ‘দবাং 3’, ‘ভাৰত’, ‘ৰেচ 3’ । এই সকলোবোৰ ছবিয়েই বক্স অফিচত মজলীয়া ব্যৱসায় অৰ্থাৎ ছেমি-হিট বুলি প্ৰমাণিত হৈছে, যদিও হিট নহ’ল ।

‘টাইগাৰ 3’ৰ পৰা ছলমানৰ আশা

ছলমান খানৰ পূৰ্বৰ ছবি ‘টাইগাৰ জিন্দা হ্যা’ বক্স অফিচত ব্লকবাষ্টাৰ হৈছিল । 2017 চনত মুক্তি পাইছিল । এই ছবিখনে প্ৰথম দিনাই ৩৪ কোটি টকাৰ ব্যৱসায় কৰিছিল । কেৱল ভাৰততে ‘টাইগাৰ জিন্দা হ্যা’য়ে ৩৩৯ কোটি টকা উপাৰ্জন কৰিছিল আৰু ইয়াৰ বিশ্বব্যাপী সংগ্ৰহ আছিল 564 কোটি টকা । যোৱা 6 বছৰত ছলমান খানে এখনো হিট ছবি দিব পৰা নাই । এনে পৰিস্থিতিত ‘টাইগাৰ 3’ৰ পৰা ছলমানৰ যথেষ্ট আশা । 12 নৱেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবিখন ।

লগতে পঢ়ক: Salman-Katrina wishes Diwali: অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন টাইগাৰ-জোয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.