ETV Bharat / entertainment

IFFM 2022ৰ মঞ্চত শ্ৰেষ্ঠ অভিনেতা বঁটাৰে সন্মানিত ৰণভীৰ সিং

author img

By

Published : Aug 17, 2022, 1:34 PM IST

ৰণভীৰ সিঙে মেলবৰ্ণ আইএফএফএম বঁটা 2022 ৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে । এতিয়া অভিনেতাজনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে এই সুখ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে । কিন্তু কোনখন ছবিৰ বাবে এই বঁটা লাভ কৰিলে অভিনেতাজনে জানো আহকচোন-

Ranveer Singh
IFFM 2022ৰ মঞ্চত শ্ৰেষ্ঠ অভিনেতা বঁটাৰে সন্মানিত ৰণভীৰ সিং

চিটাৰা ডেস্ক, 17 আগষ্ট : আইআইএফএম চলচ্চিত্ৰ মহোৎসৱ 12 আগষ্টৰ পৰা মেলবৰ্ণত অনুষ্ঠিত হৈছে ৷ 30 আগষ্টলৈ চলিব এই মহোৎসৱ । এই মহোৎসৱ প্ৰতি বছৰে অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰত অনুষ্ঠিত হয় । এই মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ, টিভি শ্ব’ আৰু ৱেব চিৰিজ স্ক্ৰীণিং কৰা হয় ৷ দৰাচলতে এই মহোৎসৱৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰক উদযাপন কৰা হয় ৷

এইবাৰ আইআইএফএম চলচ্চিত্ৰ মহোৎসৱৰ মঞ্চত শ্ৰেষ্ঠ অভিনেতা বঁটাৰে সন্মানিত কৰা হয় ৰণভীৰ সিঙক ৷ বঁটাৰে সৈতে নিজৰ এখন ফটো আপলোড কৰি নিজৰ সুখ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে অভিনেতাজনে ৷ বিগত দেওবাৰে এই মহোৎসৱৰ বঁটাসমূহ ঘোষণা কৰা হৈছিল ৷

ৰণভীৰ সিঙে ইনষ্টাগ্ৰামত নিজৰ এখন ধুনীয়া ফটো শ্বেয়াৰ কৰি বঁটা লাভ কৰাৰ আনন্দ প্ৰকাশ কৰিছে । বঁটাৰে সৈতে ফটোখন পোষ্ট কৰি শিৰোনামত তেওঁ লিখিছে, "মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত 83 ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি মই সুখী" ।

IFFM ৰ 13 সংখ্যক সংস্কৰণ

আইএফএফএমৰ ত্ৰয়োদশ সংস্কৰণ মেলবৰ্ণত চলি আছে । এই মহোৎসৱ 30 আগষ্টত সমাপ্ত হ'ব ৷ বঁটাসমূহ ১৪ আগষ্টত পেলেচ থিয়েটাৰত বিতৰণ কৰা হৈছিল ।

ৰণভীৰ সিঙৰ উপৰিও ৱেব চিৰিজ মুম্বাই ডায়েৰীজ 26 আৰু বিদ্যা বালান আৰু শ্বেফালী শ্বাহ অভিনীত Jalsa ছবিখনে বঁটা লাভ কৰিবলৈ সক্ষম হয় । দক্ষিণ চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ সুৰ্য়াৰ হিট ছবি 'Jai Bhim' আৰু আলিয়া ভাট অভিনীত 'Gangubai Kathiawadi' য়ে মহোৎসৱত সৰ্বাধিক মনোনয়ন লাভ কৰে, কিন্তু দুয়োখন ছবি বঁটা লাভ কৰাত ব্যৰ্থ হয় ।

IFFM 2022 ৰ বিজয়ীসকলৰ তালিকা

শ্ৰেষ্ঠ চলচ্চিত্ৰ চলচ্চিত্ৰ: 83

শ্ৰেষ্ঠ পৰিচালক: সুজিত চিৰকাৰ (Sardar Udham) আৰু অপৰ্ণা সেন (The Rapist)

শ্ৰেষ্ঠ অভিনেত্ৰী: শ্বেফালী শ্বাহ (Jalsa)

শ্ৰেষ্ঠ চিৰিজ বলীউড: Mumbai Diaries 26/11

এটা চিৰিজৰ শ্ৰেষ্ঠ অভিনেতা: মোহিত ৰাইনা (Mumbai Diaries 26/11)

এটা চিৰিজৰ শ্ৰেষ্ঠ অভিনেত্ৰী: সাক্ষী তানৱাৰ (Mai)

শ্ৰেষ্ঠ ইণ্ডি চলচ্চিত্ৰ: Jaggi

উপমহাদেশৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ: Joyland

জীৱনজোৰা প্ৰাপ্তি বঁটা: কপিল দেৱ

ডিচৰাপ্তাৰ ইন চিনেমা এৱাৰ্ড: বাণী কাপুৰ (Chandigarh Kare Aashiqui)

ইকুৱালিটী ইন চিনেমা এৱাৰ্ড: Jalsa

লিডাৰশ্বীপ ইন চিনেমা এৱাৰ্ড: অভিষেক বচ্চন

লগতে পঢ়ক : বলীউডৰ জনপ্ৰিয় অভিনেতা শৰত চক্সেনাৰ আজি 72 সংখ্যক জন্মদিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.