ETV Bharat / state

Lat Mandal Arrested in Jorhat: উৎকোচ লৈ যোৰহাটত গ্ৰেপ্তাৰ লাট মণ্ডল

author img

By

Published : Oct 15, 2022, 3:05 PM IST

Lat mandal arrested at Jorhat
যোৰহাটত গ্ৰেপ্তাৰ দুৰ্নীৰ্তিগ্ৰস্ত লাট মণ্ডল

ৰাজ্যত দীঘলীয়া হৈ গৈ আছে উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰা চৰকাৰী কৰ্মচাৰীৰ তালিকা (Corrupted govt employees Assam) ৷ নিজৰ প্ৰাপ্ত দৰমহাৰ টকাৰে পেট নভৰা একাংশ ঘোচখোৰ বিষয়া-কৰ্মচাৰী খমখমীয়া নোটৰ সৈতেই হাত দঙাই ফটো তুলিছে দুৰ্নীতি নিবাৰক শাখাই (Directorate Vigilance and Anti Corruption) ৷ এইবাৰ যোৰহাটত ঘোচ লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে এজন লাট মণ্ডল ৷

যোৰহাট, ১৫ অক্টোবৰ: যোৰহাটত পুনৰ দুৰ্নীতি নিবাৰক আৰু তদাকাৰী শাখাৰ হাতত গ্ৰেপ্তাৰ দুৰ্নীৰ্তিগ্ৰস্ত লাট মণ্ডল (Lat Mandal arrested in Jorhat)। যোৰহাট পশ্চিম ৰাজহ চক্ৰৰ (Jorhat West Revenue Circle) লাট মণ্ডল আব্দুল বাকি শ্বেখক দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই (Directorate of Vigilance and Anti Corruption) এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত হাতে-লোটে গ্ৰেপ্তাৰ কৰে ।

যোৰহাটত গ্ৰেপ্তাৰ দুৰ্নীৰ্তিগ্ৰস্ত লাট মণ্ডল

ইতিমধ্যে শ্বেখৰ লিচুবাৰী মানিক নগৰৰ এটা ভাড়া ঘৰত তালাচী অব্যাহত ৰাখিছে দুৰ্নীতি নিৰ্বাৰক শাখাই । মাটি নামজাৰিৰ নামত লাট মণ্ডলজনে উৎকোচ গ্ৰহণ কৰিছিল । ইতিমধ্যে শ্বেখৰ ভাড়া ঘৰৰ পৰা দুৰ্নীতি নিবাৰক শাখা আৰু তদকাৰী শাখাই ৭২ হাজাৰ টকা উদ্ধাৰ কৰিছে ।

ইপিনে, যোৱা মঙলবাৰে উৎকোচ লৈ আৰক্ষীৰ জালত পৰিল খোদ গৃহৰগৃক্ষী জোৱান ৷ গৰুৰ চোৰাং সৰবৰাহ চক্ৰৰ পৰা ধন লৈ আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছে গৃহৰক্ষী জোৱান । কলিয়াবৰ আৰক্ষী থানাৰ (Kaliabor Police Station) গৃহৰক্ষী জোৱান মকবুল হুছেইনক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল উৎকোচ লোৱাৰ অপৰাধত ৷

ইয়াৰ পূৰ্বেও কলিয়াবৰত নৈশ বাছেৰে গৰুৰ চোৰাং সৰবৰাহ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আখতাৰা বেগম নামৰ এগৰাকী মহিলা (Cattle smuggling at Kaliabor)। মহিলাগৰাকীক গ্ৰপ্তাৰ কৰাৰ লগতে গৰুসহ জব্দ কৰা হৈছিল নৈশ বাছখন ৷ আটকাধীন মহিলাগৰাকীক মুকলি কৰি দিয়াৰ দ্বায়িত্ব লৈছিল গৃহৰক্ষী জোৱান মকবুল হুছেইনে ।

আনহাতে, মুখ্যমন্ত্ৰী তদাৰকী শাখাই মঙলবাৰে গ্ৰেপ্তাৰ কৰে লখিমপুৰৰ এজন আৰক্ষী বিষয়াক ৷ উৎকোচ লোৱা অৱস্থাতে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ASI (UB) ডম্বৰুধৰ দত্তক (Silonibari Outpost ASI arrested)৷ ডম্বৰু দত্ত কিছুদিনৰ বাবে চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছিল ৷ বিষয়াজনক কৰায়ত্ব কৰাৰ পাছত পানীগাঁওস্থিত আৰক্ষী বিষয়াজনৰ বাসগৃহগৃতো তালাচী চলায় মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ।

তদুপৰি কোকৰাঝাৰ আৰক্ষীয়ে বুধবাৰে নিশা কোকৰাঝাৰ জিলা পৰিবহন বিষয়াক গ্ৰেপ্তাৰ কৰে । দাবী-ধমকি তথা বলপূৰ্বকভাৱে ধন সংগ্ৰহৰ অভিযোগতে গ্ৰেপ্তাৰ কৰা হৈছে কোকৰাঝাৰ জিলা পৰিবহন বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক ৷ উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত আন্ত:ৰাজ্যিক তালাচী চকী শ্ৰীৰামপুৰত অবৈধভাৱে ধন সংগ্ৰহত জড়িত থকা ৯ জন যুবকক যোৱা ১০ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৷

উক্ত ঘটনা সন্দৰ্ভত গোসাইগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/ ৩৮৭/ ৫০৬/ ৩৪ ধাৰাৰ অধীনত ৩৮৬/২২ নম্বৰত গোচৰ ৰুজু কৰা হৈছিল ৷ উক্ত গোচৰৰ ভিত্তিতে জিলা পৰিবহন বিষয়া মুছাহাৰীক গ্ৰেপ্তাৰ কৰা হৈছে ৷

লগতে পঢ়ক: IIT খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.