ETV Bharat / entertainment

মিছ নেপাল জেন দীপিকা গেৰেটে মিছ ইউনিভাৰ্ছ ২০২৩ ত ৰচিলে ইতিহাস

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 3:13 PM IST

Miss Nepal Jane Dipika Garrett makes history as first plus size model in Miss Universe 2023
মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগিতাত প্ৰথমগৰাকী প্লাছ চাইজ মডেল

Miss Universe 2023: মিছ ইউনিভাৰ্ছ ২০২৩ ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰেম্পত খোজ দিয়ে এগৰাকী প্লাছ চাইজ মডেলে । এই প্লাছ চাইজ মডেল গৰাকী আন কোনো নহয়, মিছ নেপাল জেন দীপিকা গেৰেট ।

চিটাৰা ডেস্ক, 20 নৱেম্বৰ: এইবাৰ বহু দিশত বিশেষ মিছ ইউনিভাৰ্ছ ২০২৩ ৰ প্ৰতিযোগিতা । দৰাচলতে মিছ ইউনিভাৰ্ছত বহু বছৰ ধৰি চলি অহা কু-সংস্কাৰবোৰ ২০২৩ ৰ প্ৰতিযোগিতাত আঁতৰাই পেলোৱা হৈছে ৷ এইবাৰ তৃতীয় লিংগ প্ৰতিযোগীৰ পৰা প্লাছ চাইজ মডেললৈকে সকলোৱে আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতা মিছ ইউনিভাৰ্ছ ২০২৩ ত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে ৷ অৱশ্যে এয়া প্ৰথমবাৰৰ বাবে হৈছে মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগিতাত ৷ একে সময়তে নেপালৰ প্লাছ চাইজ মডেলেও মিছ ইউনিভাৰ্ছ ২০২৩ ত অংশগ্ৰহণ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে ।

মিছ ইউনিভাৰ্ছ ২০২৩ ৰ প্ৰথমগৰাকী প্লাছ চাইজ মডেল হিচাপে পৰিগণিত নেপালৰ গেৰেট

মিছ নেপাল, জেন দীপিকা গেৰেট প্ৰতিযোগী হিচাপে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰৱেশ কৰা প্ৰথমগৰাকী প্লাছ চাইজ মডেল হিচাপে পৰিগণিত হৈছে । এল ছালভাডৰত অনুষ্ঠিত হোৱা প্ৰাৰম্ভিক প্ৰতিযোগিতাত ৰাণৱেত খোজ দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ২২ বছৰীয়া গেৰেটে । ইয়াৰ লগে লগে নেপালে স্লিম ফিট মডেলৰ সকলো কু-সংস্কাৰ আঁতৰাই পেলায় । মিছ ইউনিভাৰ্ছ ২০২৩ ত নেপালক প্ৰতিনিধিত্ব কৰিছিল সুন্দৰী আৰু আত্মবিশ্বাসী প্লাছ চাইজ মডেল জেন দীপিকা গেৰেটে ।

হৰম’নৰ সমস্যাৰ বাবে ওজন বৃদ্ধি পাইছিল জেনৰ

জেন দীপিকা গেৰেটে আন ২০ গৰাকী প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি মিছ নেপালৰ খিতাপ দখল কৰিছিল । মডেল হোৱাৰ উপৰিও জেন এগৰাকী নাৰ্ছ আৰু ব্যৱসায়িক বিকাশক । মহিলাৰ হৰম’ন আৰু মানসিক স্বাস্থ্যৰ সন্দৰ্ভতো সজাগতা বৃদ্ধিৰ কাম কৰে জেনে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি হৰম’নৰ সমস্যাৰ বাবে জেনৰ ওজন বৃদ্ধি হৈছিল । উল্লেখ্য যে জেনৰ ঘৰ নেপালৰ কাঠমাণ্ডুত, অৱশ্যে তেওঁ আমেৰিকাত জন্মগ্ৰহণ কৰিছে ।

ইফালে ৭২ সংখ্যক মিছ ইউনিভাৰ্ছৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে নিকাৰাগুয়াৰ শ্বেনিছ পলাচিঅ’ই । প্ৰথম ৰানাৰ্ছ আপ থাইলেণ্ডৰ এণ্টনিয়া পৰ্চিল্ড আৰু দ্বিতীয় ৰানাৰ্ছ আপ অষ্ট্ৰেলিয়াৰ মোৰায়া উইলছন ।

লগতে পঢ়ক: শ্বেনিছ পলাচিঅ’ৰ শিৰত মিছ ইউনিভাৰ্ছ ২০২৩ ৰ মুকুট, ভাৰতৰ পৰা কোনে কৰিছিল অংশগ্ৰহণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.