ETV Bharat / entertainment

Bombay HC on Pakistani artists: পাকিস্তানী শিল্পীৰ বাবে ভাল খবৰ, বম্বে উচ্চ ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে এই নিষেধাজ্ঞা

author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 1:55 PM IST

এতিয়াৰে পুনৰ পাকিস্তানৰ তাৰকাসকলে বলীউডত কাম কৰাৰ সুযোগ লাভ কৰিব ৷ পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধিৰ আবেদন নাকচ কৰিছে বম্বে উচ্চ ন্যায়ালয়ে । ৭ বছৰ পূৰ্বে উৰি আক্ৰমণৰ পিচত পাকিস্তানী শিল্পীক নিষিদ্ধ কৰা হৈছিল ভাৰতত ৷

Good News for Pakistani artists, Bombay High court rejects plea to ban Pakistani artist in India
ফাৱাদ খানৰ দৰে পাকিস্তানী তাৰকাই পুনৰ বলীউডত কাম কৰিব পাৰিব

চিটাৰা ডেস্ক, 23 অক্টোবৰ: ভাৰতীয় চলচ্চিত্ৰ জগতত বহু পাকিস্তানী শিল্পীয়ে কাম কৰি জনপ্ৰিয়তা অৰ্জন কৰিছে ৷ সেয়া লাগিলে ফাৱাদ খানেই হওক বা মাহিৰা খানেই হওক, ৰাহত ফাতেহ আলী খান বা নুছৰত ফাতেহ আলী খানেই হওক হিন্দী চলচ্চিত্ৰ জগতত বহু পাকিস্তানী শিল্পীয়ে কাম কৰিছে ৷ ভাৰতীয় দৰ্শকেও এইসকল শিল্পীক বহুত ভাল পাইছিল ৷

কিন্তু ৭ বছৰ পূৰ্বে এটা ঘটনা সংঘটিত হৈছিল ৷ দৰাচলতে ২০১৬ চনত দেশত উৰি আক্ৰমণ সংঘটিত হৈছিল আৰু ইয়াৰ পিচতে সীমান্তৰ সিপাৰৰ পৰা শিল্পীৰ প্ৰৱেশ উদ্যোগটোত নিষিদ্ধ কৰা হৈছিল । এই খবৰৰ পিচতে পাকিস্তানী শিল্পীক ভাল পোৱা অনুৰাগীসকল নিৰাশ হৈ পৰিছিল ৷ কিন্তু এতিয়া আহিছে এটা ভাল খবৰ । বিগত ৭ বছৰে পাকিস্তানী শিল্পীৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞা বৃদ্ধিৰ দাবীত বম্বে উচ্চ ন্যায়ালত দাখিল কৰা আবেদন নাকচ কৰিছে আদালতে । অৰ্থাৎ এতিয়া আকৌ এবাৰ পাকিস্তানী শিল্পীয়ে ভাৰতত কাম কৰাৰ সুযোগ পাব ।

বম্বে উচ্চ ন্যায়ালয়ে পাকিস্তানী শিল্পীক দেশত নিষিদ্ধ কৰাৰ আবেদন নাকচ কৰিছে। এই আবেদনত ভাৰতীয় নাগৰিক, কোম্পানী আৰু সংগঠনসমূহে পাকিস্তানী অভিনেতা, গায়ক, সংগীতজ্ঞ আৰু কাৰিকৰী বিদ্যাবিদসকলক তেওঁলোকৰ প্ৰকল্পত অন্তৰ্ভুক্ত কৰাত বাধা দিবলৈ বিচাৰিছিল ।

কিন্তু এই সন্দৰ্ভত আদালতে কয় সাংস্কৃতিক সম্প্ৰীতি, ঐক্য আৰু শান্তি প্ৰসাৰিত কৰাটো প্ৰয়োজনীয় ৷ শিল্প, সংগীত, ক্ৰীড়া, সংস্কৃতি আৰু পৰম্পৰাৰ দৰে কাৰ্যকলাপে শান্তিৰ ক্ষেত্ৰত অৰিহণা যোগায় । ভাৰত চৰকাৰে পাকিস্তানী ক্ৰিকেট দলটোক ভাৰতত অনুষ্ঠিত হৈ থকা বিশ্বকাপত অংশগ্ৰহণৰ অনুমতি দিয়াৰ পিচতে বম্বে উচ্চ ন্যায়ালয়ে দেশত পাকিস্তানী শিল্পীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আবেদন নাকচ কৰে ।

দুখন দেশৰ মাজত শান্তি প্ৰসাৰিত হ’ব

ন্যায়াধীশ সুনীল বি শুক্ৰে আৰু ফিৰদোষ পি পুনিৱালাৰ বিচাৰপীঠে কয় যে, ‘‘এই আবেদনখন সাংস্কৃতিক সম্প্ৰীতি, ঐক্য আৰু শান্তি প্ৰসাৰিত কৰাৰ দিশত এক পশ্চাদপদ পদক্ষেপ। যিগৰাকী ব্যক্তি হৃদয়ৰ পৰা এজন ভাল ব্যক্তি, তেওঁ দুখন দেশৰ মাজত সম্প্ৰীতি, ঐক্য আৰু শান্তি বৃদ্ধি কৰা কাম-কাজক আদৰি ল’ব । শিল্প, সংগীত, ক্ৰীড়া, সংস্কৃতি, নৃত্য আৰু আন সকলো কামে সঁচাকৈয়ে শান্তি কঢ়িয়াই আনে ।’’

আদালতে লগতে কয় যে এনে আবেদন গ্ৰহণ কৰিলে ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ প্ৰসাৰৰ বাবে গ্ৰহণ কৰা ‘ইতিবাচক পদক্ষেপ’ক ক্ষতিগ্ৰস্ত কৰিব ।

উল্লেখ্য যে, পাকিস্তানী অভিনেতা ফাৱাদ খানে ‘কাপুৰ এণ্ড সন্স’ আৰু ‘এ দিল হায় মুশকিল’ৰ দৰে ভাৰতীয় চিনেমাত কাম কৰি আহিছে । ইফালে মাহিৰা খানে শ্বাহৰুখ খানৰ অভিনীত চিনেমা ‘ৰাইছ’ত অভিনয় কৰাৰ বিপৰীতে ছাবা কামাৰে ইৰফান খানৰ সৈতে ‘হিন্দী মিডিয়াম’ত কাম কৰিছে । ইয়াৰ পূৰ্বে আতিফ আছলাম আৰু ৰাহত ফাতেহ আলী খানৰ দৰে গায়কসকলে বহু ভাৰতীয় ছবিত নিজৰ কণ্ঠ নিগৰাইছে ।

লগতে পঢ়ক: Anil Kapoor: হঠাৎ কি হ’ল অনিল কাপুৰৰ ? কিয় ডিলিট কৰিলে ইনষ্টাগ্ৰামৰ সকলো পোষ্ট ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.