ETV Bharat / sports

আমি গোটেই ছিজনটোত অজেয়ৰ দৰে খেলিছো : শ্ৰেয়স আয়াৰ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 9:50 AM IST

IPL FINAL 2024 : কলকাতা নাইট ৰাইডাৰ্ছে তৃতীয়বাৰৰ বাবে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ খিতাপ অৰ্জন কৰাৰ পিছত শ্ৰেয়স আয়াৰে উল্লাসিত হৈ প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া । কে কে আৰে আৰম্ভণিৰে পৰা আই পি এলৰ ফাইনেলত আধিপত্য বিস্তাৰ কৰি মাত্ৰ ১১৩ ৰাণত ছানৰাইডাৰ্ছ হায়দৰাবাদক আউট কৰাৰ পিছত ৮ উইকেটত বিজয় সাব্য়স্ত কৰে ।

Kolkata Knight Riders
কলকাতা নাইট ৰাইডাৰ্ছ (ANI)

নেশ্য়নেল ডেস্ক, ২৭ মে’: কলকাতা নাইট ৰাইডাৰ্ছে এইবাৰৰ আই পি এল প্ৰতিযোগিতাত অজেয়ৰ দৰে খেলি খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । দেওবাৰে চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল 2024 ৰ চূড়ান্ত মেচত ছানৰাইডাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ পিচতেই এইদৰে মন্তব্য় কৰিছে কে কে আৰৰ অধিনায়ক শ্ৰেয়স আয়াৰে ।

দলীয় প্ৰচেষ্টাৰ বাবেই কলকাতা নাইট ৰাইডাৰ্ছে তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰিবলৈ সক্ষম হোৱা বুলি মন্তব্য় কৰি কে কে আৰৰ অধিনায়কগৰাকীয়ে কয় যে, তেওঁৰ দলটোৱে গোটেই ছিজনটোত অজেয়ৰ দৰে খেলিছে ।

খিতাপ দখলৰ পিচত ট্ৰফী হাতত তুলি লৈ কে কে আৰৰ অধিনায়ক শ্ৰেয়স আয়াৰে কয়, "এয়া আকাংক্ষিত বিজয় । আমি গোটেই ছিজনটোত অজেয়ৰ দৰে খেলিছো । এই মূহুৰ্তত খুউব ভাল লাগিছে । আমি দলটো আৰু প্ৰতিজন ব্যক্তিৰ পৰা এইটোৱেই দাবী কৰিছিলো" ৷

এক ব্যতিক্ৰমী দলীয় প্ৰচেষ্টাৰে কে কে আৰে এম এ চিদাম্বৰম ষ্টেডিয়ামত (চেপক) ছানৰাইডাৰ্ছ হায়দৰাবাদক আঠ উইকেটত পৰাস্ত কৰি খিতাপ দখলৰ পিচত তেওঁ পুনৰ কয়," তেওঁলোকে সঠিকভাৱে থিয় দিছে আৰু ইয়াৰ অনুভৱ সম্পৰ্কে প্ৰকাশ কৰাটো কঠিন । এয়া আনন্দদায়ক । মই এই মূহুৰ্তত প্ৰকাশ কৰিবলৈ শব্দ বিচাৰি পোৱা নাই" ৷

উল্লেখ্য় যে, ঘৰুৱা ক্ৰিকেটত মুম্বাইৰ হৈ খেলা ২৯ বছৰীয়া বেটছমেনগৰাকীক আই পি এল ২০২৪ ৰ পূৰ্বে মুম্বাইত কে কে আৰৰ শিবিৰত দেখা পোৱাৰ পিছত আৰু ৰঞ্জী ট্ৰফীত অংশগ্ৰহণ নকৰাৰ অভিযোগত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) মুকলি কৰা শেহতীয়া কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ দিয়া হৈছিল । অৱশ্যে তাৰ পিছত তেওঁ ৰঞ্জি ট্ৰফীৰ ছেমি ফাইনেল আৰু চূড়ান্ত খেলত অংশগ্ৰহণ কৰে । তাৰ পিছত তেওঁ আই পি এল ফ্ৰেঞ্চাইজিত যোগদান কৰে ।

