ETV Bharat / bharat

উৰন্ত INDIGO বিমানত যাত্ৰীৰ মোবাইলত জুই

author img

By

Published : Apr 15, 2022, 1:51 PM IST

Updated : Apr 15, 2022, 4:18 PM IST

ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী INDIGO বিমানত অঘটন(Accident on INDIGO flight from Dibrugarh to Delhi) । উৰন্ত বিমানৰ ভিতৰত এগৰাকী যাত্ৰীৰ মোবাইলত জুই লগাত হাঁহাকাৰ লাগে বিমানখনৰ ভিতৰত(Fire broke out inside a moving plane) । কেবিন ক্ৰু সদস্যৰ তৎপৰতাত নিৰ্বাপিত জুই ।

passengers phone catches fire mid air on indigo flight say officials
উৰন্ত INDIGO বিমানত যাত্ৰীৰ মোবাইলত জুই

নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল: এক ভয়াবহ দুৰ্ঘটনাৰ পৰা বৃহস্পতিবাৰে কথমপি ৰক্ষা পৰে এখন INDIGO বিমান ৷ উৰন্ত INDIGO বিমানখনৰ ভিতৰত হঠাতে লাগে জুই(Fire broke out inside a moving plane) । কিন্তু বিমান কৰ্তৃপক্ষৰ তৎপৰতাত দৈৱক্ৰমে এক ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে কথমপি যাত্ৰীসকল(Passengers escape dire danger due to readiness of airlines) ।

ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী INDIGO বিমানখনৰ ভিতৰত এগৰাকী যাত্ৰীৰ মোবাইলত হঠাতে অগ্নিসংযোগ হোৱাত হাঁহাকাৰ লাগে বিমানখনৰ যাত্ৰীসকলৰ মাজত । এগৰাকী অসামৰিক বিমান পৰিবহন বিষয়াই প্ৰদান কৰা তথ্যত পোহৰলৈ আহিছে এই তথ্য । উল্লেখিত তথ্য অনুসৰি বৃহস্পতিবাৰে 6E1037 INDIGO বিমানখন ডিব্ৰুগড়ৰ পৰা দিল্লীলৈ উৰা মাৰিছিল । ইয়াৰ মাজতে এগৰাকী ক্ৰু সদস্যই এগৰাকী যাত্ৰীৰ ফোনৰ পৰা জুই আৰু ধোৱা ওলোৱা প্ৰত্যক্ষ কৰে । লগে লগে ক্ৰু সদস্যসকলে অগ্নিনিৰ্বাপকৰ সহায়ত জুই নিৰ্বাপন কৰে ।

দুপৰীয়া ১২.৪৫ বজাত বিমানখন দিল্লী বিমানবন্দৰত সুৰক্ষিতভাৱে অৱতৰণ কৰে । এক বিবৃতি যোগে INDIGO কৰ্তৃপক্ষই কয় যে INDIGOয়ে তেওঁলোকৰ কৰ্মীসকলক যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশিক্ষণ দিয়ে । গতিকে এনেবোৰ জৰুৰীকালীন পৰিস্থিতি তেওঁলোকে অনায়াসে প্ৰতিহত কৰিব পাৰে । ঘটনাটোৰ পৰিপ্ৰেক্ষিতত বিমানখন তথা যাত্ৰীৰ কোনো ক্ষয়ক্ষতি হোৱা নাই বুলিও জানিবলৈ দিয়ে বিমান কৰ্তৃপক্ষই ।

লগতে পঢ়ক: Storm in Barpeta : লুৰফুৰীয়াত ধুমুহাই প্ৰাণ কাঢ়িলে বিশেষভাৱে সক্ষম এগৰাকী যুৱতীৰ

Last Updated :Apr 15, 2022, 4:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.