ETV Bharat / city

ATPA Shield Football Tournament: ৩০ মাৰ্চৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত এটিপিএ ফুটবল

author img

By

Published : Mar 17, 2022, 10:53 PM IST

Updated : Mar 17, 2022, 11:03 PM IST

৩০ মাৰ্চৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত এ টি পি এ ফুটবল প্ৰতিযোগিতা(ATPA Shield Football Tournament) । নিশা ভাগত অনুষ্ঠিত হ’ব ফুটবল প্ৰতিযোগিতাখন । নৰ্থ ইষ্ট ইউনাটেডৰ(North East United) দুভৰিৰ যাদুৰে মুখৰিত হ’ব যোৰহাট ষ্টেডিয়াম ।

ATPA Shield Football Tournament
৩০ মাৰ্চৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত এটিপিএ ফুটবল

যোৰহাট, 17 মাৰ্চ : উজনি অসমৰ প্ৰথমখন ষ্টেডিয়াম যোৰহাট ষ্টেডিয়াম । ১৯৫০ চনত স্থাপন হোৱা এই ষ্টেডিয়াম বহু ঐতিহ্যমণ্ডিত খেলৰ সাক্ষী । অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ফুটবল খেল বুলি ক’লে এ টি পি এ ফুটবল খেলখনৰ (ATPA Shield Football Tournament) ঐতিহ্য কিছু পৰিমাণে ম্লান পৰিছিল যদিও পুনৰ সেই ঐতিহ্য ঘূৰাই অনা প্ৰয়াস কৰা হৈছে । ৩০ মাৰ্চৰ পৰা যোৰহাট ক্ৰীড়া সন্থাৰ উদ্যোগত ৫৭ সংখ্যক এ টি পি এ শ্বিল্ড অনুষ্ঠিত হ’ব ।

বিগত দুটা বৰ্ষ ক’ভিডৰ বাবে অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল এই প্ৰতিযোগিতাখন । কিন্তু এই বৰ্ষ পুনৰ ফুটবল খেলখন আৰম্ভ হ’ব । ইতিমধ্যে দহটাকৈ দলে এইবাৰ খেলখনত অংশগ্ৰহণ কৰিব । অইল ইণ্ডিয়া, অসম পুলিচ ব্লুজ, গোৰ্খা ৰেজিমেন্ট শ্বিলং, বডৌচা এফ চি, নামবৰ এফ চি, আই এছ এলৰ দলৰ নৰ্থ ইষ্ট ইউনাটেড, এন আৰ এল কচিঙৰ লগতে যোৰহাট এ-ডিভিজনৰ চেম্পিয়ন ক্লাৱ আৰু ৰাৰ্ণাৰ আপ ক্লাৱে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব ।

৩০ মাৰ্চৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত এটিপিএ ফুটবল

কাষৰীয়া ৰাজ্য নাগালেণ্ড আৰক্ষীৰ দল আৰু দিল্লী এফ চি দলেও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । ১০ এপ্ৰিলত এ টি পি এ শ্লিল্ডৰ ফাইনেল খেলখন অনুষ্ঠিত হ’ব । ২ এপ্ৰিলত যোৰহাট ক্ৰীড়া সন্থাৰ শৰ্তবষৰ লগত সংগতি ৰাখি এইবাৰ সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰা হ’ব । যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সংবাদ মেলত এই কথা সদৰি কৰে সন্থাৰ সভাপতি শান্তনু পূজাৰীয়ে ৷

লগতে পঢ়ক : বৰপেটা সত্ৰত দৌল মহোৎসৱ: আজিৰে পৰা ভৰ দৌল

Last Updated :Mar 17, 2022, 11:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.