ETV Bharat / bharat

PM Narendra Modi Maadi Song Out : নৱৰাত্ৰিৰ শুভক্ষণত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্বা গীত মুকলি

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 2:22 PM IST

PM Narendra Modi Maadi Song Out
নৱৰাত্ৰি শ্ৰদ্ধা আৰু ভক্তিসহকাৰে উদযাপন

নৱৰাত্ৰিৰ শুভ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচনা কৰা নতুন গৰ্বা গীত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত মুকলি কৰিছে ।

ন্যেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নৱৰাত্ৰি উপলক্ষে তেওঁৰ দ্বাৰা লিখা ‘গৰ্বা’ এটা শ্বেয়াৰ কৰে । এই শুভ ক্ষণত তেওঁ ৰাইজক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সকলোৰে সুখ আৰু সমৃদ্ধিৰ কামনা কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত গৰ্বাৰ ভিডিঅ’ৰ ইউটিউব লিংক শ্বেয়াৰ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, ‘‘নৱৰাত্ৰিৰ শুভ উপলক্ষে যোৱা সপ্তাহত লিখা এটা গৰ্বা শ্বেয়াৰ কৰি সুখী হৈছো । এই উৎসৱমুখৰ সুৰে সকলোকে মোহিত কৰক । এই গৰ্বাত কণ্ঠদান আৰু সংগীত দিয়াৰ বাবে মিট ব্ৰাদাৰ্ছ, দিব্য কুমাৰক ধন্যবাদ জনাইছো’’ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিশেষকৈ নৱৰাত্ৰি উৎসৱৰ সময়ত গুজৰাটত গৰ্বা ডান্দিয়া পৰিৱেশন কৰা হয় । ৰাইজক নৱৰাত্ৰীৰ শুভেচ্ছা জনাই মোদীয়ে X ৰ এটা পোষ্টত কয় যে শক্তি প্ৰদয়িনী মা দুৰ্গাই সকলোৰে জীৱনত সুখ, সমৃদ্ধি, সৌভাগ্য আৰু সুস্বাস্থ্য কঢ়িয়াই আনক । জয় মাতা দী’’ ।

সমগ্ৰ দেশতে নৱৰাত্ৰি শ্ৰদ্ধা আৰু ভক্তিসহকাৰে উদযাপন কৰা হয় । ইয়াৰ পিচত আহে দশেৰা উৎসৱ । প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰা গীতটি কণ্ঠদান কৰিছে দিব্য কুমাৰে । আনহাতে মিট ব্ৰাদাৰ্ছৰ মনমীত সিং আৰু হৰমীত সিঙে ট্ৰেকটোৰ সংগীত ৰচনা কৰিছে । গীতৰ কথা উল্লেখ কৰোতে প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা উল্লেখ কৰে ৷

শনিবাৰে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিছিল গৰ্বো গীত :

প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰথমবাৰৰ বাবে নিজৰ লেখাৰ ক্ষমতা প্ৰদৰ্শন কৰা নাই । ইয়াৰ পূৰ্বেও তেওঁ নিজৰ লিখন ক্ষমতা প্ৰদৰ্শন কৰিছিল ৷ নৱৰাত্ৰীৰ এদিন পূৰ্বে প্ৰধানমন্ত্ৰীয়ে তনিষ্ক বাগচী আৰু ধ্বনি ভানুশালিৰ সৈতে সহযোগিতাৰ তথ্য দিছিল । তেওঁ নিজাকৈ ৰচনা কৰিছিল গৰ্বা গীত, যাৰ নাম 'গৰ্বো' ।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ টুইটটো ৰিটুইট কৰাৰ সময়ত ধ্বানীক ধন্যবাদ জনাই লিখিছে, ‘‘গৰ্বাৰ এই সুন্দৰকৈ প্ৰস্তুত কৰা ধ্বনিৰ বাবে, তনিষ্ক বাগচী আৰু Jjust Music ৰ দলটোক ধন্যবাদ । ই বহু স্মৃতি ঘূৰাই আনিছে । বহু বছৰ ধৰি লিখা নাই, কিন্তু যোৱা কেইদিনমানৰ ভিতৰত মই নতুন গৰ্বা এখন লিখিবলৈ সক্ষম হ'লো ৷ যিটো নৱৰাত্ৰিৰ সময়ত শ্বেয়াৰ কৰিম’’ ।

লগতে পঢ়ক : Navratri 2023 : দেশবাসীক নৱৰাত্ৰিৰ শুভেচ্ছা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.