ETV Bharat / entertainment

Katrina Kaif instagram: কেটৰিণা কাইফৰ Halloween Look দেখি অবাক বিকী কৌশল

author img

By

Published : Nov 1, 2022, 1:43 PM IST

কেটৰিণাক দেখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিখ্যাত সংলাপ খতম টাটা বাই বাই ওলাল বিকীৰ মুখৰ পৰা (Katrina Kaif Halloween Look) ৷

Vicky Kaushal
কেটৰিণা কাইফৰ Halloween Look দেখি অবাক বিকী কৌশল

চিটাৰা ডেস্ক, 1 নৱেম্বৰ : এইবাৰ হেল’ৱিন ফেষ্টৰ ভূতে খেদি ফুৰিছে বলীউডৰ তাৰকাসকলক । বহু চেলেব্ৰিটীয়ে হেল’ৱিন পাৰ্টী আয়োজন কৰি নিজৰ ভয়ংকৰ ৰূপেৰে অনুৰাগীক আচৰিত কৰি তুলিছে । কেটৰিণা কাইফে হেল’ৱিন উপলক্ষে এটা অস্বাভাৱিক হেল’ৱিন লুক ধাৰণ কৰে যিটো ডিচি কমিক্স অৱ্ আমেৰিকাৰ এটা চৰিত্ৰ হাৰ্লি কুইনৰ পৰা অনুপ্ৰাণিত আছিল । কেটৰিণাৰ হেল’ৱিন লুকটো অতি আকৰ্ষণীয় দেখা গৈছে । স্বামী বিকী কৌশলে পত্নীৰ ৰূপ দেখি অবাক হৈ পৰিছে । কেটৰিণা কাইফে এই ভয়ংকৰ ৰূপত নিজৰ আগন্তুক ছবি ফোনভূতৰ প্ৰচাৰ চলাইছে ।

Vicky Kaushal
কেটৰিণা কাইফৰ Halloween Look দেখি অবাক বিকী কৌশল

খতম টাটা বাই-বাই

Halloween Look ৰ ছবিসমূহ কেটৰিণা কাইফে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে (Katrina Kaif instagram) । কেটৰিণাৰ ফটোত বিকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জনপ্ৰিয় সংলাপ খতম টাটা বাই-বাই বুলি কমেণ্ট কৰিছে ৷

অভিনেত্ৰী অনুষ্কা শৰ্মাইও সহ-অভিনেত্ৰী কেটৰিণাৰ এই লুকটোৰ ওপৰত মন্তব্য কৰি লিখিছে, Guess who just won halloweennnn 🤩💕 ৷

কেটৰিণা কাইফে এই ফটো কেইখন আপলোড কৰাৰ লগে লগে লাইক কমেণ্টেৰে ভৰি পৰে তেওঁৰ ইনষ্টাগ্ৰাম (Katrina Kaif Halloween Look) ৷ একে সময়তে কেটৰিণাই ফটো তোলাৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে ৷ ভিডিঅ’টোত কেপছন দি কেটৰিণাই লিখিছে, যেতিয়া স্বামী পৰিচালক হয় । ভিডিঅ'টোত বিকীয়ে কেটৰিণাক হেল’ৱিন লুকত কেনেদৰে প’জ দিব লাগে সেইয়া শিকাই থকা দেখিবলৈ পোৱা গৈছে । এই ভিডিঅ'টো 12 লাখৰো অধিক অনুৰাগীয়ে লাইক কৰিছে ।

লগতে পঢ়ক : 49 বছৰ সম্পূৰ্ণ কৰা ঐশ্বৰ্য ৰায় বচ্চনৰ কেইটামান আইকনিক ফেশ্বন ম’মেণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.