ETV Bharat / city

Lat Mandal Arrested in Jorhat: লাটমণ্ডলৰ ভাড়াঘৰৰ পৰা জব্দ বহু আপত্তিজনক নথিপত্ৰ

author img

By

Published : Oct 15, 2022, 7:46 PM IST

objectionable document seized from Lat Mandal who arrested in Jorhat
লাট মণ্ডল আব্দুল বাকি শ্বেখৰৰ ভাড়াঘৰৰ পৰা জব্দ বহু আপত্তিজনক তথ্য

দুৰ্নীতি নিৰ্বাৰক শাখাৰ হাতত আটক হোৱা যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ (Jorhat west Revenue Circle) লাটমণ্ডল আব্দুল বাকি শ্বেখৰ ভাড়া ঘৰৰ পৰা জব্দ হ’ল বহু আপত্তিজনক নথিপত্ৰ ৷ শনিবাৰে যোৰহাটত দুৰ্নীতি নিৰ্বাৰক আৰু তদাৰক শাখাৰ হাতত হাতে-লোটে ধৰা পৰিছিল আব্দুল বাকি শ্বেখ ৷

যোৰহাট, 15 অক্টোবৰ: দুৰ্নীতি নিৰ্বাৰক শাখাৰ হাতত আটক হোৱা যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ (Jorhat west Revenue Circle) লাটমণ্ডল আব্দুল বাকি শ্বেখৰ ভাড়া ঘৰৰ পৰা জব্দ হ’ল বহু আপত্তিজনক তথ্য ৷ শনিবাৰে এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত যোৰহাটত দুৰ্নীতি নিৰ্বাৰক আৰু তদাৰক শাখাই অভিযান চলাই ঘোচখোৰ লাটমণ্ডল আব্দুল বাকি শ্বেখ নামৰ বিষয়াজনক মাটি নামজাৰিৰ নামত উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে আটক কৰে (Lat Mandal Arrested in Jorhat) ৷

তাৰ পিছতেই দুৰ্নীতি নিৰ্বাৰক শাখাই ঘোচ খোৰ লাটমণ্ডল শ্বেখৰ লিচুবাৰী ভাড়া ঘৰত তালাচী চলাই বিভিন্ন আপত্তি জনক নথিপত্ৰ জব্দ কৰে (Objectionable document seized) ৷ লগতে নগদ প্ৰায় ৭২ হেজাৰৰো অধিক টকা জব্দ কৰে ৷ উল্লেখ্য যে, লাট মণ্ডল আব্দুল বাকি শ্বেখ যোৰহাট চক্ৰ বিষয়া কাৰ্যালয়ত পশ্চিম ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত লাট মণ্ডল হিচাবে কৰ্মৰত হৈ থকা অৱস্থাত লিচুবাৰী ভাড়া ঘৰটোতেই দুৰ্নীতি বজাৰখন মেলিছিল বুলি দুৰ্নীতি নিৰ্বাৰক আৰু তদাৰক শাখাই (Directorate Vigilance and Anti Corruption) তথ্য লাভ কৰিছিল ৷

লাটমণ্ডলৰ ভাড়াঘৰৰ পৰা জব্দ বহু আপত্তিজনক নথিপত্ৰ

অকল সেয়াই নহয় প্ৰায়ে উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছিল ধৃত লাটমণ্ডলজনৰ বিৰুদ্ধে ৷ পিছে এশ গৰু মাৰিলে বাঘৰো মৰণ বুলি অসমীয়াৰ ফকৰা-যোজনাটোৱে যেন সঁচা হ’ল লাট ণ্ডল আব্দুল বাকি শ্বেখৰ লগত ৷ শনিবাৰে এজন ব্যক্তিয়ে শ্বেখক মাটিৰ নামজাৰি কৰি দিয়াৰ বাবদ ৬০০০ হাজাৰ টকা দিয়াৰ কথা আছিল ৷ কথা মতেই ব্যক্তিজনে শ্বেখক ৬০০০ হাজাৰ টকা দিছিল ৷

পিছে সেইদিনা শ্বেখৰ কপাল বেয়া আছিল ৷ আগৰে পৰাই খাপ পাতি থকা দুৰ্নীতি নিৰ্বাৰক আৰু তদাৰকী শাখাৰ হাতত উৎকোচ লৈ থকা সময়তেই গ্ৰেপ্তাৰ হ’ল শ্বেখ (Lat Mandal Arrested taking bribe ) ৷ উল্লেখ্য যে, যোৱা মঙলবাৰে উৎকোচ লৈ আৰক্ষীৰ জালত পৰিছিল এজন জোৱান ৷ গৰুৰ চোৰাং সৰবৰাহ চক্ৰৰ পৰা ধন লৈ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছিল জোৱানজন ৷ ধৃত জোৱানজনৰ নাম মকবুল হুছেইন ৷

ঘটনা বিগত কিছুদিন পূৰ্বেও কলিয়াবৰত নৈশ বাছৰে গৰু সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল এগৰাকী মহিলা ৷ লগতে নৈশ বাছ সহ গৰু কেইটা আৰক্ষীয়ে জিম্মাৎ লৈছিল ৷ এই গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীক মোকলাই দিয়াৰ বাবদ উৎকোচ লোৱা বাবেই ধৃত জোৱান মকবুল হুছেইন গ্ৰেপ্তাৰ হয় ৷

ইফালে দুৰ্নীতি নিৰ্বাৰক শাখাই লখিমপুৰত এজন আৰক্ষী বিষয়াক উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে ৷ চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ডম্বৰু দত্তক গ্ৰেপ্তাৰ কৰি দুৰ্নীতি নিৰ্বাৰক শাখাই বিষয়াজনৰ পানীগাঁওস্থিত বাসগৃহটো তালাচী চলায় ৷

আনহাতে, কোকৰাঝাৰ আৰক্ষীয়ে বুধবাৰে এজন পৰিবহন বিষয়াক উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়ক: Lat Mandal Arrested in Jorhat: উৎকোচ লৈ যোৰহাটত গ্ৰেপ্তাৰ লাট মণ্ডল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.