ETV Bharat / entertainment

Salman-Katrina wishes Diwali: অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন টাইগাৰ-জোয়াৰ

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 12:14 PM IST

মাত্ৰ দুদিন পিচত ছবিগৃহত মুক্তি লাভ কৰিব ছলমান খানৰ বহু প্ৰত্যাশিত ছবি টাইগাৰ 3 ৷ ইফালে ছবিখনৰ মুক্তিৰ পূৰ্বে ভাইজান আৰু কেটৰিণা কাইফে এটা বিশেষ পোষ্টেৰে অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনাইছে ৷

'Happy Diwali', Salman Khan and katrina Kaif wish Diwali together to fans ahead of Tiger 3 Release
অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন ছলমান-কেটৰিণাৰ

চিটাৰা ডেস্ক, 10 নৱেম্বৰ: এইবাৰ দীপাৱলীত ডাবল ধামাকা হ’ব । প্ৰথমটো হৈছে দীপাৱলী, য’ত সমগ্ৰ দেশৰ প্ৰতিটো ঘৰ আলোকিত হ’ব আৰু মানুহে নিজৰ ধৰণেৰে এই পোহৰৰ উৎসৱটো অতি আড়ম্বৰেৰে উদযাপন কৰিব ৷ দ্বিতীয়টো হৈছে এই বিশেষ দিনটোত বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আৰু কেটৰিণা কাইফৰ অভিনীত চোৰাংচোৱা- একচন ছবি ' 'টাইগাৰ ৩' মুক্তি পাব । ‘টাইগাৰ ৩’ মুক্তিৰ পূৰ্বে এতিয়া ছলমান খান আৰু কেটৰিণা কাইফে একত্ৰিত হৈ অনুৰাগীসকলক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে । ছলমান আৰু কেটৰিণাই পৰম্পৰাগত লুকৰ ছবি শ্বেয়াৰ কৰি অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনাইছে । এই ফটোখনত কেটৰিণা কাইফক আৰু ভাইজানক ধুনীয়া দেখা গৈছে ।

অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনালে ছলমান-কেটৰিণাই

‘টাইগাৰ ৩’ মুক্তিৰ মাজত আছে মাত্ৰ এটা দিন ৷ এনে পৰিস্থিতিত ছবিখন সফল কৰি তুলিবলৈ নিৰ্মাতা যশ ৰাজ ফিল্মছে যৎপৰোনাস্তি চেষ্টা কৰিছে । ইফালে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি ছলমান খান আৰু কেটৰিণা কাইফে অনুৰাগীক ছ’চিয়েল মিডিয়াত দীপাৱলীৰ শুভেচ্ছা জনাইছে । ছলমান খান আৰু কেটৰিণা কাইফে পৃথকে পৃথকে পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জনাইছে ।

'টাইগাৰ ৩' মুক্তিৰ বাবে অপেক্ষাত অনুৰাগী

উল্লেখ্য যে, ছলমান খান, কেটৰিণা কাইফ আৰু ইমৰাণ হাছমীৰ অভিনীত ছবি টাইগাৰ ৩ দেৱালী উপলক্ষে ১২ নৱেম্বৰত মুক্তি পাব । এনে পৰিস্থিতিত টাইগাৰ ৩ মুক্তিৰ পূৰ্বে ছলমান-কেটৰিণাই এটা সুন্দৰ পোষ্টৰ যোগেদি দীপাৱলীৰ শুভেচ্ছা জনাইছে অনুৰাগীক আৰু লগতে কয় যে এই দীপাৱলীত টাইগাৰ ৩ ৰ সৈতে ধামাকা কৰিবলৈ সাজু হওক ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, মনীষ শৰ্মাই পৰিচালনা কৰা টাইগাৰ ৩ ছবিখনত শ্বাহৰুখ খান আৰু হৃত্বিক ৰোশনৰ কেমিঅ’ৰ সম্ভাৱনা আছে । অৱশ্যে এই খবৰ কিমান সঁচা সেয়া প্ৰকাশ পাব ছবিখনৰ মুক্তিৰ পিচত হে ৷

লগতে পঢ়ক: Sara Ali Khan's diwali bash: ছাৰা আলী খানৰ দীপাৱলী পাৰ্টিত উপস্থিত ছাৰাৰ প্ৰাক্তন প্ৰেমিক, চাওক ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.