ETV Bharat / entertainment

Priyanka Chopra: বলীউড ত্যাগ কৰাৰ কাৰণ ক’লে প্ৰিয়ংকাই, ইয়াৰ পিচতে কৰণ জোহৰক টাৰ্গেট কংগনাৰ

author img

By

Published : Mar 28, 2023, 12:45 PM IST

বলীউডৰ পৰা আঁতৰি থকাৰ কাৰণ দাঙি ধৰি নিজৰ দুখ প্ৰকাশ কৰিলে প্ৰিয়ংকা চোপ্ৰাই । আনহাতে, প্ৰিয়ংকা চোপ্ৰাৰ এই মন্তব্যৰ পিচতে বলীউডৰ স্পষ্টবাদী কুইন কংগনা ৰানাৱটে প্ৰত্যক্ষভাৱে কৰণ জোহৰক লক্ষ্য কৰি লয় (Priyanka Chopra)। প্ৰকৃততে কিহৰ কাৰণে বলীউড এৰিছিল প্ৰিয়ংকা চোপ্ৰাই ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Priyanka Chopra reveals why she away from Bollywood, Kangana Ranaut targeted Karan Johar
বলীউডৰ পৰা আঁতৰি থকাৰ কাৰণ দাঙি ধৰি নিজৰ দুখ প্ৰকাশ কৰিলে প্ৰিয়ংকা চোপ্ৰাই

চিটাৰা ডেস্ক, 28 মাৰ্চ: কেৱল বলীউডতেই নহয়, হলীউডতো খ্যাতি অৰ্জন কৰা গ্ল’বেল ষ্টাৰগৰাকীয়েই হৈছে প্ৰিয়ংকা চোপ্ৰা ৷ বলীউডত অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰা গ্ল’বেল ষ্টাৰগৰাকী হঠাৎ বলীউডক বিদায় দি ঢাপলি মেলে হলীউডলৈ ৷ আপুনি হয়তো ভাবিছে আমেৰিকান কণ্ঠশিল্পীৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ বাবেই বলীউড তথা ভাৰত এৰিছে প্ৰিয়ংকা চোপ্ৰাই ৷ কিন্তু আপুনি ভুল ভাবিছে, কিয়নো প্ৰিয়ংকাই বলীউডক বিদায় দিয়াৰ আঁৰত আছে বহুকেইটা কাৰণ (Priyanka Chapora reveals why she away from Bollywood) ৷

প্ৰথমবাৰৰ বাবে অনুৰাগীৰ সৈতে বলীউডৰ পৰা আঁতৰি থকাৰ কাৰণ ক’লে প্ৰিয়ংকাই ৷ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ এটা সাক্ষাৎকাৰত বলীউডৰ ভিতৰচৰাত আচলতে কি চলে সেই বিষয়ে অনুৰাগীক অৱগত কৰে । ইফালে অনুৰাগীৰ সৈতে দেশী গাৰ্লে বলীউডৰ বিষয়ে উল্লেখ কৰাৰ পিচতে এই বিষয়ে অৱগত হয় বলীউডৰ কুইন কংগনা ৰানাৱট (Priyanka Chopra and Kangana Ranaut) ৷

ইয়াৰ পিচতে ক্ষুব্ধ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগনা ৰানাৱটে । প্ৰিয়ংকা চোপ্ৰাৰ এই সাক্ষাৎকাৰৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কংগনাই বলীউডৰ গেঙৰ উদ্ধৃতি দি পোনপটীয়াকৈ বলীউডৰ জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰক লক্ষ্য কৰি লয় (Kangana Ranaut targeted Karan Johar)।

কিয় বলীউডৰ পৰা আঁতৰি আছে প্ৰিয়ংকা চোপ্ৰা ?

বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই ইখনৰ পিচত সিখনকৈ হিট ছবি উপহাৰ দি আহিছিল দৰ্শকক ৷ কিন্তু বলীউডত ইখনৰ পিচত সিখনকৈ হিট ছবি দৰ্শকক উপহাৰ দিয়া প্ৰিয়ংকাই হঠাৎ বলীউডৰ পৰা বিদায় লৈ আমেৰিকালৈ ঢাপলি মেলে । কিন্তু কিয় বলীউড এৰি যাবলগীয়া হ’ল প্ৰিয়ংকা চোপ্ৰাই ? এই কথা দেশী গাৰ্লে প্ৰকাশ কৰাৰ পিচতে আচৰিত হৈ পৰে সকলো ।

প্ৰিয়ংকা চোপ্ৰাই নিজৰ বহিঃৰাজ্যৰ ধাৰাবাহিক চিটাডেলৰ প্ৰমোচনৰ সময়ত ডেক্স শ্বেফাৰ্ডৰ প’ডকাষ্ট শ্ব’ৰ আৰ্মচেয়াৰ এক্সপাৰ্টৰ আগত কয়, ‘মই বলীউডৰ ৰাজনীতিত ভাগৰি পৰিছিলো আৰু মই বিচৰা কাম মই পোৱা নাছিলোঁ আৰু মোক দিয়া কামত মই সুখী নাছিলো । সেয়াহে মই বলীউড এৰি যোৱাৰ কথা চিন্তা কৰি আছিলো, মোক বলীউডৰ এটা চুকত ৰখা হৈছিল ৷ মোক কাষ্ট কৰা হোৱা নাছিল, অভিযোগ পাইছিলোঁ, মই ৰাজনীতি কৰাত ভাল নহয়, যেতিয়া মই ভাগৰি পৰিছিলো মই বলীউড এৰি যোৱাৰ সিদ্ধান্ত লৈছিলো ।"

কংগনা ৰানাৱটৰ প্ৰতিক্ৰিয়া

প্ৰিয়ংকা চোপ্ৰাৰ বলীউডৰ পৰা আঁতৰি যোৱাৰ কথা গম পোৱাৰ পিচতে ক্ষুব্ধ হৈ পৰে কংগনা ৰানাৱট (Kangana Ranaut reaction on Priyanka Chaporas statement) ৷ ইয়াৰ পিচতে আৰম্ভ হয় ছ’চিয়েল মিডিয়াত কুইনৰ এটাৰ পিচত আনটো পোষ্ট ৷ কংগনাই ধাৰাবাহিক পোষ্ট কৰি বলীউডৰ গেঙৰ উদ্ধৃতি দি কৰণ জোহৰক সমালোচনা কৰে (Kangana Ranaut and Karan Johar) ।

Priyanka Chopra reveals why she away from Bollywood, Kangana Ranaut targeted Karan Johar
বলীউডৰ পৰা আঁতৰি থকাৰ কাৰণ দাঙি ধৰি নিজৰ দুখ প্ৰকাশ কৰিলে প্ৰিয়ংকা চোপ্ৰাই

কংগনা ৰানাৱটে লিখিছে, ‘চাওক, প্ৰিয়ংকা চোপ্ৰাৰ দৰে শক্তিশালী ব্যক্তিত্বৰ এগৰাকীয়েও কৰণ জোহৰৰ বিৰুদ্ধে অভিযোগ আছিল আৰু ভাৰত এৰি যাবলৈ বাধ্য কৰাইছিল’। কংগনাই লগতে আনটো পোষ্টত লিখিছে, ‘প্ৰিয়ংকা চোপ্ৰাই বলীউডৰ বিষয়ে কি কৈছে, গেঙে তেওঁৰ সৈতে ডাঙৰ খেল খেলি তেওঁক বলীউড এৰিবলৈ বাধ্য কৰাইছিল, সকলোৱে জানে এয়া কাৰ কাম’।

Priyanka Chopra reveals why she away from Bollywood, Kangana Ranaut targeted Karan Johar
বলীউডৰ পৰা আঁতৰি থকাৰ কাৰণ দাঙি ধৰি নিজৰ দুখ প্ৰকাশ কৰিলে প্ৰিয়ংকা চোপ্ৰাই

লগতে পঢ়ক: Kangana Ranaut controversy: কোন হয় কংগনাৰ Male Vesrion? নিজেই প্ৰকাশ কৰিলে কংগনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.