ETV Bharat / entertainment

Maidaan Teaser: এই বিশেষ দিনটোত মুক্তি পাব ‘মৈদান’ৰ টিজাৰ, অজয় দেৱগণে অনুৰাগীক জনালে এই খবৰ

author img

By

Published : Mar 28, 2023, 1:36 PM IST

Ajay Devgans Maidaan teaser to release with Bholaa in theatre on 3th March
আহি আছে অজয় দেৱগণৰ নতুন ছবি মৈদান

অজয় ​​দেৱগণৰ ডাৱল ধামাকা ৷ অনুৰাগীৰ বাবে লৈ আহিছে আন এটা ডাঙৰ খবৰ ৷ অজয় দেৱগণৰ অভিনীত ছবি ‘ভোলা’ মুক্তি লাভৰ দিনাই মুকলি হ’ব অজয়ৰ আগন্তুক ছবি ‘মৈদান’ টিজাৰ (Maidaan Teaser) ৷

চিটাৰা ডেস্ক, 28 মাৰ্চ: অহা ৩০ মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিব বলীউডৰ সিংঘম অজয় ​​দেৱগণৰ অভিনীত ছবি ‘ভোলা’। এই ছবিখনৰ লগতে অভিনেতাগৰাকীয়ে নিজৰ অনুৰাগীৰ বাবে লৈ আহিছে আন এখন ডাঙৰ খবৰ ৷ আহি আছে অজয় ​​দেৱগণৰ নতুন ছবি ‘মৈদান’ (Maidaan Teaser) ৷ ৩০ মাৰ্চত অজয় ​​দেৱগণৰ ছবি ভোলা ছবিগৃহত মুক্তি পোৱাৰ লগতে আগন্তুক ছবি ‘মৈদান’ৰ টিজাৰো সেই একেদিনাই মুকলি কৰিব (Bholaa in theatre on 3th March) ৷

জানিব পৰা মতে চলিত বৰ্ষৰ ২৩ জুনত মুক্তি লাভ কৰিব এই ছবিখন । অজয় দেৱগণে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে নিজৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে এই ভাল খবৰটো (Ajay Devgan movie) ৷ ‘মৈদান’ ছবিখন নিৰ্মিত হৈছে ক্ৰীড়া নাটকৰ আধাৰত, য’ত অজয় ​​দেৱগণক ফুটবল প্ৰশিক্ষকৰ চৰিত্ৰত দেখা পাব দৰ্শকে । এনে পৰিস্থিতিত অজয় ​​দেৱগণে অনুৰাগীৰ সৈতে দুগুণ ধমাল কৰিব বুলি আশা কৰা হৈছে ।

জানি লওক মৈদান ছবিখনৰ বিষয়ে কিছু কথা

অজয় দেৱগণ, দক্ষিণৰ অভিনেত্ৰী প্ৰিয়মণি, গজৰাজ ৰাও আৰু দক্ষিণৰ অভিনেত্ৰী কীৰ্তি সুৰেশৰ অভিনীত ছবি মৈদানৰ প্ৰযোজনা কৰিছে বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা বনী কাপুৰে । আনহাতে ছবিখনৰ পৰিচালনা কৰিছে অমিত শৰ্মাই । ছবিখনত দৰ্শককে এ আৰ ৰহমানৰ কণ্ঠত শুনা পাব সংগীত । অৱশ্যে এই ছবিখনৰ মুক্তিৰ তাৰিখ বহুবাৰ সলনি কৰা হৈছে যদিও অৱশেষত চলিত বৰ্ষৰ ২৩ জুনত ছবিগৃহত মুক্তি পাব এই ছবিখন ৷

ভোলা ছবিখনৰ বিষয়ে জানি লওক কিছু নজনা কথা

একে সময়তে ৩০ মাৰ্চত ছবিগৃহত মুক্তি পাবলগীয়া অজয় ​​দেৱগণৰ ছবি ‘ভোলা’ত দেখা পোৱা যাব টাবু, আমলা পল আৰু কমেডী অভিনেতা দীপক ডোব্ৰিয়ালক (Ajay Devgn upcoming movie) । ‘ভোলা’ ছবিখন নিজেই পৰিচালনা কৰিছে অজয় ​​দেৱগণে । ভোলা ছবিখন হৈছে তামিল ছবি ‘কাইদী’ৰ হিন্দী ৰিমেক । তামিল অভিনেতা কাৰ্থীৰ অভিনীত ছবি ‘কাইদী’ পৰিচালনা কৰিছিল যুৱ পৰিচালক লোকেশ কানাগৰাজে । এই একচন-থ্ৰিলাৰ ছবিখন বক্স অফিচত হিট বুলি প্ৰমাণিত হৈছিল । এতিয়া তামিল ছবিৰ হিন্দী ৰিমেক ‘ভোলা’ই দৰ্শকৰ পৰা কেনেদৰে সঁহাৰি লাভ কৰে, সেয়া জানিব পৰা যাব ৩০ মাৰ্চত ।

লগতে পঢ়ক: Priyanka Chopra: বলীউড ত্যাগ কৰাৰ কাৰণ ক’লে প্ৰিয়ংকাই, ইয়াৰ পিচতে কৰণ জোহৰক টাৰ্গেট কংগনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.