ETV Bharat / state

Scam in Gaon Panchayat: মৈৰাবাৰী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

author img

By

Published : Apr 15, 2022, 6:38 PM IST

চৰম স্বৈৰাচাৰী, ব্যাপক দুৰ্নীতি আৰু লুণ্ঠনৰ অভিযোগত মৰিগাঁও জিলাৰ এগৰাকী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনা হৈছে অনাস্থা প্ৰস্তাৱ ৷ বিগত তিনি বছৰৰ কাৰ্যকালত এখনো সভা অনুষ্ঠিত নকৰি সমুদায় ধন লুণ্ঠন কৰি অহাৰ অভিযোগত অনা অনাস্থা প্ৰস্তাৱত পঞ্চায়তটোৰ গৰিষ্ঠ সংখ্য়ক সদস্য-সদস্যাই স্বাক্ষৰ প্ৰদান কৰে (No confidence motion against Mairabari Panchayant president)

Scam in Gaon Panchayat
মৈৰাবাৰী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ধিং, 15 এপ্ৰিল: মৰিগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰী উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী শ্বেহনাজ বেগম শ্বাহৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে । শ্বেহনাজ বেগম শ্বাহৰ বিৰুদ্ধে অনা হৈছে অনাস্থা প্ৰস্তাৱ (No confidence motion against Panchayat president) ৷

অভিযোগ অনুসৰি পঞ্চায়ত সভানেত্ৰীগৰাকীৰ বিগত তিনি বছৰৰ কাৰ্যকালত ধাৰাবাহিকভাৱে সংঘটিত হৈছিল চৰম স্বৈৰাচাৰী, ব্যাপক দুৰ্নীতি আৰু লুণ্ঠন । ১৭ খন আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যাৰে গঠিত মৈৰাবাৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হোৱা সভানেত্ৰী শ্বেহনাজ বেগম শ্বাহে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা বৰ্তমানলৈকে পঞ্চায়তৰ কোনো সভা-সমিতি অনুষ্ঠিত কৰা নাই ৷ সভা অবিহনেই পুঁজিসমূহ এক পক্ষীয়ভাৱে লুণ্ঠন কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ফলত সদস্য-সদস্যাৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে (Scam allegation against Mairabari Panchayat president)।

মৈৰাবাৰী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

মৈৰাবাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যাসকলে সভানেত্ৰীগৰাকীয়ে দীৰ্ঘদিনে কৰি অহা চৰম প্ৰতাৰণা, স্বৈৰাচাৰী আৰু বিৰুদ্ধাচৰণৰ অভিযোগ তুলি শুকুৰবাৰে অনাস্থা প্ৰস্তাৱ দাখিল কৰে । সভানেত্ৰী শ্বেহনাজ বেগম শ্বাহৰ বিৰুদ্ধে মৈৰাবাৰী আঞ্চলিক পঞ্চায়ত কাৰ্যালয়ত দাখিল কৰা অনাস্থা পত্ৰত মুঠ ১৭ গৰাকী সদস্যৰ ভিতৰত ১৪ গৰাকী সদস্য-সদস্যাই স্বাক্ষৰ কৰে ৷ মৈৰাবাৰী উন্নয়ন খণ্ডৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা এই অনাস্থা পত্ৰখন কিদৰে বাস্তবায়িত কৰে সেয়া সময়তহে ক’ব পৰা যাব ।

লক্ষ্যণীয় বিষয় যে, কংগ্ৰেছ দলৰ সভানেত্ৰী শ্বেহনাজ বেগম শ্বাহৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ সদস্য-সদস্যাসকলেই অনাস্থা প্ৰস্তাৱ দাখিল কৰাত দলটোৰ যে নেতৃত্বতৰ অভাৱ ঘটিছে সেয়া স্পষ্ট হৈ পৰিছে ।

লগতে পঢ়ক: কোন সচাঁ-কোন মিছা : প্ৰকৃততে নগাঁৱৰ এ ডি পি কলেজত হৈছে কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.