ETV Bharat / entertainment

Kalaastar song out : ৯ বছৰৰ পিচত কালাষ্টাৰৰ সৈতে পুনৰ উভতিল হানি সিং, 4 ঘণ্টাত 11 মিলিয়ন ভিউজ লাভ গীতটিৰ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 5:01 PM IST

9 বছৰৰ মূৰত পুনৰ ঘূৰি আহিল হানি সিং ৷ 2014 চনত মুক্তি পোৱা হানি সিঙৰ ব্লকবাষ্টাৰ গীত ‘দেশী কলাকাৰ’ৰ দ্বিতীয় অধ্যায়ৰ গীত ‘কালাষ্টাৰ’ মুকলি ৷ মুক্তিৰ 4 ঘণ্টাৰ ভিতৰতে ইউটিউবত 11 মিলিয়ন ভিউজ লাভ কৰে গীতটিয়ে ।

Kalaastar song out now Honey Singh Reunites With Sonakshi Sinha 9 Years After Delivering Hit Album Desi Kalakaar
গীত ‘কালাষ্টাৰ’ মুকলি

চিটাৰা ডেস্ক, 15 অক্টোবৰ: বলীউউৰ ৰেপাৰ তথা গায়ক হানি সিঙে এসময়ত নিজৰ গীতৰে দেশজুৰী আলোড়নৰ সৃষ্টি কৰিছিল ৷ আনকি হানি সিঙৰ প্ৰত্যেকটি গীত আজিও পাৰ্টিত বজোৱা হয় ৷ ‘ব্ৰাউন ৰং’, ‘দেশী কলাকাৰ’, ‘ব্লু আইজ’ আদি বহু ব্লকবাষ্টাৰ গীত দৰ্শকক উপহাৰ দিছে । কিন্তু হঠাৎ উদ্যোগটোৰ পৰা নাইকিয়া হৈ পৰে কণ্ঠশিল্পীগৰাকী ৷ ইয়াৰ পিচতে অনুৰাগীয়ে হানি সিঙৰ কামবেকৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৷ এতিয়া অনুৰাগীৰ বিশ্বাসৰ প্ৰতি সঁহাৰি জনায় সুদীৰ্ঘ ন বছৰ পাচত পুনৰ উদ্যোগটোলৈ ঘূৰি আহিছে হানি সিং ৷

হয়, শেহতীয়াকৈ হানি সিঙে তেওঁৰ জনপ্ৰিয় গীত ‘দেশী কলাকাৰ’ৰ দ্বিতীয় অধ্যায় ‘কালাষ্টাৰ’ৰ ঘোষণা কৰিছিল ৷ গীতটিৰ টিজাৰৰ সৈতে এই কথা ঘোষণা কৰিছিল হানি সিঙে ৷ ইয়াৰ পাচতে গীতটিৰ বাবে উৎসুক হৈ পৰিছিল অনুৰাগীসকল ৷ লগে লগে গীতটি 15 অক্টোবৰত মুক্তি দিয়া হ’ব বুলিও ঘোষণা কৰিছিল ৷ কথা মতেই কাম, অপেক্ষাৰ অন্তু পৰিল অনুৰাগীৰ ৷ আজি মুকলি হ’ল কালাষ্টাৰ গীতটি ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বলীউডৰ ৰেপাৰ তথা গায়ক হানি সিং আৰু অভিনেত্ৰী সোনাক্ষীৰ গীত ‘দেশী কলাকাৰ’ৰ পৰৱৰ্তী অধ্যায় ‘কালাষ্টাৰ’ৰ সৈতে 9 বছৰৰ মূৰত পুনৰ ঘূৰি আহিছে হানি সিং । ইয়াৰ প্ৰথম খণ্ড ‘দেশী কলাকাৰ’ 2014 চনত মুক্তি পাইছিল, যিটো ৰাইজে অতিশয় পছন্দ কৰিছিল ৷ এতিয়া এই গীতটিৰ দ্বিতীয় অধ্যায়ৰ ‘কালাষ্টাৰ’ মুকলি কৰা হৈছে । মুক্তিৰ 4 ঘণ্টাৰ ভিতৰতে ইউটিউবত 8.3 মিলিয়ন ভিউ লাভ কৰে গীতটিয়ে ।

'দেশী কলাকাৰ'ৰ পৰৱৰ্তী কাহিনী

২০১৪ চনত মুক্তি পোৱা সোণাক্ষী আৰু হানি সিঙৰ গীত ‘দেশী কলাকাৰ’ৰ কাহিনীত শেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হানী সিঙক । এই কাহিনীটো আগুৱাই লৈ গৈ কাৰাগাৰৰ পৰাই আৰম্ভ হৈছে কালাষ্টাৰৰ কাহিনী । ৯ বছৰৰ মূৰত যেতিয়া কাৰাগাৰৰ পৰা মুক্তি পায় হানি সিং, তেতিয়া তেওঁৰ এজন বন্ধুৱে তেওঁক নিবলৈ কাৰাগাৰলৈ আহে । ইয়াৰ মাজতে হানিয়ে বন্ধুক সোণাক্ষীৰ বিষয়ে প্ৰশ্ন কৰে, উত্তৰত বন্ধুৱে কয় যে তিনি বছৰ আগতে তাইৰ বিয়া হৈছে ।

বন্ধুৰ পৰা বিয়াৰ কথা শুনি হানিয়ে বন্ধুক সুধিলে যে এতিয়া ক’ত আছে, তাৰ পিচত বন্ধুৱে কয় যে তেওঁ আমছডাম আছে । ইয়াৰ উত্তৰত হানি সিঙে কয় আমছডামলৈ যাব লাগিব । এই বিষয়ে তেওঁৰ বন্ধুৱে কয় ভাতৃ তাইৰ বিয়া হৈছে । তাৰ পিছত হানিয়ে কয়- I want my Girl back । ইয়াৰ পিচত কালাষ্টাৰ গীতটি আৰম্ভ হয়, য’ত হানিক এটা ক্লাবত বহি থকা দেখা যায় আৰু সোণাক্ষীক স্বামীৰ সৈতে বহি থকা দেখা যায় । হানিক দেখি সোণাক্ষীয়ে স্বামীৰ পৰা আঁতৰি ৱাশ্বৰুমৰ ফালে যায় ৷ য’ত হানি সিঙো উপস্থিত হয় আৰু তাৰ পৰাই সোণাক্ষী সিং হানি সিঙৰ সৈতে পলাই যায় ৷

গীতটি অনুৰাগীয়ে অতিকৈয়ে পছন্দ কৰিছে ৷ এজন অনুৰাগীয়ে গীতটিৰ সন্দৰ্ভত মন্তব্য কৰি লিখিছে- যো যো হানি সিং ভাৰতৰ আটাইতকৈ ষ্টাইলিছ ৰেপাৰ কোনেও তেওঁক পৰাস্ত কৰিব নোৱাৰে । প্ৰাউড টু বি ইয়ো যো আৰ্মি ৷ আন এজনে লিখিছে- পুনৰ আহি আছে যো যো হানি সিঙৰ যুগ । এই গীতটি ভাল পাইছো ৷

লগতে পঢ়ক: PM Narendra Modi Maadi Song Out : নৱৰাত্ৰিৰ শুভক্ষণত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্বা গীত মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.