ETV Bharat / state

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা : অসমৰ বাবে অশুভ নতুন বছৰ

author img

By

Published : Apr 15, 2022, 5:34 PM IST

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা (Year prediction of Barpeta Satra) অনুসৰি চীন, পাকিস্তানে ভাৰতত আক্ৰমণ কৰাৰ সম্ভাৱনা ৷ ৰাজ্যৰ সকলো ৰাজনৈতিক নেতাই সাৱধানতা অৱলম্বন কৰা প্ৰয়োজন ৷ শনি-মংগলৰ প্ৰতিকাৰৰ বাবে মুখ্যমন্ত্ৰীক দক্ষিণা কালী পূজা আৰু বগলামুখী পূজা কৰাৰ দিহা ৷

Barpeta
বৰপেটা সত্ৰৰ বৰ্ষফল গণনা

বৰপেটা,১৫ এপ্ৰিল : বৰ্ষফল গণনা বৰপেটা সত্ৰৰ এক পৰম্পৰা (Year prediction is a tradition of Barpeta Satra)। এই পৰম্পৰা অনুসৰি প্ৰতিবছৰে পহিলা বহাগত বৰ্ষফল গণনা কৰা হয় । বৰ্ষফল অনুসৰি বছৰটো কেনেদৰে যাব অসম বা ভাৰতৰ বাবে এই বছৰটো কেনেকুৱা হ'ব, ৰাজনৈতিক প্ৰেক্ষাপট কেনে হ'ব, ধৰাত প্ৰকৃতিৰ কেনে প্ৰভাৱ হ'ব আদি চোৱা হয় ।

সেই পৰম্পৰা ৰক্ষা কৰি পহিলা বহাগত বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে শুকুৰবাৰে প্ৰসংগৰ পাছতে বৰপেটা সত্ৰত বিহু গণনা বা বৰ্ষফল গণনা কৰে ৷ বিহু গণনা পাঠ শুনিবলৈ বৰপেটা সত্ৰত বহু লোকৰ সমাগম হোৱা দেখা গৈছে ৷ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে কৰা গণনা অনুসৰি অসমৰ বাবে বছৰটো অশুভ বুলি কোৱা হৈছে ৷

অসমৰ ৰাশি হ'ল কর্কট ৷ ৰাশিফল মতে তৃতীয় স্থানত চন্দ্ৰ, পঞ্চমত কেতু, সপ্তম স্থানত শনি, অষ্টমত শুক্ৰ-মংগল, নৱমত বৃহস্পতি, দশমত ৰবি-বুধ, একাদশত ৰাহুৱে অৱস্থান কৰাত বছৰতো ৰাজ্যখনৰ কাৰণে অনুকুল নহয় ৷ কাৰণ শনিৰ পূৰ্ণদৃষ্টি আৰু ৮ জেঠৰ পৰা ৰাহু কৰ্মস্থানত আৰু কেতু বন্ধুস্থানত অৱস্থান কৰিব ৷

বৰপেটা সত্ৰৰ বৰ্ষফল গণনা

এই বছৰটোত ৰাহু, কেতু আৰু শনিৰ দৃষ্টিৰ ফলত ৰাজ্যত যুদ্ধৰ পৰিৱেশ দেখা যাব ৷ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ মাজত বিবাদ সৃষ্টি হ'ব । ৰাহু শনিৰ দৃষ্টিৰ ফলত যান-বাহন, ৰে'ল, বিমান দুৰ্ঘটনা, ৰক্তপাত, অগ্নিকাণ্ড, বিস্ফোৰণ, হত্যা-লুন্ঠন, অপৰহণ, হিংসাত্মক কার্যকলাপ, চোৰাং ব্যৱসায়, গুপ্তঘাতক আৰু সন্ত্রাসবাদীৰ কার্যকলাপ বৃদ্ধি পাব ।

এই বছৰটো মংগলে ৰাজত্বভাৰ লোৱাত বানপানী, শিলাবৃষ্টি, বজ্ৰপাত, ঘূৰ্ণীবতাহে দেশত অশান্তি পৰিৱেশৰ সৃষ্টি কৰিব আৰু প্ৰাকৃতিক দুৰ্যোগ আৰু ভূমিকম্পৰ ফলত ক্ষতিৰ যোগ আছে ৷ শনি, মংগলৰ ফলত ৰাজনৈতিক, অর্থনৈতিক আৰু খাদ্য সংকটে দেখা দিব আৰু মূল্যবৃদ্ধিয়ে জনগণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিব ।

