২০২৩ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰা শ্বেতা শাৰদাৰ বিষয়ে জানো আহক
Updated: Nov 18, 2023, 2:18 PM |
Published: Nov 18, 2023, 2:18 PM
Published: Nov 18, 2023, 2:18 PM
শ্বেতা শাৰদা এগৰাকী মডেল হোৱাৰ ওপৰিও নৃত্যশিল্পী, নৃত্য পৰিচালক আৰু Beauty Pageant Holder । নিজৰ কেৰিয়াৰৰ আৰম্ভণিতেই শ্বেতাই বহু নৃত্য-ৰিয়েলিটি শ্ব’ত অংশ লৈছে প্ৰতিভাৱান শ্বেতা শাৰদাই । তেন্তে আহক আজি আমি ২০২৩ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰা শ্বেতা শাৰদাৰ বিষয়ে আৰু তেওঁ কেনেকৈ এই পদ অৰ্জন কৰিবলৈ সক্ষম হ’ল সেই বিষয়ে জানি লও ৷

1/ 11
এইবাৰ ৭২ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা ১৮ নৱেম্বৰ ২০২৩ত এল ছালভাডৰ, ছান ছালভাডৰৰ জোচে এডলফো পিনেডা এৰিনাত অনুষ্ঠিত হ’ব । এইবাৰ ৮৪খন দেশ আৰু ক্ষেত্ৰৰ প্ৰতিযোগীয়ে এই সৌন্দৰ্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে ৷ জনাই দিও যে, ২০২৩ চনৰ ২৭ আগষ্টত অনুষ্ঠিত হৈছিল মিছ ডিভাৰ সৌন্দৰ্য প্ৰতিযোগিতা । অনুষ্ঠানৰ শেষত দিবিতা ৰায়ে তেওঁৰ উত্তৰাধিকাৰী শ্বেতা শাৰদাক মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২৩ৰ খিতাপ অৰ্পণ কৰে । ১৬ নৱেম্বৰৰ নিশা ৯:০০ বজাত ৰাষ্ট্ৰীয় সাজ-পোছাক প্ৰতিযোগিতা চাব পাৰিব । এই অনুষ্ঠানটো লাইভ বেছত লাইভষ্ট্ৰীম কৰা হ’ব, আনহাতে টেলিমুণ্ডোৱে আমেৰিকাত স্পেনিছ ভাষাত সম্প্ৰচাৰ কৰিব আৰু ৰ’কু চেনেলে ষ্ট্ৰীমিংৰ সুবিধা প্ৰদান কৰিব । ভাৰতীয় দৰ্শকৰ বাবে চূড়ান্ত প্ৰতিযোগিতাখন ১৯ নৱেম্বৰৰ পুৱা ৬:৩০ বজাত ISTত মিছ ইউনিভাৰ্ছৰ ইউটিউব চেনেল আৰু এক্স একাউণ্টত উপলব্ধ হ’ব । এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব এগৰাকী প্ৰতিভাৱান মডেল, নৃত্যশিল্পী তথা নৃত্য পৰিচালক শ্বেতা শাৰদাই ৷ এই বিশ্বব্যাপী মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ তেওঁ সম্পূৰ্ণ প্ৰস্তুত ৷ সেয়ে আজি আমি আপোনালোকক ক’বলৈ ওলাইছো ২০২৩ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰা শ্বেতা শাৰদাৰ বিষয়ে আৰু তেওঁ কেনেকৈ এই পদ অৰ্জন কৰিবলৈ সক্ষম হ’ল-
Loading...
Loading...
Loading...