ETV Bharat / bharat

Shopian road accident : জম্মু-কাশ্মীৰত শ্বহীদ হ’ল ৰাজস্থানৰ দুই জোৱান

author img

By

Published : Apr 15, 2022, 6:07 PM IST

জম্মু-কাশ্মীৰৰ শ্ব’পিয়ানত চলি থকা সংঘৰ্ষত সন্মুখৰ পৰা নেতৃত্ব দিবলৈ যোৱাৰ পথত দুৰ্ঘটনাত পতিত সেনাৰ এখন বাহন । এই দুৰ্ঘটনাত ৰাজস্থানৰ দুগৰাকীকৈ জোৱান শ্বহীদ (2 jawans of Rajasthan martyred) হয় । মুখ্যমন্ত্ৰী অশোক গেহলটৰ শোক প্ৰকাশ ।

Shopian road accident
শ্বপিয়ানত ৰাজস্থানৰ দুই জোৱান শ্বহীদ

নেশ্যনেল ডেস্ক,১৫ এপ্ৰিল : জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে (Firefight between militants and security forces in Shopian)। শেহতীয়াকৈ শ্বপিয়ানৰ জয়নাপোৰা অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলিৰ ঘটনা সংঘটিত হৈছে । এনে সংঘৰ্ষৰ মাজতে এক শোকাৱহ ঘটনা ।

Shopian road accident
শ্বপিয়ানত ৰাজস্থানৰ দুই জোৱান শ্বহীদ

বৃহস্পতিবাৰে উক্ত অঞ্চলটোত এখন সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয় (Army vehicle accident in Shopian)। দুৰ্ঘটনাটোত তিনিগৰাকীকৈ সেনা জোৱান শ্বহীদ হয় (3 army jawans martyred in the accident)। নিহত জোৱান কেইজনৰ ভিতৰত দুজন ৰাজস্থানৰ । ইয়াৰে এগৰাকী আলৱাৰৰ বাসিন্দা ৰাম অৱতাৰ আৰু আনগৰাকী দৌচাৰ বাসিন্দা পৱন সিং গুৰ্জা ।

Shopian road accident
মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

শোকাৱহ ঘটনাটোক লৈ উদ্বিগ্ন সমগ্ৰ দেশৰ নাগৰিক । ইফালে ৰাজস্থানৰ দুগৰাকীকৈ জোৱানৰ মৃত্যুত সমগ্ৰ ৰাজ্যখনতে শোকৰ ছাঁ পৰা দেখা গৈছে । আলৱাৰৰ বাসিন্দা ৰাম অৱতাৰৰ নশ্বৰ দেহ শুকুৰবাৰে তেওঁৰ বাসগৃহলৈ লৈ যোৱা হ'ব ।

ইফালে সেনা জোৱানগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে পৰিয়াল আৰু সমগ্ৰ অঞ্চলটোত কন্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে । শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে বহু লোক শ্বহীদৰ বাসগৃহত উপস্থিত হোৱা দেখা গৈছে । ইফালে ৰাজস্থানৰ দৌচাৰ পৱন সিং গুৰ্জাৰ বাসগৃহটো শোকৰ ছাঁ পৰিছে । জানিব পৰা মতে ৩ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল পৱন সিং ।

  • जम्मू-कश्मीर के शोपियां में कर्तव्य निर्वहन के दौरान शहीद हुए राजस्थान के सपूत, दौसा निवासी श्री पवन सिंह गुर्जर एवं अलवर निवासी श्री राम अवतार सहित तीन जवानों की शहादत को नमन। इस कठिन घड़ी में हम सभी शहीदों के परिजनों के साथ हैं। घायल जवानों के शीघ्र स्वास्थ्य लाभ की कामना है।

    — Ashok Gehlot (@ashokgehlot51) April 15, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, শ্বপিয়ানত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ চলি থকাৰ সময়তে সেই স্থানত কৰ্মৰত অৱস্থাত আছিল দুয়োগৰাকী সেনা জোৱান । আন সহযোগীৰ সৈতে তেওঁলোকে গৈ থকা অৱস্থাতে তেওঁলোকৰ বাহনখন দুৰ্ঘটনাত পতিত হয় । বাহনখনৰ তলৰ পৰা তিনিগৰাকী জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হয় । তাৰ ভিতৰত আছিল ৰাজস্থানৰ ৰাম অৱতাৰ আৰু পৱন সিং গুৰ্জা (2 jawans of Rajasthan martyred)।

এই শোকাৱহ ঘটনাক লৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শোকপ্ৰকাশ কৰে (Rajasthan CM condoles the death of two jawans)। টুইটযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে শোক বাৰ্তা প্ৰেৰণ কৰে । শ্বহীদ জোৱান কেইজনৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে আহত জোৱানসকলৰ আশু আৰোগ্য কামনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :Encounter at Shopian : জম্মু-কাশ্মীৰত পুনৰ নিহত সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.