ইফালে কেতুৰ প্ৰভাৱত ৰাজনৈতিক নেতা, বিশিষ্ট লোকৰ বুদ্ধি নাশ যোগ পৰিলক্ষিত হৈছে ৷ ছাত্ৰ সন্থাৰ বিক্ষোভ, আন্দোলন আদি বৃদ্ধি পাব যদিও ৰাহুৰ কু-প্ৰভাৱত ছাত্ৰ সন্থাৰ মাজত বিভেদ সৃষ্টিৰ সম্ভাৱনা ৷ ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ শপত গ্ৰহণৰ দশা অনুসৰি ৰাজ্যৰ বাবে বৰ্তমান সময়তো অশুভ বুলি কোৱা হৈছে ৷ সেই মতে ১১ জুলাই লৈ কেতু-শনিৰ দশা চলিব আৰু লগতে ৰাহু, কেতু, মংগলৰ প্ৰভাৱত চৰকাৰৰ ওপৰত বিভিন্ন দল, সংগঠন, শ্ৰমিক, ৰাজনৈতিক নেতা, উচ্চ চিন্তাধাৰাৰ ব্যক্তিৰ দ্বাৰা গোপন ষড়যন্ত্ৰ, অপপ্ৰচাৰ বিভেদকামী প্ৰচাৰে চৰকাৰক ব্যতিব্যস্ত কৰি ৰাখিব ৷

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰো বুদ্ধিভ্ৰষ্টৰ যোগ ৷ ৰাজ্যৰ মংগলৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰতিকাৰৰ দিহা হিচাবে দক্ষিণা কালী পূজা আৰু বগলামুখী পূজা কৰাৰ দিহা বৰপেটা সত্ৰৰ দৈৱজ্ঞৰ ৷ বৰ্ষাৰম্ভ চক্রত শনি-ৰাহু-কেতুৰ অশুভ প্ৰভাৱত ৰাজনৈতিক ক্ষেত্ৰত জটিল প্ৰভাৱ পৰিব আৰু শাৰীৰিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সাৱধানে থকাতো মংগলজনক ৷

ইফালে ভাৰত দেশৰ ৰাশি হ'ল মকৰ ৷ জন্মৰাশিত শনি অৱস্থান কৰাত দেশত মৌলবাদী শক্তি, জেহাদী শক্তি বৃদ্ধি পাব । চীন আৰু পাকিস্তানৰ পৰা আক্ৰমণৰো সম্ভাৱনা থকাৰ কথা উল্লেখ কৰে দৈৱজ্ঞই ৷

ৰাহু আৰু কেতুৰ পৰা ৰাজধানী দিল্লীকে ধৰি বিভিন্ন স্থানত আন্দোলন, প্ৰতিবাদ, কূটাঘাটমূলক কার্য বৃদ্ধি, হত্যা, অপহৰণ, বিস্ফোৰণ, সাম্প্রদায়িক সংঘর্ষ, অগ্নিকাণ্ড, বিমান-পথ-ৰে'ল দুর্ঘটনা বৃদ্ধি পাব ।

ভাৰত আৰু অসমত অভাৱনীয়ভাৱে জলবায়ু পৰিৱর্তন, তাপমাত্ৰা বৃদ্ধি আৰু বানপানীৰ প্ৰভাৱত কৃষিভূমিৰ বিস্তৃত ক্ষতিৰ লগতে কীট-পতংগ আদিৰ আক্রমণত উৎপাদিত শস্য নাশৰ যোগ আছে । লগতে বিশিষ্ট শিল্পী, সাহিত্যিক আৰু ৰাজনৈতিক ব্যক্তিৰ মৃত্যুৰ যোগ দেখা যায় ।

লগতে পঢ়ক :বিহুৰ আনন্দৰ মাজতে ডুমডুমাত সংঘটিত হ’ল দুটাকৈ শোকাৱহ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.