ETV Bharat / state

বৰপেটা সত্ৰত দৌল মহোৎসৱ: আজিৰে পৰা ভৰ দৌল

author img

By

Published : Mar 17, 2022, 4:59 PM IST

বৰপেটা সত্ৰত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আজিৰে পৰা আৰম্ভ ভৰ দৌল(Barpeta Satra Bhor Deul) ৷ সত্ৰৰ বুঢ়াসত্ৰীয়াৰ অসুস্থতাৰ বাবে ডেকাসত্ৰীয়াই ফাকুগুৰি ছটিয়াই গোসাঁইক জনালে সেৱা ৷

Deul Mahotshav at Barpeta Satra
বৰপেটা সত্ৰত আজি ভৰ দৌল

বৰপেটা, ১৭ মাৰ্চ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত বুধবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ(Holi celebration in Barpeta Satra) আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ভৰ দৌল ৷ বৃহস্পতি আৰু শুকুৰবাৰে দুদিন ধৰি অনুষ্ঠিত হ’ব এই ভৰ দৌল(Deul Mahotshav at Barpeta Satra) ৷ ভৰ দৌল উপলক্ষে বৃহস্পতিবাৰে দৌলগৃহত বিৰাজমান দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰি ছটিয়াই সেৱা জনোৱা হয় ৷

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া

ৰীতি অনুসৰি দুয়োজনা গোসাঁইক প্ৰথমে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াই ফাকুগুৰি ছটিয়াই সেৱা জনায় ৷ কিন্তু বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ(Burha Xattriya Basistha Dev Sarma) শাৰিৰীক অসুস্থতাৰ বাবে ডেকা সত্ৰীয়া গৌতম পাঠক বাপজনাই দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰি ছটিয়াই যথা নিয়মেৰে সেৱা জনায় ৷ পৰম্পৰা অনুসৰি বুঢ়াসত্ৰীয়া বাপজনাই গোঁসাইক ফাকুগুৰি ছটিয়াই সেৱা জনোৱাৰ পিচত ভক্ত-দৰ্শনাৰ্থীয়ে দৌলগৃহত দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক ফাকুগুৰিৰে সেৱা জনায় ৷

Deul Mahotshav at Barpeta Satra
বৰপেটা সত্ৰত আজি ভৰ দৌল

উল্লেখ্য যে, বুধবাৰৰ পৰা আৰম্ভ হোৱা শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ প্ৰথম দিনাৰ বহ্নুৎসৱ উপলক্ষে সেইদিনা বিয়লিৰ প্ৰসংগৰ পিছত সত্ৰৰ মণিকূট গৃহত থকা দৌল গোবিন্দ গোসাঁইক সত্ৰৰ পূব দুৱাৰেৰে আৰু কলীয়া ঠাকুৰ গোসাঁইক ঘাই দুৱাৰেৰে মঠৰ চোতাললৈ অনা হয় ৷ মঠৰ চোতালত সত্ৰীয়া ৰীতি অনুসৰি মহাস্নান সম্পন্ন কৰাৰ পিচত সন্ধিয়া দুয়োজনা গোসাঁইক মেজিৰ চাৰিওপিনে সাতপাক প্ৰদক্ষিণ কৰাই যোগমোহন গৃহত ৰাখি যথা-ৰীতি দৌলত আৰোহণ কৰোৱা হয় ৷

Deul Mahotshav at Barpeta Satra
বৰপেটা সত্ৰত আজি ভৰ দৌল

লগতে পঢ়ক : ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰঙিয়াত উখল–মাখল পৰিৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.