ETV Bharat / city

পহিলা চেপ্টেম্বৰত আৰম্ভ হ’ব অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া

author img

By

Published : Aug 19, 2021, 1:14 PM IST

অসম আৰক্ষী কনিষ্টবল পিএছটি/পিইটি (PST/PET) প্ৰক্ৰিয়া 2021ৰ 1 চেপ্টেম্বৰত 15 খন জিলাৰ বাবে পুনৰ আৰম্ভ হ'ব ৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চ মাহত ১৫ খন জিলাত অসম আৰক্ষীৰ কনিষ্টবলৰ পিইটি/পিএছটি ৰাউণ্ড বন্ধ কৰি দিয়া হৈছিল ।

assam police PST/PET exam will be started in 1st september
পহিলা চেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অসম আৰক্ষী কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া

নিউজ ডেস্ক, 19 আগষ্ট : আৰম্ভ হৈছে অসম পুলিচত নিযুক্তি প্ৰক্ৰিয়া ৷ ইচ্ছুক প্ৰাৰ্থীসকলে কৰিব পাৰিব অসম পুলিচৰ প-পত্ৰ পূৰণ প্ৰক্ৰিয়া ৷ ইতিমধ্যে, অসম ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে(Assam State Level Police Recruitment Board) ঘোষণা কৰিছে যে, চেপ্টেম্বৰত ২০১৮ চনৰ অসম আৰক্ষী কনিষ্টবল নিযুক্তিৰ বাবে শাৰীৰিক মানদণ্ডৰ আৰু শাৰীৰিক দক্ষতা পৰীক্ষা (PST/PET) পুনৰ আৰম্ভ কৰা হ'ব । যাৰ বাবে প্ৰাৰ্থীসকলে slprbassam.in অফিচিয়েল ৱেবছাইটৰ জৰিয়তে জাননীখন লাভ কৰিব ৷

উল্লেখ্য যে, অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চ মাহত ১৫ খন জিলাত কনিষ্টবল পিইটি/পিএছটি ৰাউণ্ড বন্ধ কৰি দিয়া হৈছিল । কিন্তু, বৰ্তমান বিভাগীয় কৰ্তৃপক্ষই জাৰি কৰিছে এক জাননী ৷ অসম ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে প্ৰকাশ কৰা জাননি অনুসৰি, 1 চেপ্টেম্বৰৰ পৰা ৰাজ্যৰ 15 খন জিলাতে PET/PST পৰীক্ষা অনুষ্ঠিত হ'ব ।

এই জাননীখনত উল্লেখ থকা অনুসৰি, PET/PST পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া জিলা 15 খন হৈছে-

1) বিশ্বনাথ

2) চিৰাং

3) দৰং

4) ধেমাজি

5) ধুবুৰী

6) হাইলাকান্দি

7) হোজাই

8) যোৰহাট

9) মৰিগাঁও

10) কামৰূপ(M)

11) কৰিমগঞ্জ

12) কাৰ্বি আংলং

13) শিৱসাগৰ

14) শোণিতপুৰ

15) ওদালগুৰি ৷

ওপৰোক্ত জিলাসমূহৰ প্ৰাৰ্থীয়ে slprbassam.in ৱেবছাইটত 20 আগষ্টৰ পৰা অসম আৰক্ষী কনিষ্টবল PST/ PET ৰ বাবে প্ৰয়োজনীয় প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব । অৱশ্যে, পূৰ্বতে PST/ PETত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পুনৰ এই পৰীক্ষাত বহাৰ প্ৰয়োজন নাই । এই সকলো কথা বিতং ভাৱে আৰক্ষী নিযুক্তি ব’ৰ্ডে এক জাননীযোগে প্ৰকাশ কৰিছে ৷

আৰক্ষী নিযুক্তি ব’ৰ্ডে প্ৰকাশ কৰা এই জাননীত উল্লেখ আছে যে, PST/PET ৰ পৰীক্ষা ৰাজ্যৰ আন 15 খন জিলাটো অতি শীঘ্ৰে অনুষ্ঠিত হ’ব ৷ অসম পুলিচৰ নিৰস্ত্ৰ শাখা (Constable in the unarmed branch) কনিষ্টবলৰ ২,৩৯১ টা পদ আৰু সশস্ত্ৰ শাখা (Constables in the armed branch)ত কনিষ্টবলৰ ৪,২৭১ টা পদ খালি হৈ আছে ৷ এই পদকেইটা পূৰণৰ বাবে অসম পুলিচে আৰম্ভ কৰিছে এই নিযুক্তি প্ৰক্ৰিয়া ৷

লগতে পঢ়ক : ১৮২৫ দিনত বলাৎকাৰৰ বলি ১৮,৬৯৩ গৰাকী শিশু কন্যা আৰু যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.