২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পিছত শ্ৰেয়স আয়াৰক সুন্দৰ ফৰ্মত নথকা বাবে আগন্তুক টী-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত বাছনি কৰা হোৱা নাছিল যদিও এই বিজয়ত আনন্দিত হৈ কয়," পৰিস্থিতি যিয়েই নহওঁক কিয়, আমি প্ৰত্য়েকে কেৱল ইজনে সিজনক সমৰ্থন কৰিবলৈ চেষ্টা কৰিছিলো । অধিক প্ৰতিযোগিতামূলক ক্ৰিকেট খেলিবলৈ অপেক্ষা কৰিছো" ৷

কে কে আৰৰ অধিনায়কগৰাকীয়ে মিচেল ষ্টাৰ্কক প্ৰশংসাৰে উপচাই দিয়ে আৰু তেওঁৰ প্ৰদৰ্শন প্ৰসংগত কয়, "এইখন অতি চাপৰ মাজত খেলা মেচ আছিল আৰু খেলপথাৰত তেওঁ প্ৰদৰ্শন উন্নত আছিল । তেওঁ কেতিয়াও তেওঁৰ কৰ্মনৈতিকতাত আত্মসন্তুষ্টি প্ৰদৰ্শন কৰা নাই । তেওঁ সঠিক সময়ত সঠিকভাৱেই আগবাঢ়ি গৈছে । তেওঁ অলৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলকো প্ৰশংসা কৰি কয়, "তেওঁৰ হাতত যাদুদণ্ড আছে । তেওঁ উইকেট লোৱাৰ বাবে অপেক্ষা কৰি থাকে আৰু সেয়াই তেওঁক সহজ কৰি তুলিছিল" ৷

বিগত সময়ত হোৱা চৰ্চাৰ প্ৰসংগত আওপতীয়াকৈ বিজয়ৰ পিচতেই কলকাতা নাইট ৰাইডাৰ্ছক বলিং নেতৃত্ব দিয়া মাইকেল ষ্টাৰ্কে কয়, "ধনৰ কাৰণে বহুত কথাই ওলাইছে । মই এতিয়া জ্য়েষ্ঠ আৰু অধিক অভিজ্ঞ । সেয়েহে এই অভিজ্ঞতাই সেই সকলোবোৰৰ সৈতে মোকাবিলা কৰাত আৰু আক্ৰমণৰ নেতৃত্ব দিয়াত সহায় কৰিছে । ব্যক্তিগতভাৱে এইটো মোৰ বাবে যথেষ্ট আনন্দদায়ক আছিল" ৷

আনহাতে, ছানৰাইডাৰ্ছ হায়দৰাবাদৰ অধিনায়ক পেট কামিন্সে দলটোৰ প্ৰদৰ্শনত হতাশ হৈ কয়, "মই ভাবো যে তেওঁলোকে চমৎকাৰ বলিং কৰি আমাক পৰাজিত কৰিছে । এয়া আছিল জটিল উইকেট । ২০০ ৰাণ সংগ্ৰহ কৰিব পৰা উইকেট নাছিল । ১৬০ ৰাণ সংগ্ৰহ কৰিব পাৰিলেই বিজয়ৰ সুযোগ ল'ব পাৰিলোহেঁতেন" ৷

মিনি নিলামত ২০.৫০ কোটি টকাৰ বিনিময়ত অন্তৰ্ভুক্ত হোৱা কামিন্সে দলটোৰ নেতৃত্ব লোৱাৰ পূৰ্বে বিগত সময়ত পইণ্ট তালিকাৰ নিম্ন স্থানত আছিল ছানৰাইডাৰ্ছ হায়দৰাবাদ । এইবাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয় । অতি আক্ৰমণাত্মক দৃষ্টিভংগীৰে দলটোৱে এইবাৰ খেলৰ গতি সম্পূৰ্ণৰূপে সলনি কৰে । কামিন্সে তেওঁৰ খেলুৱৈসকলক চমৎকাৰ আই পি এল অভিযানৰ বাবে আৰু এছআৰএইচক সমৰ্থন কৰাৰ বাবে জনতাক ধন্যবাদ জ্ঞাপন কৰি কয়, "মই আগতেও বহুতো খেলুৱৈৰ সৈতে কাম কৰিছো যদিও এইবাৰ খুবেই ভাল লাগিল ।"

লগতে পঢ়ক:তৃতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কলকাতাৰ - IPL 2024 FINAL

৪ ৰানত জয়লাভ কলকাতা নাইট ৰাইডাৰ্ছৰ; খেলৰ হিৰো আন্দ্ৰে ৰাছেল - IPL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.