ETV Bharat / entertainment

শ্বেনিছ পলাচিঅ’ৰ শিৰত মিছ ইউনিভাৰ্ছ ২০২৩ ৰ মুকুট, ভাৰতৰ পৰা কোনে কৰিছিল অংশগ্ৰহণ ?

author img

By ANI

Published : Nov 19, 2023, 1:14 PM IST

Updated : Nov 19, 2023, 1:37 PM IST

Sheynnis Palacios from Nicaragua crowned as Miss Universe 2023
মিছ ইউনিভাৰ্ছ ২০২৩

Sheynnis Palacios won Miss Universe 2023 Title : ২০২৩ চনৰ মিছ ইউনিভাৰ্ছৰ খিতাপ দখল কৰিলে নিকাৰাগুয়াৰ শ্বেনিছ পলাচিঅ’য়ে । এই প্ৰতিযোগিতাৰ কিছু ফটো ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে । এই প্ৰতিযোগিতাত ৯০ খন দেশৰ সুন্দৰীয়ে অংশগ্ৰহণ কৰিছিল ।

চিটাৰা ডেস্ক, ১৯ নৱেম্বৰ : ৭২ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰিলে নিকাৰাগুয়াৰ শ্বেনিছ পলাচিঅ’য়ে । এই গ্ৰেণ্ড ইভেণ্টৰ আয়োজন কৰা হৈছিল এল ছেলভাডৰত । য’ত ৯০খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ পৰা গৈছিল ২৩ বছৰীয়া শ্বেতা শাৰদা । অৱশ্যে শ্বেতাই শীৰ্ষ দহটা স্থানতো স্থান লাভ কৰিব নোৱাৰিলে ।

কোনে পিন্ধালে মিছ ইউনিভাৰ্ছৰ মুকুট

মিছ ইউনিভাৰ্ছ শ্বেনিছ পলাচিঅ’ক আমেৰিকাৰ আৰ বনি গেব্ৰিয়েলে পিন্ধাই মিছ ইউনিভাৰ্ছৰ মুকুট । এই ইভেণ্টত অষ্ট্ৰেলিয়াৰ মৰায়া উইলছনে দ্বিতীয় ৰানাৰ্ছ আপ হোৱাৰ বিপৰীতে থাইলেণ্ডৰ এণ্টনিয়া পৰ্চিল্ড হয় প্ৰথম ৰানাৰ্ছ আপ । থাইলেণ্ডৰ এণ্টনিয়া, অষ্ট্ৰেলিয়াৰ মৰায়া উইলছন আৰু নিকাৰাগুয়াৰ শ্বেনিছ পলাচিঅ’ই শীৰ্ষ ৩ স্থানত স্থান লাভ কৰে । অৱশ্যে বিজয়ীৰ খিতাপ দখল কৰে শ্বেনিছ পলাচিঅ’য়ে ।

গণ সংযোগৰ বিষয়ে অধ্যয়ন কৰিছে পলাচিঅ’ই

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২০২৩ চনৰ মিছ ইউনিভাৰ্ছ খিতাপ লাভ কৰা শ্বেনিছ পলাচিঅ’ৰ জন্ম হৈছিল ২০০০ চনত । শ্বেনিছ পলাচিঅ’ই গণসংযোগ বিষয়ত অধ্যয়ন কৰিছে । ইয়াৰ সমান্তৰালকৈ তেওঁ ক্ৰীড়াৰ প্ৰতিও অত্যন্ত আগ্ৰহী । কেৱল এয়াই নহয় বিশ্ববিদ্যালয় পৰ্যায়তো ভলীবল খেলিছে শ্বেনিছে ।

ভাৰতৰ পৰা শ্বেতা শাৰদাই অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত

মিছ ইউনিভাৰ্ছৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ২৩ বছৰীয়া শ্বেতা শাৰদাই । অৱশ্যে শীৰ্ষ ১০ ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল শ্বেতাই । এইবাৰ পাকিস্তানেও মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল ৷ অৰ্থাৎ পোনপ্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে পাকিস্তানী যুৱতীয়ে ৷

লগতে পঢ়ক: ২০২৩ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰা শ্বেতা শাৰদাৰ বিষয়ে জানো আহক

Last Updated :Nov 19, 2023, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.