ETV Bharat / city

বাংলাদেশী তুষ্টিকৰণত অতিকে সক্ৰিয় সোণোৱাল : উপমন্যু হাজৰিকা

author img

By

Published : Aug 8, 2020, 5:29 PM IST

৫ আগষ্টত সংগঠিত হোৱা বৰচলা সমষ্টিত হিংসাত্মক ঘটনাত "পাকিস্তান জিন্দাবাদ" ৰ শ্ল’গান ভিডিঅ'ত স্পষ্টভাবে প্ৰকাশ পাইছে, লগতে উপস্থিত ৰাইজে সমস্বৰে এনে শ্লোগান দিয়া বুলি অভিযোগ দিছে । কিন্তু শোণিতপুৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে বিনা তদন্তে এইটো নাকচ কৰিলে । ইয়াৰ ৰহস্য কি ? উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ প্ৰশ্ন ৷

Sonowal is very active in Bangladeshi appeasement: Upamanyu Hazarika
Sonowal is very active in Bangladeshi appeasement: Upamanyu Hazarika

গুৱাহাটী, ৮ আগষ্টঃ বাংলাদেশী প্ৰীতিত নামি পৰিছে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰ । এই অভিযোগ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাৰ । শণিবাৰে এক ভিডিঅ' বাৰ্তাত উল্লেখ কৰি কয় যে, ৫ আগষ্টত বৰচলা সমষ্টিত হিংসাত্মক ঘটনাত "পাকিস্তান জিন্দাবাদ" ৰ শ্ল’গান ভিডিঅ'ত স্পষ্টভাবে প্ৰকাশ পাইছে ৷ কিন্তু শোণিতপুৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে বিনা তদন্তে এইয়া নাকচ কৰিলে । ইয়াৰ ৰহস্য কি বুলি প্ৰশ্ন কৰে হাজৰিকাই ৷

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক জ্ঞাত নহয় নেকি যে, যিসকলে পাকিস্তান জিন্দাবাদ শ্ল’গান দিছিল, তেওঁলোক যে প্ৰকৃততে চৰকাৰী ভূমি বেদখলকাৰী । পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াটো হৈছে ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ । কোনো খিলঞ্জীয়াই চৰকাৰক সমালোচনা কৰিলে বা চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে বৰ্তমানৰ চৰকাৰখনে তেওঁলোকৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ জাপি দিবলৈ সংকোচ নকৰে । কিন্তু পাকিস্তান জিন্দাবাদ শ্ল’গান দিয়া বুলি ভিডিঅ' প্ৰমাণ আৰু বহু সাক্ষী থকাৰ পিছতো এইখন চৰকাৰে এনেধৰণৰ ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ লুকুৱাবলৈ চেষ্টা কৰিছে । ইয়াৰ গুৰিতে আছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ ভোটৰ আশাত কৰা বাংলাদেশী তুষ্টিকৰণ ।

বাংলাদেশী তুষ্টিকৰণত অতিকে সক্ৰিয় সোণোৱাল : উপমন্যু হাজৰিকা

যদিও সৰ্বানন্দ সোণোৱালক ৰাইজে এজন নিষ্ক্ৰিয় মুখ্যমন্ত্ৰী হিচাপে গণ্য কৰে, কিন্তু প্ৰকৃততে তেওঁ বাংলাদেশী তুষ্টিকৰণত সম্পূৰ্ণ সক্ৰিয় ।

উদাহৰণ স্বৰূপে NRC ৰ সময়ত NRC প্ৰক্ৰিয়াত জড়িত অপৰাধ দৈনন্দিন তথ্য সহকাৰে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল উৎকোচ দিয়া ভিডিঅ', জাল নথি পত্ৰ, বিদেশীক বিষয়া হিচাপে নিযুক্তি ইত্যাদি ইত্যাদি । কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ তদন্ত নহ'ল আৰু সেইকাৰণে NRC ৰ লগত জড়িত অপৰাধী বিলাক সাৰি গ'ল আৰু আমি এখন বিদেশীৰে ভৰা NRC পালোঁ ।

ইপিনে চৰকাৰৰ বাংলাদেশী তুষ্টিকৰণ ইয়াতে সীমাবদ্ধ নহয় বুলি উল্লেখ কৰে হাজৰিকাই । অৰ্ণমাই বৰাৰ নৃশংস হত্যাকাণ্ডই যমুনামূখত বাছি থকা ২০ শতাংশ খিলঞ্জীয়াক নিৰাপত্তাহীন কৰিলে । তেখেত এজন ভাৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল হোৱা স্বত্তেও তেওঁৰ সন্তানে ক্ষতিপূৰণ হিচাপে নিজৰ প্ৰাপ্য চৰকাৰী চাকৰিটো নাপালে । আনফালে ABMSU ৰ নেতা লফিকুল ইছলামৰ হত্যাত, এইখন চৰকাৰেই তেওঁৰ পৰিয়ালৰ দুজন সদস্যক চৰকাৰী চাকৰি দিলে, যি কিন্তু আইনগত ভাবে প্ৰাপ্য নাছিল ।

আনহাতে, ২০১৭ চনৰ নৱেম্বৰত ছিপাঝাৰৰ স্বৰ্গীয় আনন্দ দাসক নিজ মাটিতে খেতি কৰি থকা অৱস্থাত বেদখলকাৰী বাংলাদেশীয়ে হত্যা কৰে । কিন্তু তেওঁৰ হত্যাকাৰী চৰকাৰৰ পৃষ্ঠপোষকতাতে মুকলিকৈ ঘূৰা ফুৰা কৰি আছে । আনফালে প্ৰায় একেই সময়তে চুবুৰীয়া এলেকা ধূলাত আৰক্ষী থানা আক্ৰমণ কৰা এটা বাংলাদেশী দলক আৰক্ষীয়ে ‌প্ৰত্যাক্ৰমণত গুলীচালনা কৰাত ৩ জন নিহত হয় । থানাত আক্ৰমণ কৰাটো এটা ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ । কিন্তু দিছপুৰৰ পৰা মুখ্যমন্ত্ৰীয়ে দুজন মন্ত্ৰী, তিনিজন বিধায়ক সহ এটা চৰকাৰী দলক ঘটনাস্থলীত উপস্থিত হৈ ৰাষ্ট্ৰদ্ৰোহী সকলৰ আগত ঘটনাটোৰ কাৰণে চৰকাৰ তথা বিজেপিৰ ফালৰ পৰা ক্ষমা-প্ৰাৰ্থনা কৰিবলৈ আদেশ দিয়ে । বিগত দশকৰ পৰা যদিও কংগ্ৰেছে পৰোক্ষভাৱে বাংলাদেশী সংস্থাপন দি তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছে, কিন্তু বৰ্তমানৰ তথাকথিত হিন্দুত্ববাদী চৰকাৰখনে মুক্তভাৱে, বিনা সংকোচে বাংলাদেশী তুষ্টিকৰণ কৰি আছে ।

লগতে চাওক-বিহাৰত বানৰ ভয়াৱহ ৰূপঃ এইপৰ্যন্ত মৃত্যু 23 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.