ETV Bharat / city

জীৱনৰ আদিপাঠ আৰম্ভ কৰা বিদ্যালয়খনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Aug 19, 2021, 7:18 PM IST

বাল্যভৱনত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ ছাত্ৰ ৰূপে জীৱনৰ আদিপাঠ আৰম্ভ কৰা বিদ্যালয় খনত বৃহস্পতিবাৰে প্ৰাক্তন ছাত্ৰগৰাকী মুখ্যমন্ত্ৰী হিচাপে পদৰ্পণ কৰে ৷

chief-minister-dr-himanta-biswa-sarma-visit-jorhat-with-several-agendas-etv-bharat-assam
শৈশৱতে পঢ়া বিদ্যালয়লৈ উভতি গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

যোৰহাট,19 আগষ্ট: বৃহস্পতিবাৰে কেইবাটাও কাৰ্যসূচীৰে যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ যোৰহাটৰ বাল্যভৱনত আৰম্ভ কৰে এই যাত্ৰাৰ প্ৰথমতো কাৰ্যসূচী ৷ ছাত্ৰ ৰূপে জীৱনৰ আদিপাঠ আৰম্ভ কৰা বিদ্যালয় খনত বৃহস্পতিবাৰে প্ৰাক্তন ছাত্ৰগৰাকী মুখ্যমন্ত্ৰী হিচাপে পদৰ্পণ ৷ 1972 চনত প্ৰথম জীৱনৰ আদিপাঠ আৰম্ভ কৰিছিল এই বাল্যভৱনত ৷

chief-minister-dr-himanta-biswa-sarma-visit-jorhat-with-several-agendas-etv-bharat-assam
শৈশৱতে পঢ়া বিদ্যালয়লৈ উভতি গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নিজৰ নাম থকা ৰেজিষ্ট্ৰাৰ খনত প্ৰথম শাৰীতে নিজৰ নাম দেখি আপ্লুত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ৷ ৰেজিষ্ট্ৰাৰত মুখ্যমন্ত্ৰীয়ে লিখিলে" বাল্যভৱনলৈ আহি মনটো পুনৰ এবাৰ পবিত্ৰ হ'ল"৷ লগতে তেওঁ কয় যে, স্বাধীনতা দিৱসত 10 টা সংকল্প লোৱা হৈছিল ৷ তাৰে এটা আছিল বিদ্যালয়খনত উন্নীতকৰণ ৷ এই বিদ্যালয়খনত অকল ময়েই নহয়, মোৰ ভাতৃ সকলো ইয়াত অধ্যয়ন কৰিছিল ৷ এই স্কুলৰ বহু স্মৃতি জড়িত হৈ আছে, তাৰে এটা হৈছে ল'ফ আৰু কল খোৱা ৷" মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কলে, বিদ্যালয়ত মিড ডে’ মিলৰ প্ৰয়োজন, কিয়নো লঘোণে থাকি কোনেও পঢ়িব নোৱাৰে ৷

নিজ সংকল্প মতেই শৈশৱতে পঢ়া বিদ্যালয়লৈ উভতি গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

প্ৰাথমিক বিদ্যালয় সমূহত মন্টেচৰি আৰম্ভ কৰিব লাগিছিল ৷ বাল্যভৱনৰ পৰা শিকিবলগীয়া বহুত আছে ৷ চৰকাৰৰ দৃষ্টিত সকলো বিদ্যালয়েই সমান ৷ এইখন বিদ্যালয়তো এমালগেমচন হ'ব লাগে ৷ চাইঞ্চ লেব্ৰটৰী, ইন্ফ্ৰাষ্ট্ৰাকচাৰ ডেভলপমেন্ট কৰাতো মোৰ দায়িত্ব ৷ মোৰ বয়স কম আছিল, সেই বাবে ইমান কথা মনত নাই ৷ বাল্য ভৱনত কেতিয়াবাই অহাৰ মন আছিল; কিন্তু মন্ত্ৰী হিচাপে নহয়... এনেদৰে কৈ নষ্টালজিক হৈ পৰে মুখ্যমন্ত্ৰী গৰাকী ৷

নিজ সংকল্প মতেই শৈশৱতে পঢ়া বিদ্যালয়লৈ উভতি গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
নিজ সংকল্প মতেই শৈশৱতে পঢ়া বিদ্যালয়লৈ উভতি গ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

শিক্ষানুষ্ঠানখনৰ পুৰণি ভৱনৰ নক্সা অটুট ৰাখি ইয়াৰ ঐতিহ্যৰ সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে চলি থকা কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, ইতিপূৰ্বে ঘোষিত আনটাইড ফাণ্ডৰ 2 কোটি টকাৰ উপৰি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান হিচাপে বিদ্যালয়খনলৈ ৰাজ্য চৰকাৰে আগবঢ়াব অতিৰিক্ত 3 কোটি টকা । এই অনুষ্ঠানৰ পাচতেই মুখ্যমন্ত্ৰী গৰাকীয়ে ভাগ ললে দিলাখনৰ আন কেইবাটাও অনুষ্ঠানত ৷

লগতে পঢ়ক:পহিলা চেপ্টেম্বৰত আৰম্ভ হ’ব অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.