ETV Bharat / entertainment

Ranveer Singh in FIFA World Cup: ফিফা ৱৰ্ল্ড কাপৰ ফাইনেলত ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব ৰণবীৰ সিং

author img

By

Published : Nov 1, 2022, 7:41 PM IST

ফিফা বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ আৰু দেশক প্ৰতিনিধিত্ব কৰিবলৈ ভাৰতৰ পৰা ৰণবীৰ সিঙক আমন্ত্ৰণ জনোৱা হৈছে । 18 ডিচেম্বৰত কাটাৰলৈ উৰা মাৰিব ৰণবীৰ সিং ।

Ranveer Singh
ফিফা ৱৰ্ল্ড কাপৰ ফাইনেলত ভাৰতক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব ৰণবীৰ সিং

চিটাৰা ডেস্ক, 1 নৱেম্বৰ : ফিফা ফুটবল বিশ্বকাপ 2022 এইবাৰ মধ্যপ্ৰাচ্যৰ দেশ কাটাৰত অনুষ্ঠিত হ’ব । ফিফা ফুটবল বিশ্বকাপৰ সৈতে জড়িত ৰণবীৰ সিঙৰ অনুৰাগীসকলৰ বাবে এক সুখবৰ । দৰাচলতে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ফিফা বিশ্বকাপৰ ফাইনেলত অংশগ্ৰহণ আৰু দেশক প্ৰতিনিধিত্ব কৰিবলৈ ভাৰতৰ পৰা ‘Gully boy’ অভিনেতা ৰণবীৰ সিঙক আমন্ত্ৰণ জনোৱা হৈছে । 18 ডিচেম্বৰত কাটাৰলৈ উৰা মাৰিব ৰণবীৰ সিং । 20 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ফিফা বিশ্বকাপ ।

এই ভাল খবৰটো বিয়পি পৰাৰ লগে লগে ৰণবীৰ সিঙৰ অনুৰাগীসকলৰ মাজত যথেষ্ট উত্তেজনা দেখিবলৈ পোৱা গৈছে । শেহতীয়াকৈ ৰণবীৰ সিঙক এটা ডাঙৰ কোম্পানীৰ বাবে প্ৰচাৰ চলোৱা দেখা গৈছিল । ইয়াৰ পূৰ্বে আবুধাবিত অনুষ্ঠিত হোৱা এনবিএ খেলতো দেখা গৈছিল ৰণবীৰক, য’ত তেওঁ বাস্কেটবলৰ খেলুৱৈ অ’ নীল আৰু ভিন্স কাৰ্টাৰক লগ পাইছিল ।

কেৱল এয়াই নহয়, পূৰ্বতে অমিতাভ বচ্চন, শ্বাহৰুখ খান আৰু আমীৰ খানৰ দৰে কিংবদন্তী ভাৰতীয় আইকনসকলে লাভ কৰা সন্মানীয় মাৰাকেশ চলচ্চিত্ৰ মহোৎসৱত ৰণবীৰ সিঙকো এটইল ডি'অৰ বঁটাৰে সন্মানিত কৰা হ'ব ।

ৰণবীৰ সিঙে 10 বছৰ পূৰ্বে বলীউডত যাত্ৰা আৰম্ভ কৰিছিল আৰু আজি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে । ছবিৰ উপৰিও ৰণবীৰ সিং অস্বাভাৱিক ফেশ্বনৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত ।

ৰণবীৰ সিঙৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে তেওঁক দেখা গৈছিল জয়েশভাই জোৰদাৰ ছবিখনত । বৰ্তমান তেওঁৰ আগন্তুক ছবিসমূহৰ ভিতৰত আছে আলিয়া ভাটৰ সৈতে ৰকি ঔৰ ৰাণী কি প্ৰেম কাহিনী আৰু দক্ষিণৰ অভিনেত্ৰী পূজা হেগড়েৰ সৈতে চাৰ্কাছ ।

লগতে পঢ়ক : Katrina Kaif instagram: কেটৰিণা কাইফৰ Halloween Look দেখি অবাক বিকী কৌশল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.