ETV Bharat / city

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 15, 2022, 7:04 PM IST

news-at-7
7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন

চৌদিশে ৰঙালীৰ ৰঙ । পহিলা ব'হাগত মানুহৰ বিহু বা বৰ বিহু উদযাপন কৰিছে অসমবাসীয়ে(Rangali Bihu 2022) । বছৰটো কুশলে যাবলৈ সত্ৰ-নামঘৰ-মন্দিৰত ভিৰ কৰিছে ভক্তই । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰটো ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হৈছে অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহু ।

সমুখত GMC নিৰ্বাচন : কেনে গৈছে ছুটী নোপোৱা মন্ত্ৰীৰ বিহু

এইবাৰৰ বহাগ বিহুত কোনো মন্ত্ৰীৰে ছুটী নাই (No bihu leave for ministers) । মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশ । বিহুৰ ছুটী বুলিবলৈ এইবাৰ দুটা দিনহে মন্ত্ৰীসকলক দিয়া হৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ পালন কৰি কাইলৈৰ ভিতৰত সকলো মন্ত্ৰী গুৱাহাটীত উপস্থিত হ’ব ।

উৰন্ত INDIGO বিমানত যাত্ৰীৰ মোবাইলত জুই

ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী INDIGO বিমানত অঘটন(Accident on INDIGO flight from Dibrugarh to Delhi) । উৰন্ত বিমানৰ ভিতৰত এগৰাকী যাত্ৰীৰ মোবাইলত জুই লগাত হাঁহাকাৰ লাগে বিমানখনৰ ভিতৰত(Fire broke out inside a moving plane) । কেবিন ক্ৰু সদস্যৰ তৎপৰতাত নিৰ্বাপিত জুই ।

সাংস্কৃতিক মন্ত্ৰীৰ গৃহ জিলাত বিহুক বিকৃতকৰণৰ অভিযোগ

চৌদিশে ৰঙালীৰ উছাহ(Rangali Bihu 2022) । পহিলা ব'হাগত বিহুৰ আনন্দই চুইছে সকলোকে । কিন্তু ইয়াৰ মাজতে বিতৰ্কত সোমাই পৰিছে এখন বিহু । ডিব্ৰুগড় মাৰোৱাৰী যুৱ মঞ্চই বিকৃতৰূপত বিহু উপস্থাপন কৰাৰ অভিযোগ ।

Shopian road accident : জম্মু-কাশ্মীৰত শ্বহীদ হ’ল ৰাজস্থানৰ দুই জোৱান

জম্মু-কাশ্মীৰৰ শ্ব’পিয়ানত চলি থকা সংঘৰ্ষত সন্মুখৰ পৰা নেতৃত্ব দিবলৈ যোৱাৰ পথত দুৰ্ঘটনাত পতিত সেনাৰ এখন বাহন । এই দুৰ্ঘটনাত ৰাজস্থানৰ দুগৰাকীকৈ জোৱান শ্বহীদ (2 jawans of Rajasthan martyred) হয় । মুখ্যমন্ত্ৰী অশোক গেহলটৰ শোক প্ৰকাশ ।

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা : অসমৰ বাবে অশুভ নতুন বছৰ

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা (Year prediction of Barpeta Satra) অনুসৰি চীন, পাকিস্তানে ভাৰতত আক্ৰমণ কৰাৰ সম্ভাৱনা ৷ ৰাজ্যৰ সকলো ৰাজনৈতিক নেতাই সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন ৷ শনি-মংগলৰ প্ৰতিকাৰৰ বাবে মুখ্যমন্ত্ৰীক দক্ষিণা কালী পূজা আৰু বগলামুখী পূজা কৰাৰ দিহা ৷

Scam in Gaon Panchayat: মৈৰাবাৰী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

চৰম স্বৈৰাচাৰী, ব্যাপক দুৰ্নীতি আৰু লুণ্ঠনৰ অভিযোগত মৰিগাঁও জিলাৰ এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনা হৈছে অনাস্থা প্ৰস্তাৱ ৷ বিগত তিনি বছৰৰ কাৰ্যকালত এখনো সভা অনুষ্ঠিত নকৰি সমুদায় ধন লুণ্ঠন কৰি অহাৰ অভিযোগত অনা অনাস্থা প্ৰস্তাৱত পঞ্চায়তটোৰ গৰিষ্ঠ সংখ্য়ক সদস্য-সদস্যাই স্বাক্ষৰ প্ৰদান কৰে (No confidence motion against Mairabari Panchayant president) ৷

Ranbir Alia Wedding: প্ৰাক্তন প্ৰেমিক ৰণবীৰলৈ বিয়াৰ শুভেচ্ছা কেটৰিণা-দীপিকাৰ

অৱশেষত স্বামী-স্ত্ৰীৰ সম্পৰ্কত বান্ধ খালে ৰণবীৰ-আলিয়া ৷ বলীউডৰ বহুল চৰ্চিত বিয়াখন অৱশেষত হ’লগৈ (Ranbir Alia Wedding) ৷ পাপাৰাজী, অনুৰাগীৰ পৰা বলীউড তাৰকালৈকে সকলোৱে দুয়োকে সামাজিক মাধ্যমত যাচিছে শুভেচ্ছা (Wedding wishes to Ranbir Alia) ৷ কিন্তু দুটা বিশেষ শুভেচ্ছা বাণীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

মিৰাটত গ্ৰেপ্তাৰ গো-মাফিয়া আকবৰ বানজাৰা

গো-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ আৰক্ষীৰ অভিযান (Police operation against cow mafia) । কিন্তু আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল কুখ্যাত গো-মাফিয়া আকবৰ বানজাৰা । অৱশেষত আৰক্ষীৰ জালত গো- মাফিয়া আকবৰ ।

ছাগলীৰ মাংস খাই ভাল পায় যদি আপুনিও সাৱধান হওক !

শাৰীৰিক শক্তি অথবা আনন্দৰ লগতে বিভিন্ন সময়ত খাদ্যই মানুহক দিব পাৰে অপৰিসীম যন্ত্ৰণা তথা কিছু বিপদজনক সময় ৷ আজি আমি আপোনাৰ বাবে লৈ আহিছো খাদ্যগ্ৰহণৰ সৈতে এটা ভয়াৱহ খবৰ (Tragic story of food lover) ৷ পঢ়ক আৰু সাৱধান হওক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.