ETV Bharat / crime

প্ৰেমিকাৰ পৰিয়ালৰ নিৰ্যাতনৰ ফলত প্ৰাণ গ’ল প্ৰেমিকৰ

author img

By

Published : Jun 12, 2021, 10:21 PM IST

namrup-murder-case
প্ৰেমিকাৰ পৰিয়ালৰ নিৰ্যাতনৰ ফলত প্ৰাণ গ’ল প্ৰেমিকৰ

প্ৰেমিকাৰ পৰিয়ালৰ নিৰ্যাতনৰ ফলত নামৰূপত প্ৰাণ গ’ল এজন প্ৰেমিকৰ ৷ এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ৰ নামৰূপত ৷ নামৰূপ আৰক্ষী থানাত এটা গোচৰ ৰুজু প্ৰেমিকৰ পৰিয়ালৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

মৰাণ, 12 জুন : ক’ভিড ভয়াবহতা মাজতে নামৰূপত সংঘটিত হৈছে এক চাঞ্চল্যৰ ঘটনা । প্ৰেমিকাৰ পৰিয়ালৰ নিৰ্যাতনৰ ফলত নামৰূপত এজন যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ ৷ শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ নামৰূপত প্ৰেমিকাক সাক্ষাৎ কৰিবলৈ গৈছিল বিষ্ণু বাগ নামৰ প্ৰেমিক যুৱকজনে ৷ জানিব পৰা মতে প্ৰেমিক প্ৰেমিকা হালৰ সম্পৰ্কক লৈ সন্মত নাছিল প্ৰেমিকাৰ পৰিয়ালৰ লোক ৷ যাৰ ফলস্বৰূপে যুৱকজনক প্ৰেমিকাৰ পৰিয়ালৰ লোকে অকথ্য নিৰ্যাতন চলাইছিল ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন ৷

প্ৰেমিকাৰ পৰিয়ালৰ নিৰ্যাতনৰ ফলত প্ৰাণ গ’ল প্ৰেমিকৰ

আহত যুৱকজনক পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হৈছিল যদিও চিকিৎসকজনে যুৱকজনক মৃত বুলি ঘোষণা কৰে ৷ প্ৰাণ হেৰুওৱা প্ৰেমিক যুৱকৰ পৰিয়ালে নামৰূপ আৰক্ষী থানাত ইতিমধ্যে এটা গোচৰ ৰুজু কৰিছে ৷ যুৱকৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে প্ৰেমিকা আৰু তেওঁৰ মাতৃসহ আন তিনিজনক গ্ৰেপ্তাৰ কৰিছে ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক:নাৰেংগীত লাইনচ্যুত মালবাহী ৰে'ল: যোগাযোগ ব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.