ETV Bharat / bharat

ছাগলীৰ মাংস খাই ভাল পায় যদি আপুনিও সাৱধান হওক !

author img

By

Published : Apr 14, 2022, 10:26 PM IST

শাৰীৰিক শক্তি অথবা আনন্দৰ লগতে বিভিন্ন সময়ত খাদ্যই মানুহক দিব পাৰে অপৰিসীম যন্ত্ৰণা তথা কিছু বিপদজনক সময় ৷ আজি আমি আপোনাৰ বাবে লৈ আহিছো খাদ্যগ্ৰহণৰ সৈতে এটা ভয়াৱহ খবৰ (Tragic story of food lover) ৷ পঢ়ক আৰু সাৱধান হওক ৷

a-man-died-by-stuck-a-meat-bone-in-his-throat-in-telangana
ছাগলীৰ মাংস খাই ভাল পায় যদি আপুনিও সাৱধান হওঁক !

নেচনেল ডেস্ক, 14 এপ্ৰিল : খাদ্যৰসিকতা প্ৰায় প্ৰত্যেকজন মানুহৰে সহজাত প্ৰবৃত্তি ৷ খাদ্য যদিও আমাৰ মৌলিক প্ৰয়োজন তথাপিও ই কেৱল প্ৰয়োজনতে সীমাবদ্ধ নাথাকি আমাৰ বাবে হৈ পৰে আনন্দ লাভৰো উৎস ৷ বিভিন্ন সময়ত বিভিন্ন খাদ্য গ্ৰহণ অথবা ভোজন বিলাসিতা কাৰণো ভাল নালাগে ৷ শাৰীৰিক শক্তি অথবা আনন্দৰ লগতে বিভিন্ন সময়ত খাদ্যই মানুহক দিব পাৰে অপৰিসীম যন্ত্ৰণা তথা কিছু বিপদজনক সময় ৷ আজি আমি আপোনাৰ বাবে লৈ আহিছো খাদ্যগ্ৰহণৰ সৈতে জড়িত এটা যন্ত্ৰণাদায়ক খবৰ (Tragic story of food lover) ৷

তেলেংগানাৰ সূৰ্যপেট জিলাত সংঘটিত হোৱা এই ঘটনা শুনি আপুনি যিমান আচৰিত হ’ব তাতোকৈ অধিক সাৱধান হোৱাটো আপোনাৰ পৰা আমিও কামনা কৰিছো ৷ এই ঘটনা অনুসৰি, সূৰ্যপেটৰ ভূক্য গোপী ৰাজানায়কে মঙলবাৰৰ দিনা ঘৰতে মুথিয়ালম্মা উৎসৱত অংশগ্ৰহণ (Muthyalamma Festival celebration) কৰিছিল ৷ উৎসৱৰ বাবেই সেইদিনা তেওঁলোকৰ ঘৰত দেৱীৰ আৰধনা কৰাৰ লগতে প্ৰস্তুত কৰা হৈছিল ছাগলীৰ মাংসৰ সুস্বাদু ব্যঞ্জন ৷

যথা ৰীতি পূজা অৰ্চনাৰ লগে লগে পৰিয়ালৰ সকলো একেলগে বহিল খাদ্যগ্ৰহণৰ বাবে ৷ তাতেই সংঘটিত হ’ল অঘটনটো, পৰম আনন্দৰে পৰিয়ালৰ সৈতে খাদ্যগ্ৰহণ কৰি থকাৰ সময়তে, ভূক্য গোপীৰ ডিঙিল লাগি ধৰিল ছাগলীৰ মাংসৰ এটুকুৰা হাড় (meat bone stuck in throat) ৷

প্ৰাথমিক প্ৰচেষ্টাত কোনো সুফল নোপোৱাত লোকজনক লৈ যোৱা হ’ল চিকিৎসালয়লৈ ৷ কিন্তু, দুৰ্ভাগ্যবশতঃ চিকিৎসাগ্ৰহণ কৰি থকা অৱস্থাত তেওঁৰ মৃত্যু হয় । মুথিয়ালম্মাৰ আনন্দৰ মাজতে সংঘটিত এই ঘটনাই এতিয়া, শোকৰ ছাঁ পেলাইছে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে ৷

লগতে পঢ়ক : অন্ধ্ৰ প্ৰদেশৰ এলুৰুত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ৬, আহত ১৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.