ETV Bharat / entertainment

Kangana Ranaut: বলীউডৰ কুইন কংগনা ৰানাৱটে ৰচিব ইতিহাস

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:15 PM IST

ৰামলীলাৰ বাবে সকলো শ্ৰেণীৰ মহিলাক আমন্ত্ৰণ জনাইছে লভ-কুশ ৰামলীলা কমিটীয়ে । এইবাৰ প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই প্ৰদৰ্শন কৰিব ৰাৱণ দহন ।

Actress Kangana Ranaut to do Ravan Dahan at Delhis iconic Lav Kush Ramlila
কংগনা ৰানাৱটে কৰিব ৰাৱণ দহন

চিটাৰা ডেস্ক, 23 অক্টোবৰ: বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱট প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে । কেতিয়াবা যদি ব্যক্তিগত কাৰণত কেতিয়াবা আকৌ ছবিৰ বাবে চৰ্চাত থাকে অভিনেত্ৰীগৰাকী ৷ শেহতীয়াকৈ অভিনেত্ৰীগৰাকী পেহীয়েক হোৱা সন্দৰ্ভত চৰ্চালৈ আহিছিল । এতিয়া আগন্তুক ছবি ‘তেজস’ৰ বাবেও লাইমলাইটলৈ আহিছে কংগনা ৰানাৱট । এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে বায়ুসেনাৰ বিষয়াৰ চৰিত্ৰত অভিনয় কৰিব । ইয়াৰ মাজতে এতিয়া কংগনাৰ বিষয়ে আন এটা খবৰ আহিছে ৷

খবৰৰ অনুসৰি কংগনা ৰানাৱটে ৰচিব ইতিহাস । হয়, এইবাৰ কংগনাই দিল্লী ৰামলীলাত ৰাৱণ দাহ কৰিব । প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই ৰাৱণ দহন কৰিব । খবৰ অনুসৰি অহা ২৪ অক্টোবৰত ৰাজধানী দিল্লীত অনুষ্ঠিত হ’বলগীয়া দশেৰা উৎসৱত অংশগ্ৰহণ কৰিব কংগনা ৰানাৱটে আৰু ৰাৱণ দহনত অংশগ্ৰহণ কৰিব । দিল্লীৰ বিখ্যাত লব-কুশ ৰামলীলাত বহু ডাঙৰ ডাঙৰ চেলিব্ৰিটি আৰু ৰাজনীতিবিদসকলে ৰাৱণ দহন কৰি আহিছে ।

প্ৰতি বছৰে দিল্লীত লব-কুশ ৰামলীলাত এক বৃহৎ ৰামলীলাৰ আয়োজন কৰা হয় । য’ত অংশগ্ৰহণ কৰে বহু চলচ্চিত্ৰ তাৰকাসকলে । নৱৰাত্ৰিৰ পিচত দশেৰাত বৃহৎ আয়োজনৰে ৰাৱণ জ্বলোৱাৰ পৰম্পৰা আছে, য’ত শৰ মাৰি ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰা হয় । এইবাৰ কংগনা ৰানাৱটে ৰাৱণ দহন কৰিবলৈ সুযোগ লাভ কৰিছে । সাধাৰণতে এই ৰামলীলাত দেশৰ প্ৰধানমন্ত্ৰীয়ে ৰাৱণ দহন কৰে, কিন্তু এইবাৰ বলীউডৰ কুইনে এই দায়িত্ব লাভ কৰিছে।

ইয়াৰ সমান্তৰালকৈ লব-কুশ ৰামলীলা কমিটীয়ে ৰামলীলাৰ বাবে সকলো শ্ৰেণীৰ মহিলাক আমন্ত্ৰণ জনাইছে। এইবাৰ প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই প্ৰদৰ্শন কৰিব ৰাৱণ দহন । অৱশ্যে প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী ব্যস্ততাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।

ৰামলীলা সমিতিৰ এই পদক্ষেপ শেহতীয়াকৈ লোকসভা আৰু ৰাজ্যসভা উভয়ৰে গৃহীত মহিলা সংৰক্ষণ বিধেয়কৰ সমৰ্থনত লোৱা হৈছে ।

লগতে পঢ়ক: Bombay HC on Pakistani artists: পাকিস্তানী শিল্পীৰ বাবে ভাল খবৰ, বম্বে উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে এই নিষেধাজ্ঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.